পবিত্ৰ বান্ধোন – ৰশ্মি ৰেখা দুৱৰা

Pc Styleinthesway

পবিত্ৰ বান্ধোন
(হিমাঙ্গিনীলৈ যুগ্ম-জীৱনৰ শুভেচ্ছাৰে)

ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়

চৌদিশে উখল-মাখল পৰিৱেশ
ওচৰ-চুবুৰীয়া,মাহী-পেহীয়ে ঘৰ ভৰিছে
আনন্দ উল্লাসতে শুভ দিনটো আহি পালে
কোনে,কেনেকৈ সাজিব
আলোচ্য বিষয় হৈ পৰিছে।

তোমাৰ শুভক্ষণত তোমালৈ যাঁচিছো
অজস্ৰ মৰম-ভালপোৱা
পবিত্ৰ এনাজৰীৰে বান্ধ খাই
এজন পুৰুষৰ অৰ্ধাঙ্গিনী হ’বা
স্ফূৰ্তিত চাগৈ তুমি আনন্দত আত্মহাৰা হৈছা,

সকলো ছোৱালীৰে আশা
বিবাহৰ শুভক্ষণটোলৈ
প্ৰিয়জনক কাষত পোৱাৰ অধীৰ হেঁপাহ,

ৰভাতলত আয়তীৰ বিয়ানাম-উৰুলিয়ে
কৰিছে মুখৰিত
কইনাসাঁজত তোমাৰ মুখখনি
পূৰ্ণিমাৰ জোন হৈ উজলিছে
তোমাক চোৱাৰ হেঁপাহতে ৰৈ আছে
অজস্ৰ শুভাকাংক্ষী ।

প্ৰিয়জনৰ লগত মনৰ জোখাৰে সুখী হোৱা
দুয়ো দুয়োৰ লগত বিলীন হৈ
মৰমৰ নৈখন বোৱাই নিয়া দূৰ দিগন্তলৈ।