পর্যাপ্ত খাৰুৱা তেল ভাৰতৰ ভাণ্ডাৰত মজুত আছেঃ কেন্দ্রীয় পেট্র ‘লিয়াম মন্ত্ৰী

পর্যাপ্ত খাৰুৱা তেল ভাৰতৰ ভাণ্ডাৰত মজুত আছেঃ কেন্দ্রীয় পেট্র ‘লিয়াম মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ইৰান আৰু ইজৰাইলৰ মাজত চলা যুদ্ধৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ দাম বৃদ্ধি পালেও ভাৰতত এতিয়াও তেলৰ দাম বৃদ্ধি পোৱা নাই আৰু দামবৃদ্ধি হ’লেও ভাৰতৰ বাবে উদ্বিগ্নতাৰ কাৰণ নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্রীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰন্দ্বীপ সিং পুৰীয়ে। হৰমুজ প্রণালী বন্ধ হওক কিম্বা আন কিবা ব্যাঘাতেই জন্মক, ইয়াৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ভাৰত ভাল স্থিতিত আছে বুলি কেন্দ্রীয় পেট্র’লিয়াম মন্ত্ৰী পুৰীয়ে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া হৰমুজ প্রণালীৰে ভাৰতলৈ বৃহৎ পৰিমাণৰ তেল আমদানি নহয়। আমাৰ তেল মার্কেটিং কোম্পানীসমূহে কেইবাটাও সপ্তাহজুৰি বিভিন্ন পথেৰে তেল আমদানি কৰি আহিছে। পর্যাপ্ত খাৰুৱা তেল মজুত আছে। এনে পৰিপ্ৰেক্ষিতত দেশত তেলৰ নাটনি হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে দীর্ঘদিন ধৰি হৰমুজ প্রণালী বন্ধ হৈ থাকিলে দেশতো তেলৰ দাম বৃদ্ধি হোৱাটো নুই কৰিব নোৱাৰি। স্মৰ্তব্য যে বিশ্বৰ তথা এছিয়াৰ আন দেশসমূহৰ দৰে ভাৰতলৈও হৰমুজ প্রণালীৰে তেলকে ধৰি বিভিন্ন সামগ্রী আমদানি কৰা হয়। ৮৫ শতাংশ আমদানিকৃত তেলৰ ওপৰত নিৰ্ভৰশীল ভাৰতে হৰমুজ প্রণালীৰ লগতে আন বিকল্প পথেৰেও বিগত বছৰবোৰত আমদানি কৰি আহিছে। সম্প্ৰতি হৰমুজ প্রণালীৰে ভাৰতে ৪০ শতাংশ তেল আমদানি কৰে। অর্থাৎ প্রতিদিনে ২ নিযুত বেৰেল খাৰুৱা তেল আমদানি কৰে ভাৰতে। বাকী ৪৫ শতাংশ বিভিন্ন পথেৰে ভাৰতলৈ আহে। এই তথ্যৰ আধাৰত জুকিয়াই চালে হৰমুজ প্রণালী বন্ধ হ’লে ভাৰতৰ ওপৰত অতি সহজতে প্ৰভাৱ পৰাৰ সম্ভাৱনা কম। ইৰাক, ছৌদি আৰব, ইউএই আৰু কুৱেইটৰ পৰা ভাৰতে হৰমুজ প্রণালী হৈ তেল আমদানি কৰি আহিছে। হৰমুজ প্রণালী বন্ধ হ’লে ভাৰতে ইৰাক, ইউএই আৰু ছৌদি আৰবৰ পৰা অন্য পথেৰে তেল আমদানি কৰিবলৈ হ’লে তেলৰ মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক। কিয়নো এই তেল সৰবৰাহৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ যে ২০০৬-০৭ বর্ষলৈ ভাৰতে ২৭খন দেশৰ পৰা তেল আমদানি কৰিছিল যদিও ২০২১-২২ত ইয়াৰ সংখ্যা ৩৯লৈ বৃদ্ধি কৰা হৈছে। ৰাছিয়াৰ পৰাই সম্প্ৰতি ভাৰতে ৪০ শতাংশতকৈ অধিক খাৰুৱা তেল আমদানি কৰে। বাকীখিনি আমেৰিকা, ব্রাজিল, পশ্চিম আফ্রিকা আৰু লেটিন আমেৰিকাৰ পৰা আহে। এই আমদানিকৃত তেলখিনি হৰমুজ প্রণালীৰে নাহে। ৰাছিয়াৰ তেল ছুৱেইজ খাল, কেপ অৱ গুড হোপ অথবা প্রশান্ত মহাসাগৰেৰে ভাৰতলৈ আহে। আমেৰিকা, ব্রাজিল আৰু পশ্চিম এছিয়াৰ পৰা হৰমুজ প্রণালীৰ বাইপাছেৰে আহে। ভাৰতলৈ অহা এলএনজিৰ ভিতৰত ৫০ শতাংশৰ অধিকাংশই কাটাৰৰ পৰা আহে। এই এলএনজি বিদ্যুৎ, সাৰ আৰু দেশীয় ইন্ধনত ব্যৱহাৰ কৰা হয়। তেনেদৰে ৰাসায়নিক সামগ্ৰী, ধাতু, সাৰ আৰু খাদ্য-সামগ্ৰী উপ-সাগৰীয় দেশসমূহৰ পৰা আমদানি কৰা হয়। এই সামগ্ৰীসমূহ হৰমুজ প্রণালীৰে আহে। গতিকে এই সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।