পবিত্ৰ বৰদিনৰ মহত্ব
প্ৰতি বছৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে অতি উলহ-মালহেৰে পালন কৰা ধৰ্মীয় উৎসৱৰ অন্যতম হৈছে বৰদিন বা খ্ৰীষ্টমাছ।ইংৰাজী দুটা শব্দৰে গঠিত ‘christ ‘ আৰু ‘mass’ শব্দৰ অৰ্থ হৈছে নিজেই বিচাৰি ল’ব নোৱাৰা সকলৰ প্ৰয়োজন সমূহ পূৰণ কৰা তথা যত্ন লোৱা।বিশ্ব ব্যাপী খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে ২৫ ডিচেম্বৰ দিনটোৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে আৰু প্ৰায় ১ মাহ মানৰ আগৰে পৰাই ইয়াৰ বাবে প্ৰস্তুতি চলায়।
বৰদিনৰ দিনা পুৱা সকলোৱে গা-পা ধুই নতুন কাপোৰ পিন্ধি গীৰ্জা ঘৰলৈ গৈ খ্ৰীষ্টস্তুতি গীত গায় , বাইবেল পাঠ কৰে।প্ৰধান পুৰোহিতে সকলোৰে শান্তি কামনা কৰি আৰ্শীবাদ দিয়ে। ইয়াৰ পাছত গোটেই দিন আনন্দ উৎসৱ হয়।ইজনে সিজনক হিয়া উবুৰিয়াই মৰম যাচে, শুভেচ্ছামূলক কাৰ্ড আদি বিনিময় কৰে, বিভিন্ন ধৰনৰ পিঠা-পনা আদিৰো বিনিময় কৰে।
ৰাজহুৱা বন্ধৰ দিন হিচাপে পালন কৰা এই উৎসৱত দুখীয়াৰ মাজত উপহাৰ তথা অন্যান্য সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰীতি ভোজ আদিৰো আয়োজন কৰা হয় ।যদিও বৰদিনত ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ জন্ম দিৱস হিচাপে পালন কৰা হয় , অৱশ্যে এই উৎসৱৰ মূল হৈছে আত্মাদান আৰু ভাগ -বতৰাত নিহিত হৈ আছে।সেই বাবেই দুখীয়া লোকক খুওৱা, উপহাৰ বিনিময় কৰা তথা আনন্দ -স্ফূৰ্তি কৰাৰ দৰে পৰম্পৰা এটা চলি আহিছে।
খ্ৰীষ্টমাছৰ খ্যাতি পৃথিৱীৰ প্ৰতিটো কোণতে দেখা যায়। বৰদিন মানেই হ’ল বৰ্ণাঢ্য আয়োজন।য’ত পৰিপূৰ্ণ হৈ থাকে কেক, ম’ম, কেৰল তথা বিভিন্ন উপহাৰ।কেক কাটি, গীত গাই(কেৰল গীত), নৃত্য কৰি তথা সমজুৱা ভাৱে সুস্বাদু ব্যঞ্জন উপভোগৰ অন্তত সৰু ল’ৰা- ছোৱালীবোৰে ‘চাণ্টা ক্লুজ’ লৈ অপেক্ষা কৰে। সেই সমজুৱা সকলৰ মাজৰে এজনে ‘চাণ্টাক্লুজ’ হৈ পাৰ্টি ত সমবেত হোৱা ল’ৰা-ছোৱালী সমূহক একোটাকৈ উপহাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে বৰদিনত ‘খ্ৰীষ্টমাছ ট্ৰি’ আৰু চাণ্টাক্লুজ’ এই দুয়োটাই বিশেষ ভাৱে জনপ্ৰিয়।
খ্ৰীষ্টান লোক সকলে অতি আন্তৰিকতা আৰু উলহ-মালহেৰে এই উৎসৱ পালন কৰে।পৃথিৱীত শান্তি স্থাপন আৰু সম ভাব প্ৰকাশ কৰাই এই উৎসৱ পালনৰ মূল কথা বা মূল উদ্দেশ্য।
বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ বাবে সঁচাকৈয়ে এক আনন্দদায়ক আৰু পবিত্ৰ উৎসৱ।যিয়ে সকলোৰে মাজত মৰম-চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ গঢ়ি তোলে।