“পলক জপাই ৰৈ যোৱা সেমেকা আবেলিটোৰ ভাবিবলৈ যেন আন
একোৱেই নাছিল……”
পলক জপাই ৰৈ যোৱা সেমেকা আবেলিটোৰ ভাবিবলৈ যেন আন
একোৱেই নাছিল……
সময় বাৰিষাৰ সোঁতত হেৰুৱাবলৈয়ো
হয়তো একো বাকী নাছিল…..
ভালপোৱা বেলিটোৰ স্নিগ্ধ হেঙুলীয়া
ৰঙখিনি, বিশাল আকাশৰ ঘনঘোৰ
কেনভাছত সোমাই বিৱৰ্ণ হৈছিল……
উশাহৰ চালিকা শক্তিত জীয়াই থকা
জীৱনে জীয়নৰ বাটত বাৰে বাৰে আহত হৈয়ো সময়ৰ অৱনমিত প্ৰতিশ্ৰুতিতেই
যেন হৃদয়ে ভালপোৱা বোৰ বিচাৰি ফুৰিছিল……..
এটি যাযাবৰ ভাৱনাত নিশাবোৰ গভীৰ হৈছিল অগতানুগতিক ভাবে…..
এক বুজি নোপোৱা উপলব্ধিত দুভজুৱা নিয়মবোৰে কল্লোলিত ধ্বনিত লুটি-বাগৰি
লক্ষ্যস্থানৰ দিশ হেৰুৱাইছিল……..
সলজ্জ মানৱী মৰীচিকাৰ বলি হৈ ভাৱনাই দিগন্ত প্ৰেমৰ আকুলতাত পথে পথে ময়ূখ বিচাৰি ফুৰিছিল.…..
সেই ভাৱনাত ইতিহাস মানৱীয় আছিল
সভ্যতা মানুহেই গঢ়া আছিল
মৰজগতৰ অনুশাসনবোৰত আশাভৰা প্ৰতিশ্ৰুতি আছিল….….
আৰু এক বিশ্বাসী বিশ্বায়নৰ মহানুভৱত সেই ভাৱনাই যেন আকাশ চুবলৈ বিচাৰিছিল……….
……ৰাজীৱ তালুকদাৰ..…….