পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে অদম্য মনোবল আৰু সাহসেৰে যুঁজ দি শ্ৰদ্ধাৰ বীৰুবালা ৰাভা বাইদেৱে নাৰীশক্তিৰ নিদৰ্শন দেখুৱাই থৈ গ’ল। পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বাইদেউৰ সান্নিধ্যই যিকোনো পৰিস্থিতিকে নেওচি সমাজৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ আমাক উদ্বুদ্ধ কৰিছিল। বাইদেউৰ দেহাৱসানৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। অসমৰ সমাজ জীৱনৰ বাবে তেওঁৰ বিয়োগ এক অপূৰণীয় ক্ষতি। তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত আত্মীয়-স্বজনলৈ মোৰ গভীৰ সমবেদনা জনালোঁ।