পলকতে – দীপ্তি মণি মনি গোস্বামী

পলকতে

দীপ্তি মণি মনি গোস্বামী
লখিমপুৰ, লালুক

অ ফলা পঢ়াৰ পাটিতে
টোপনি গৈছিলো
ফলিগুটি মুঠিত লৈ।
সপোন কুঁৱৰীয়ে
হাতত ধৰি লৈ গৈছিল
বৰ্ষাৰণ্যৰ মাজলৈ।
আনন্দমনে তিতিছিলো
গাইছিলোঁ হাঁহিছিলো
সুৰীয়া সময় বুকুত লৈ।
ফল ফুলৰ মলমলীয়া বৃক্ষত
পশু-পক্ষী চৰাই-চিৰিকতিৰ
পুলকিত আলোড়ন হৰ্ষমুখৰ উপবন।
অপূৰ্ণ উপভোগতেই
বিৰাটকায় শব্দৰ খুন্দাত
টোপনি ভাগিল মোৰ।
জৰ জৰ কৈ ঘামিছোঁ
বতাহে ঢুকি পোৱা নাই মোৰ শৰীৰ
অশান্ত দেহা-মন  অস্থিৰ হৈ উঠিছে মন মগজুবোৰ!
ক্ষণিক আগুৱাই গলো
উশাবোৰ ভেটি থিয় হৈ আছে কংক্ৰীটবোৰ
পাহাৰবোৰৰ মুখত বিৰিঙি উঠিছে বিদ্ৰুপৰ হাঁহিবোৰ।