পলাশবাৰীত পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক ৰণনীতিৰ কুচকাৱাজ
নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰিবলৈ হেতাওপৰা প্ৰাৰ্থীৰ
পলাশবাৰীত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ উজান
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছতে পলাশবাৰী সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ বিজেপি, কংগ্ৰেছ, আজাপা, অগপ আদি ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত উঠিপৰি লগা দেখা গৈছে ৷ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰ লগতে অসম ফুটবল সংস্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্য,অগপ নেতা কমলা কলিতা,অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৃপেন ঠাকুৰীয়া,আজাপা নেতা পংকজ লোচন গোস্বামীৰ লগতে সমষ্টিটোৰ সমূহ নেতা পালিনেতাবোৰে এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপিত কৰিবলৈ একপ্ৰকাৰে যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি হৈছে ৷ পলাশবাৰী সমষ্টিত বৰ্তমান পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতাকলৈ প্ৰাৰ্থীসমূহৰ মাজত হেতাওপৰা লাগিছে ৷পলাশবাৰী সমষ্টিৰ এটা পঞ্চায়তৰ ৱাৰ্ডত ১০ৰ পৰা ১২ জন প্ৰাৰ্থিত্বপ্ৰত্যাশী হোৱাৰ অনুমান কৰিব পৰা গৈছে ৷ বিগত ৰাভা হাছাং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত পলাশবাৰীৰ ৪ টা সমষ্টিতে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰাৰ পাছত আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বিজেপিয়ে সুন্দৰ প্ৰদশৰ্ন কৰি জয়লাভ কৰিব বুলি সম্পূৰ্ণভাৱে নিশ্চিত থকা দেখা পোৱা গৈছে ৷ আনহাতে পলাশবাৰী সমষ্টিৰ কিছু নেতা উপ নেতাই নোটৰ পৰিৱৰ্তে ভোটৰ অংক কৰাত ব্যস্ত হৈ পৰিছে ৷ বৰ্তমান সময়চোৱাত নিৰ্বাচনত জয়লাভ কৰি গাদী দখল কৰি ক্ষমতাশালী হৈ ৰাইজক লুটিপুটি খোৱাটো একাংশৰ বাবে উৎস হৈ পৰিছে,যাৰবাবে যিকোনো পৰিস্থিতিৰ সম্মুখীন হবলৈও কুণ্ঠাবোধ নকৰে ৰাজনৈতিক নেতাই ৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত জৰ্জড়িত পলাশবাৰী সমষ্টিত ৰাইজৰ দুখ- দুৰ্দশাৰ বুজ লবলৈ জনপ্ৰতিনিধিৰ আহৰি নাই কিন্তু নিৰ্বাচনৰ নামত ৰাইজক প্ৰলোভিত কৰি ভোট সংগ্ৰহ কৰিবলৈ মিছা প্ৰতিশ্ৰুতিবদ্ব হয় ৰাজনেতা ৷ হাতী- মানুহৰ সংঘাত,জল প্ৰদূষণ,বায়ু প্ৰদূষণ,গৰাখহনীয়া,নিবনুৱা সমস্যা,জলবায়ু পৰিৱৰ্তন আদি বিষয়ৰ পৰা ফালৰি কাটি জনপ্ৰতিনিধি সকলে এতিয়া ঋণগ্ৰস্ত অসমীয়া ৰাইজক নিৰ্বাচনৰ গৈনালৈ আৰু অধিক হাৰত ঋণৰ বোজা জাপি দিবলৈ তৎপৰ হৈছে ৷ উল্লেখযোগ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ ৰাজনৈতিক দলৰ নেতা সকলৰ খোৱাকামোৰা কৰা কোনো দলৰ কোন প্ৰাৰ্থীয়ে মাৰিব শেষ হাঁহি সচেতন ৰাইজৰ মাজত সেয়াই সৰ্বত্ৰে চৰ্চা ৷