পবিত্ৰ ভাদ মাহ
অনামিকা (সংগীতা )কলিতা,শুৱালকুছি
সকলো মাহৰ ভিতৰত ভাদ মাহ” পবিত্ৰ” মাহ হিচাপে অনুভৱ কৰো ।
হৰি নাম ৰসেৰে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী ।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি ।।
মানৱ সমাজক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত প্ৰাচীন কালৰে পৰা এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ধৰ্মীয় ৰীতি-নীতি আধ্যাত্মিক চিন্তা-চেতনাই। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক বাস কৰিলেও মুঠতে সকলো আমি বৃহত্তৰ এটা অসমীয়া জাতি বুলি অভিহিত।এই বৃহত্তৰ অসমীয়াৰ সমাজত প্ৰচলিত কু-সংস্কাৰ পৰা মুক্ত কৰি, পোহৰৰ সন্ধান দেখুৱাই আগবঢ়াই নিয়া আৰু এক শৰণ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতা মহাপুৰুষ দুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ তিৰোভাৱ তিথি ভাদ মাহতে অনুষ্ঠিত হয়।তেখেত মহাপুৰুষ দুগৰাকী পবিত্ৰ ভাদ মাহতে বৈকুণ্ঠ প্ৰয়াণ হৈছিল।গতিকে তেওঁ লোকক স্মৰণ কৰি গোটেই মাহতো সকলো সত্ৰ/নামঘৰতে ৰাতিপুৱা আৰু সন্ধিয়া হৰি নামেৰে মুখৰিত হৈ থাকে। কাৰণ আমাৰ অসমত এই সত্ৰ/নামঘৰ প্ৰতিষ্ঠা হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আশীৰ্বাদত। তেখেতে প্ৰিয় শিষ্য মাধৱদেৱৰ সৈতে আন শিষ্য সকলক লগত লৈ ভাগৱত ধৰ্মৰ ভেটি প্ৰতিষ্ঠাৰ কাৰণে চাৰিহাটি,,দৌলগৃহ,মণিকূট,কীৰ্ত্তনঘৰ আদিত ভক্তগন সমাহাৰে জ্ঞানৰ আলোক বিতৰণ কৰিছিল ,যাক আমি নামঘৰ বুলি কওঁ। ধৰ্ম আৰু কৰ্মত বিশ্বাসী আমাৰ গাঁৱ শুৱালকুছিত গোটেই ভাদ মাহতো হৰিৰ নামেৰে ৰজন-জনাই থাকে।শুৱালকুছিত ভাদ মাহত প্ৰতিদিনে সৰ্বাধিক মুগৰ মাহ -প্ৰসাদ ব্যৱহাৰ হয় ।
প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম এই পবিত্ৰ ভাদ মাহৰ ৰোহিনী নক্ষত্ৰ অষ্টমী তিথিত । ভাৰতবৰ্ষৰ সকলো হিন্দু মানুহে মঠ/মন্দিৰতে হওক বা ঘৰতে উলাহ-মালাহেৰে পালন কৰা দেখা যায়। আমাৰ অসমীয়া সমাজতো শ্ৰীকৃষ্ণৰ জন্মাষ্টমী প্ৰতিটো নামঘৰ/সত্ৰত লগতে প্ৰতিটো পৰিয়ালে পালন কৰে। ল’ৰালিৰ কিছুমান সমধুৰ স্মৃতি মনলৈ আহে। শুৱালকুছি ৰ প্ৰবেশ দ্বাৰৰ কাষত দ-খাল/বিল কেইটামান আছিল ,বৰ্তমান লুপ্ত হ’ল।সেইবোৰৰ নাম দি মাতিছিল শুৱালকুছি বাসীয়ে- সৰু খাৰা ,বৰখাৰা ইত্যাদি। ৰাতিপুৱাই দাদাহতে মকুৱা/পদুম ফুলি আনিবলৈ গৈছিল সেইবোৰ খাল/বিলত ।মকুৱা /পদুমবোৰ আমাক আনি দিয়ে সেইবোৰৰ মালা বনাই সৰু কলপুলি এটি কৃষ্ণ সাজি পিন্ধাই দিওঁ। মাহ/বৰমা হতে বনোৱা পিঠাগুৰি লাৰু আৰু প্ৰসাদ আৰু ৰুটি-ঘুগুনী । কি যে আমেজ সনা পৰিৱেশ আছিল। বৰ্তমান সময়ত পৰিবৰ্তন হ’ল।