পবিত্ৰ ভাদ মাহ
অমৃত গোস্বামী
“ৰাম-কৃষ্ণ মুকুন্দ/
“অ’ ত্ৰাহি ত্ৰাহি গোবিন্দ/
আৰে অ’,তোমাৰ বচন স্বামী”…
ভাতৃসম প্ৰতিবেশী গোঁহায়ে ফোন কৰি কৈছিল–“গোস্বামীদাদা, আজি নাম এষাৰ পাতিছোঁ– এঘাৰমান বজাত পোৱাকৈ আহিব। অ’ হেৰি নহয়,বৌক ক’ব দুপৰীয়া আপোনালৈ ৰান্ধিব নালাগে। ভাত সাজ আমাৰ ঘৰতে খাব,ভকত সকলৰ লগত। আপুনি ভাল পোৱা সম্পূৰ্ণ নিৰামিষ আহাৰ।”
পৰহি অলপ ব্যতিক্ৰম হ’ল,ডিব্ৰুগড়ৰ বাইদেউলৈ সেইদিনা মোৰ দৈনিক ৰুটিনৰ ফোন কৰা নহ’ল। গতিকে গোঁহাইৰ ঘৰৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ মনেৰে নামলৈ বুলি ঠিক যাবলৈ সাজু হওঁতেই,কালি বাইদউৱে নিজেই মোলৈ ফোন কৰিলে। মই বোলো,“ওচৰৰে এঘৰলৈ নামলৈ বুলি মাতিছে,এইয়া যাবলৈ ওলাইছো,আবেলি ফোন কৰিম।” বাইদেউৱে কথা নবঢ়াই ক’লে, “হ’ব দে,যা। নামলৈ মাতিলে নোযোৱাকৈ থাকিব নাপায়। এনেয়েহে,কথা পাছে-পৰেও পাতিব পৰা যাব।”
বহুত দিনৰ মূৰত ধুতি-পাঞ্জাবি পিন্ধিলোঁ, ভাল লাগিল। –নামৰ ঠাঁচটো সৰুতে শুনা আমাৰ ফালৰ ঠাঁচৰ লগত অমিল। যুগল পটল-নামছন্দ। ভাল,ভাল পালোঁ।
সৰুতে নাম-প্ৰসঙ্গত আমি তেনেকৈ ভাগ ল’বলৈ ইচ্ছা নকৰিছিলো। ককাৰ শ্ৰাদ্ধৰ দিনা শ্ৰাদ্ধৰ শেষত নাম এষাৰ গোওৱাটো আমাৰ ঘৰৰ এক পৰম্পৰা আছিল। একেদৰে ঘৰতে বাহুল্য ভাবে অনুষ্ঠিত কৰা ফাকুৱাপূজা ভাগতো,প্ৰতিদিনৰ পূজা হৈ যোৱাৰ পাছতে নাম-প্ৰসঙ্গৰ অনুষ্ঠান হৈছিল। ঘৰতে হোৱা এই নাম-প্ৰসঙ্গ বোৰত ভাগ ল’বলৈ তেতিয়া টান পাইছিলো। দেউতাই কেইবাবাৰো মতাৰ পাছত অৱশ্যে নামৰ শেষৰ আশীৰ্বাদৰ সেৱাটো লৈছিলো।
আমি ডাঙৰ-দীঘল হোৱা ঠাইডোখৰৰ প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰতে সেইসময়ত একোটাকৈ ব্যক্তিগত নামঘৰ আছিল, যাক আমি গোঁসাইঘৰ বুলিছিলো। প্ৰতিঘৰতে প্ৰতিদিনে পুৱাৰ ভাগত ভগৱানৰ নাম-কীৰ্তন হৈছিল; সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰিছিল। সেইবাবে নামত প্ৰত্যক্ষ ভাবে অংশ গ্ৰহণ নকৰিলেও ৰাতিপুৱা শুই উঠাৰ পৰাই আমি ঘোষা-পদ শুনিবলৈ পোৱা ঠাইৰ/ঘৰৰ মানুহ বুলি ক’লেও বঢ়াই কোৱা নহ’ব!
ৰাতিপুৱা আঁঠ মান বজাতে ঘৰৰ একেবাৰে কাষৰ ঘৰৰ,বংশৰে খুৰা ৺বাপুদাদাই তেখেতেসকলৰ ঘৰৰ গোঁসাইঘৰত পুৱাৰ প্ৰসঙ্গ কৰিছিল। তেখেতৰ গলগলীয়া আৰু শক্তিশালী কণ্ঠস্বৰৰ সেই প্ৰসঙ্গৰ নামৰ প্ৰতিটো শব্দকে আমাৰ ঘৰৰ পৰাও ইচ্ছা কৰিলে স্পষ্টকৈ শুনিব পৰা ধৰণৰ আছিল। ৺বাপুদাদাৰ কন্ঠৰ কীৰ্তনপুথিৰ অন্তৰ্গত ‘চতুৰব্বিংশতি অৱতাৰ-বৰ্ণন’ৰ প্ৰথমটো কীৰ্তন ‘জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি’ শুনি মই তেতিয়াই বিশেষ ভাবে আকৰ্ষিত হৈছিলো। এই কীৰ্তনটো পাছতো মই বিভিন্ন পৰিবেশত বহুতো বাৰ শুনিবলৈ পাইছো,কিন্ত বাপুদাদাৰ কণ্ঠ আৰু সুৰে মোৰ মনত এক মচিব নোৱাৰা সাঁচ বহুৱাই থৈছে,আন লোকে যিমানেই সুন্দৰকৈ, যিমানেই সুললিত কণ্ঠেৰে নাগাওক কিয়,মোৰ মনত এই নামটো গোৱাত বাপুদাদাৰ জোৰ কোনেও ল’ব নোৱাৰে। ঠিক একেদৰে মোৰ মনত সাঁচ বহুৱাই থোৱা আন এটা নাম হ’ল ৺মহেন্দ্ৰ খুৰাৰ কণ্ঠত শুনা,নাম ঘোষাৰ ‘হিয়াৰ মাজৰ নামৰ ভাণ্ডাৰ/মুখে বাজ হয় এ’ বোলা ঘোষাটো। সেই নামটোও মই বিশেষ ভাবে ভাল পাইছিলো,আৰু আজিও নামটো মোৰ কাণত ভাহি থাকে। আজিকালি আজৰি সময়ত বা মন ভালে থকাৰ দিনত মাজে-সময়ে ৺ বাপুদাদা আৰু ৺ মহেন্দ্ৰ খুৰাৰ কণ্ঠত তাহানিতে শুনি আকৃষ্ট হোৱা নামবোৰ গুণগুণাই থকাটো মোৰ এটা অভ্যাসত পৰিণত হৈছে। স্বৰ্গীয় মহেন্দ্ৰ খুৰাৰ মাতটো বৰ মিঠা আছিল, আৰু তেখেতৰ মুখমণ্ডলত অনবৰতে এটা হাঁহি বিৰিঙি আছিল। এই কথাখিনি লিখি থাকোতে এতিয়া হেৰাই যোৱা, তেখেতৰ তেতিয়াৰ সেই ছবিখন মোৰ মানসপটত জিলিকি উঠিছে!
এসময়ত আমাৰ বৰ্তমান ডিব্ৰুগড়ত থকা বাইদেউ গুৱাহাটীৰ কাহিলীপাৰাত আছিল। এবাৰ কাহিলীপাৰাৰ,জনকপুৰৰ নামঘৰত বাইদেৱে নামদিওঁতে, বাইদেউতকৈ কম বয়সীয়া মানুহ এগৰাকীয়ে বাইদেউৱে নাম ক’ত শিকিছিলে সুধিছিল। তেনেকৈ সোধোতে বাইদেৱে উত্তৰত কোৱা কথাষাৰ আজি মোৰ মনত পৰিছে। সেইদিনা বাইদেৱে মানুহ গৰাকীক উত্তৰটো এনেকৈ দিছিল–
“তুমিও আৰু ভাল কথাটোকে সুধিছা! নাম আক’ মই ক’ত শিকিম? কোনেও আমাক নাম শিকোৱা নাই দেই। আমি নিজে নিজেই শিকা। আমি নামৰ চৰ্চা শুনিবলৈ পোৱা ঠাইতে জন্ম হোৱা। আমাৰ ককা,মা-দেউতা,সকলোৱে নাম গাইছিলে। শুই উঠিয়েই আমি নামৰ কথা-সুৰকে শুনো। মই যিবোৰ গাওঁ, ভালেই হৈছেনে বেয়াই হৈছে অৱশ্যে তোমালোকেহে জানিবা,কিন্তু সেই সকলোবোৰ মই শুনি শুনিয়েই শিকা।”
বাইদেৱে কোৱাৰ লেখীয়াকৈ আমি সকলোৱে মহাপুৰুষ দুজনাৰ অমূল্যসৃষ্টি নাম-কীৰ্তনৰ সুৰ-তাল কম বেছি পৰিমাণে শুনিয়েই শুনিয়েই আয়ত্ত কৰিছিলো।