পলাশবাৰীত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ সংবাদমেল সম্বোধন

পলাশবাৰীত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ সংবাদমেল সম্বোধন

নতুন ঐক্য মঞ্চৰ পৰা পলাশবাৰী বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মালীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি বুধবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাত প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলৰ পূৰ্বে হিয়াৰ আমঠু গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত পলাশবাৰী সমষ্টিৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে,বৰ্তমান সময়ত পলাশবাৰী সমষ্টিত শিক্ষা,স্বাস্থ্য,গড়কাপ্তানী তথা যুৱপ্ৰজন্মৰ মাজত দেখা দিয়া অস্থিৰতা সম্বন্ধীয় বিভিন্ন ক্ষেত্ৰত আলোকপাত কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ পলাশবাৰী সমষ্টিৰ বিধায়কক হেমাঙ্গ ঠাকুৰীয়া কৰ্মৰাজিত অসন্তুষ্টি প্ৰকাশ কৰি অকৰ্মণ্য বিধায়ক ৰূপে আখ্যা দিয়ে উক্ত সংবাদমেলত, আগন্তুক বিধানসভাৰ নিৰ্বাচনত অন্তিমবাৰৰ বাবে পলাশবাৰী বিধানসভা সমষ্টিত নতুন ঐক্য মঞ্চৰ পৰা প্ৰতিনিধিত্ব কৰিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰি ৰাইজৰ পৰা সহায়সহযোগিতা বিচাৰে ৷ পলাশবাৰী বিধানসভা সমষ্টিত চাৰিবাৰকৈ বিধায়ক হৈ থকা সময়ত তেখেতে সমষ্টিত কৰা উন্নয়নমূলক কৰ্মৰাজিৰ ওপৰতো খতিয়ান দাঙি ধৰে এই সংবাদমেলত ৷ বৰ্তমানৰ পলাশবাৰী সমষ্টিৰ বিধায়ক গৰাকীৰ কৰ্মৰাজিত অসন্তুষ্টি প্ৰকাশ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিধায়ক যতীন মালীৰ, বিভিন্ন কেলেংকাৰী,দুৰ্নীতিত নাম সাঙোৰ খোৱা বৰ্তমানৰ বিজেপি বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰ কৰ্মৰাজিত ক্ষোভ উজাৰি অকৰ্মণ্য বিধায়ক ৰূপে আখ্যা দিয়ে প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ পলাশবাৰী সমষ্টিৰ ৰাষ্টাঘাটৰ দুৰৱস্থা,শিক্ষা,স্বাস্থ্য তথা আনআন ক্ষেত্ৰত সমস্যা দূৰ কৰিবলৈ অক্ষম হোৱাত এতিয়া মন আমুৱাইছে সমষ্টিবাসীক বৰ্তমানৰ বিধায়কৰ কৰ্মৰাজিত বুলি মতপোষণ কৰে সংবাদমেলত,উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত যদি যতীন মালীয়ে জয়যুক্ত হয় তেতিয়া হ’লে পলাশবাৰী সমষ্টিৰক উন্নয়নৰ পথত আগুৱাই নিবলৈ প্ৰতিশ্ৰুতি বদ্ধ হয় লগতে ৰাইজে দলেবলে তেখেতক সহযোগ কৰিবলৈ আহ্বান জনাই ৷