পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন – বন্দিতা শৰ্মা কন্দলি

Pc The Quint

পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

মৰমৰ অকণিহঁত, চাওঁতে চাওঁতে বছৰটোৰ শেষৰ মাহৰ শেষৰ সপ্তাহ পালেহি! পুৰণি বছৰক বিদায় দি নতুন বছৰটোক আদৰণি জনোৱাৰ সময়। এনে সময়তে অৰ্থাৎ ডিচেম্বৰ মাহৰ পছিশ তাৰিখে খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ পবিত্ৰ উৎসৱ বৰদিন পালন কৰা হয়। ২৫ ডিচেম্বৰ তাৰিখটোক যীশুখ্ৰীষ্টৰ জন্ম দিন হিচাপে ধৰি এই উৎসৱ পালন কৰে। বৰ্তমান এই উৎসৱ কেৱল খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ মাজতে আৱদ্ধ হৈ থকা নাই,আন আন ধৰ্মৰ লোক সকলেও বৰদিনত আনন্দ উল্লাস কৰা দেখা যায়। এই উৎসৱত উপহাৰ প্ৰদান, সংগীত,খ্ৰীষ্টমাছ কাৰ্ডৰ বিনিময় আৰু গীৰ্জাঘৰত আধ্যাত্মিকতাৰে প্ৰাৰ্থনা জনায়। এই দিনটোতে ফাদাৰ খ্ৰীষ্টমাছ ছাণ্টাক্লʼজে ৰাতি মনে মনে আহি শিশু সকলক উপহাৰ দিয়ে বুলি প্ৰবাদ আছে। পুৰণি আখ্যানমতে চতুৰ্থ শতাব্দীত ইটালীৰ ৰোম চহৰত ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুখ্ৰীষ্টৰ জন্ম দিন হিচাপে ধৰি লৈ বৰদিন উৎসৱ পতাৰ প্ৰথম পৰম্পৰা আৰম্ভ হয়। তাৰ পিছৰ পৰাই এই দিনটো খ্ৰীষ্টমাছ ডেʼ হিচাপে পালন কৰা হয়।খ্ৰীষ্টমাছত ধৰ্মীয় দিশৰ লগতে সামাজিক দিশো জড়িত হৈ আছে। যেনে ইজনে সিজনক মৰম চেনেহ যচা, উপহাৰ দিয়া ,প্ৰীতিভোজ খোৱা আদি। বৰদিনৰ মূল অংশ হ’ল ছাণ্টাক্লʼজ আৰু খ্ৰীষ্টমাছ ট্ৰী।ʼছাণ্টাক্লʼজʼ হৈছে ছেইণ্ট নিকোলাছ নামৰ এজন লোক। আনুমানিক ২৮০ খ্ৰীষ্টাব্দত তুৰস্কত জন্ম গ্ৰহণ কৰা নিকোলাছ আছিল তুৰস্কৰ মায়ৰ চহৰৰ গীৰ্জা এটাৰ বিছপ। তেওঁ বৰ দয়ালু আৰু দানী লোক আছিল। তেওঁ পূৰ্বপুৰুষৰ পৰা লাভ কৰা সম্পত্তি ত্যাগ কৰি গাঁৱৰ দুখীয়া লোক সকলক সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁ অভাৱত পৰা শিশুসকলক মনে মনে বস্তু উপহাৰ দি থৈ আহিছিল। তেওঁৰ মৃত্যুৰ বহু বছৰৰ পাছত হে নাৱিক আৰু শিশুসকলৰ ত্ৰাণকৰ্তা ৰূপে পৰিচিত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওলন্দাজ সকলে নিকোলাছক ‘ছিণ্টাৰ ক্লাছ’ (sinter Klass) বুলি মাতিছিল আৰু এই ছিণ্টাৰ ক্লাছেই পাছলৈ ছাণ্টাক্লʼজ হয় বুলি জনা যায়। মুখত বগা দীঘল দাড়ি, দেহত ৰঙা ৰঙৰ পোচাক,টুপিৰে সৈতে ডাঙৰ পেটৰ বৃদ্ধ ছাণ্টাক্লʼজ শিশুসকলৰ বৰ প্ৰিয়। ১৮০৯ চনত ওৱাশ্বিংটন আৰইভিং নামৰ ব্যক্তি এজনে ছাণ্টাক্লʼজক এজন সাধু পুৰুষ বুলি আখ্যা দিয়াৰ লগতে শিশুসকলৰ প্ৰিয় ৰূপ টো দিয়ে।বিশ্বৰ সকলো শিশুৱেই এই ছাণ্টাক্লʼজে বৰদিনৰ দিনা ৰাতি তেওঁ লোকক উপহাৰ দিয়ে বুলি বিশ্বাস কৰে। ছাণ্টাক্লʼজক মঙ্গলৰ প্ৰতীক বুলিও গন্য কৰা হয়। খ্ৰীষ্টমাছ ট্ৰী ও বৰদিনৰ এৰাব নোৱাৰা অংগ। বৰদিনৰ দিনা খ্ৰীষ্টমাছ ট্ৰী জোপা ধুনীয়া কৈ সজোৱা হয়। সাধাৰণতে শংকু আকৃতিৰ অৰ্থাৎ আগ অংশ জোঙা কেকটাছ জাতীয় গছজোপাক খ্ৰীষ্টমাছ ট্ৰী বুলি কোৱা হয় যদিও বৰদিনৰ দিনা গীৰ্জা ঘৰৰ বাগিচাৰ সকলো গছকে সজাই পৰাই তোলা হয়। খ্ৰীষ্টমাছ ট্ৰী ৰ আদৰে গছৰ প্ৰতি থকা মানুহৰ ভালপোৱাৰ কথা কে বুজায়। এই বৰদিন খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ বৰ পবিত্ৰ উৎসৱ। এই উৎসৱে সকলোৰে মনত মৰম চেনেহ,দয়া,ভাতৃত্ববোধ জগাই তোলে। সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছোঁ দেই।