পদ্মশ্ৰী লীলবাহাদুৰ ছেত্ৰীৰ বিয়োগ

পদ্মশ্ৰী লীলবাহাদুৰ ছেত্ৰীৰ বিয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা–  নেপালী ভাষাৰ প্রখ্যাত সাহিত্যিক, শিক্ষাবিদ, পদ্মশ্রী সন্মান তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক লীলবাহাদুৰ ছেত্ৰীৰ যোৱা ১৩ মাৰ্চৰ নিশা ১০ বজাত মহানগৰীৰ মৰাশালিৰ বি বৰুৱা পথৰ নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। অসমৰ গোর্খা সমাজৰ জীৱনগাথাক কথা-সাহিত্যৰ জৰিয়তে তুলি ধৰি দেশবাসীক পৰিচিত কৰাই দিয়াত অগ্রণী ভূমিকা গ্রহণ কৰে। লীলবাহাদুৰ ছেত্ৰীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক সমাজ। উল্লেখ্য যে ১৯৩৩ চনৰ ১ মাৰ্চত গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভত জন্মগ্ৰহণ কৰা লীলবাহাদুৰ ছেত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত প্রবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত উক্ত শিক্ষানুষ্ঠানখনৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে তেওঁ। ১৬ বছৰ বয়সতে ‘শিৱস্তুতি’ শীর্ষক কবিতা সংকলন প্রকাশ পোৱা লীলবাহাদুৰ ছেত্রীক কালজয়ী উপন্যাস ‘বসাই’। তেওঁৰ এইখন উপন্যাস বিশ্বৰ ভিতৰতে নেপালী ভাষাৰ সৰ্বাধিক প্রকাশিত উপন্যাস হিচাপে পৰিগণিত হয়। প্রায় ৪০টা সংস্কৰণ প্ৰকাশ পোৱা ‘বসাই’ৰ আধাৰত নিৰ্মাণ হোৱা ‘বসাই’ অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। ১৯৮৭ চনত ‘ব্রহ্মপুত্রকো ছেও ছাও’ (ব্ৰহ্মপুত্ৰৰ আশে-পাশে)ৰ কাৰণে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। জীৱনকালত তেওঁৰ চাৰিখন উপন্যাস, তিনিটা গল্প সংকলন, ছখন প্রবন্ধ সংকলন, তিনিখন নাটককে ধৰি শতাধিক লেখা-নিবন্ধ প্রকাশ পাইছে। তেওঁৰ উপন্যাস, গল্প, নিবন্ধবোৰ ভাৰত আৰু নেপালৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট আছে। লীলবাহাদুৰ ছেত্রীক ভাৰত চৰকাৰে ২০২০ চনত পদ্মশ্রী সন্মানেৰে বিভূষিত কৰাৰ লগতে নেপাল চৰকাৰে নেপালী সাহিত্যৰ প্ৰতি থকা অৱদানক স্বীকৃতি জনাই ‘জগদম্বাশ্রী’ পুৰস্কাৰ প্ৰদান কৰিছিল। তদুপৰি তেওঁ অসম নেপালী সাহিত্য সভা, অসম গোর্খা সম্মিলনৰ দৰে গোর্খা সংগঠনত জড়িত হৈ সমাজসেৱাত ব্ৰতী হৈছিল। লীলবাহাদুৰ ছেত্রীৰ নশ্বৰদেহ বাসভৱনৰ পৰা পল্টনবজাৰস্থিত নেপালী মন্দিৰ আৰু কেবি বেনার্জী পথস্থিত অসম গোর্খা সন্মিলনৰ মুখ্য কাৰ্যালয়লৈ অনা হয় আৰু তাতে বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্রতিষ্ঠানে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ছেত্ৰীৰ দেহাৱসানত বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাং গোলে, নেপালৰ প্ৰধানমন্ত্ৰী কে পি শর্মা ওলীয়েও শোক প্রকাশ কৰে।