পদ্মশ্ৰী বিৰুবালা ৰাভা- সমাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে হোৱা সংগ্ৰামখনৰ এক সাহসী সেনানী – মানসী মিশ্ৰ

একাঁজলিশ্ৰদ্ধা

পদ্মশ্ৰী বিৰুবালা ৰাভা- সমাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে হোৱা সংগ্ৰামখনৰ এক সাহসী সেনানী

মানসী মিশ্ৰ

আমাৰ ৰাজ্যত অন্ধবিশ্বাস, বিশেষকৈ ডাইনীৰ দৰে ভয়াবহ অন্ধবিশ্বাসৰ বিৰুদ্ধে হোৱা সংগ্ৰামখনৰ এক সাহসী যোদ্ধা পদ্মশ্ৰী বিৰুবালা ৰাভা বাইদেউ। বাইদেৱে লাভ কৰা জীৱনটোৰ বেছিখিনি সময়েই বাইদেৱে আনৰ সুখৰ হকে মাত মাতি তেখেতৰ সংগ্ৰাম খন চলাই লৈ গৈছিল। এই গৰাকী সাহসী সেনানী বিৰুবালা ৰাভা বাইদেৱে ১৩ মে’ ২০২৪ বৰ্ষৰ ৰাতিপুৱা ভাগতে অজান দেশলৈ গতি কৰিলে। এক দীঘলীয়া ইতিহাসৰ যেন অৱসান হ’ল। বাইদেউৰ সৈতে মোৰ এক দীঘলীয় সময়ৰ সান্নিধ্য। তেখেতৰ এই সংগ্ৰাম খন মই বহু ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছোঁ। গতিকে কৰ পৰা আৰম্ভ কৰিম সেয়া যেন কবলৈ অসুবিধা হৈছে। গোৱালপাৰা জিলাৰ এখন অখ্যাত গাঁৱৰ পৰা গৈ বাইদেৱে নিজৰ সাহস আৰু সংগ্ৰামী সত্বাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত হৈছিল। এনে অনুভৱ হৈছে যি সময়ত অন্যায়, অনীতিৰ বিৰুদ্ধে মাত মতা এক প্ৰতিবাদী কণ্ঠৰ আমাৰ সমাজখনত বিশেষভাৱে প্ৰয়োজন হৈছিল, সেইসময়তে এই সাহসী প্ৰতিবাদী কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ হৈ গ’ল। অৱশ্যে জন্মিলে এদিন মৃত্যু হ’বই। বাইদেউৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। আজি প্ৰায় তিনিবছৰ ধৰি বাইদেউ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু অৱশেষত মৃত্যু নামৰ এই চিৰসত্যৰ ওচৰত হাৰ মানিবলগীয়া হ’ল। অসুখত আক্ৰান্ত হৈ কেইমাহ পিছত কিছু সুস্থ হৈ উঠাৰ পিছতেই তেখেতৰ মনোবল সম্পূৰ্ণৰূপে ঘূৰি আহিছিল। সমাজৰ হকে কাম কৰিবলৈ অৰ্থাৎ সমাজত শিপাই থকা অন্ধবিশ্বাস নিৰ্মূল কৰা এই সংগ্ৰাম খনৰ সমুখত থাকি অন্যব্যক্তিসকলক অভয় দান কৰি তেখেতে আগবঢ়াই লৈ গৈছিল। মৃত্যুৰ কিছুদিন আগলৈকে বিৰুবালা ৰাভা বাইদেৱে এই যাত্ৰাত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি আছিল। বাইদেউৰ মনৰ দৃঢ়তা আৰু মনোবল শলাগিবলগীয়া। ভয় আৰু অৱহেলা এইসমূহ কথা বাইদেউৰ ব্যক্তিত্বত নাছিল আৰু সেইবাবেই হয়তো আজিৰ পৰা ত্ৰিশ বছৰ মান আগৰ যিখন ভিতৰুৱা সমাজ অন্ধবিশ্বাস, কুসংস্কাৰেৰে পৰিপূৰ্ণ সেইখন সমাজত ডাইনীৰ দৰে এক ভয়াবহ অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মতাটো এক কঠিন বিষয় আছিল। নিজৰ মনত থকা অত্যন্ত সাহস আৰু দৃঢ়তাৰ বাবে এই সংগ্ৰামখনৰ একেবাৰে সমুখত থাকি আগবঢ়াই লৈ গৈছিল।

এইগৰাকী সংগ্ৰামী সত্বা বিৰুবালা ৰাভা বাইদেউৰ জন্ম হৈছিল অবিভক্ত গোৱালপাৰা জিলাৰ ঠাকুৰভিলা নামৰ এখন পিছপৰা গাঁৱত। আজিৰ পৰা প্ৰায় পয়সত্তৰ বছৰ সেই গাৱঁখনৰ স্থিতি কেনেকুৱা পৰ্য্যায়ৰ আছিল আজিৰ দিনত সেইকথা সহজে অনুমেয়। সেইসময়ত সেই অঞ্চল সমূহত শিক্ষা দীক্ষাৰ কোনো পোহৰ পৰা নাছিল, চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰতো তেনেই অনগ্ৰসৰ আছিল। চিকিৎসাৰ নামত কিছুমান ভুৱাঁ কবিৰাজী চলিছিল। ছোৱালী শিক্ষাৰ অৱস্থা আছিল তেনেই দুখলগা। তথাপিও সেই সময়ৰ সমাজ ব্যৱস্থাত বাইদেউ ষষ্ঠমান শ্ৰেণীলৈকে পঢ়া শুনা কৰিছিল। বাইদেউৰ বুকুত সাহস আছিল অপৰিসীম। বিৰুবালা ৰাভা বাইদেৱে যিখন জনজাতীয় সমাজত বসবাস কৰিছিল সেইখন সমাজত অন্যান্য বহু কুসংস্কাৰ, অন্ধবিশ্বাসেৰে শিপাই আছিল। বাইদেউৰ নিজৰ পৰিয়ালতেই বাইদেৱে তেনে অন্ধবিশ্বাসৰ বলী হৈছিল। বাইদেউৰ পুত্ৰক কম বয়সতে এগৰাকী পৰীৰ লগত বিয়া পাতি নিদিলে বাইদেউৰ পুত্ৰৰ অকাল মৃত্যু হ’ব বুলি জোৰ দি কৈছিল। কিন্তু সেই সময়তে বাইদেউৰ প্ৰতিবাদী সত্বাই প্ৰতিবাদ কৰি উঠিছিল আৰু তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছিল যে এয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো হ’ব নোৱাৰে। সেই সময়ত এই জনজাতীয় সমজখনত যিমানেই টান বেমাৰ আজাৰ নহওঁক কিয়, চিকিৎসকৰ ওচৰলৈ লৈ নগৈছিল। ৰোগীক ঘৰতে ৰাখিয়েই ভুৱা কবিৰাজৰ দ্বাৰা কিছুমান বেজ বেজালি কৰিছিল।যেতিয়া মূমূৰ্ষ অৱস্থাত এগৰাকী ৰোগীৰ মৃত্যু হয়, লগে লগে গাওঁখনৰ কোনোবা এগৰাকী মহিলাৰ অপশক্তিৰ প্ৰভাৱত এনে মৃত্যু হোৱা বুলি ধাৰণা কৰি লয়। বিশেষকৈ গাওঁখনত যদি কলেৰা, গ্ৰহণী, মেলেৰীয়া আদি ৰোগৰ প্ৰাৰ্দুভাৱ হয় তেন্তে কোনোবা অপশক্তিৰ প্ৰভাৱত এনে ঘটনা ঘটি থকা বুলি তেওঁলোকে হাড়ে হিমজুৱে তেওঁলোকে বিশ্বাস কৰে। সেইসময়ত ভুৱা বেজ, কবিৰাজ মাতি আনি বিশেষ মহিলাক চিনাক্ত কৰি বিশেষকৈ একক মহিলা, দুৰ্বল পৰিয়ালৰ মহিলাক বাচিলৈ বেজৰ দ্বাৰা নানা অত্যাচাৰ কৰি তেওঁক নিজকে ‘ডাইনী’ হয় বুলি কবলৈ বাধ্য কৰোৱা হয়। মহিলাগৰাকীয়ে উপায়ন্তৰ হৈ ডাইনী বুলি কোৱাৰ লগে লগে তেওঁৰ ওপৰত অমানুষিক অত্যাচাৰ কৰা হয়, মহিলাগৰাকীৰ সতে পৰিয়ালটোক অত্যাচাৰ কৰি গাওঁৰ পৰা খেদি দিয়া হয়। পৰিয়ালটোৰ সতে জুই পানীৰ সম্বন্ধ নিঃশেষ কৰা হয়। আনকি বহুতক মৃত্যুদণ্ডও দিয়া হয়। মুঠতে ডাইনী অভিযুক্ত এইসকল লোকৰ জীৱন আছিল দুৰ্বিসহ। এটা দুৰ্বিসহ যন্ত্ৰণা লৈ জীয়াই থকা এই মানুহখিনিৰ বাবে মাত মাতিবলৈ সেইসময়ত কোনেও সাহস কৰি আগবাঢ়িব পৰা নাছিল। সেই সময়তে কিন্তু বুকুত এসোপামান সাহস লৈ আগবাঢ়ি আহিছিল বিৰুবালা ৰাভা বাইদেউ। তেখেতে সেই সময়ত আনৰ গালি শপনি খায়ো মানুহখিনিক বহুবুজাবলৈ চেষ্টা কৰিছিল যে ডাইনী নামৰ কোনো বস্তু সমাজত নাই। এইয়া মানুহৰ অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। এইসময়তে বাইদেৱে সেই মানুহখিনিৰ পৰা নানা কৰ্কথনা, গঞ্জনা শুনিব লগীয়া হৈছিল। বাইদেউৰ এই সাহসী সংগ্ৰামখনৰ প্ৰধান সাৰথি হৈছিল ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ দ্বাৰা ৰূপায়িত হৈ থকা মহিলা সমাখ্যা আঁচনিখন যিখন অসমত অসম মহিলা সমতা চচাইটি নামৰ অনুষ্ঠানটোৱে ৰূপায়ন কৰিছিল। বাইদেউৰ ভিতৰত থকা এই সাহস আৰু শক্তিক সৱল আৰু সুপৰিকল্পিতভাৱে আত্ম প্ৰকাশ কৰোৱাই অধিক দক্ষ কৰি তুলিবলৈ বাইদেউক যথেষ্ট প্ৰক্ষিণত দিয়া হৈছিল, বিভিন্ন সমলৰ যোগান ধৰা হৈছিল। ইয়াৰ ফলত বাইদেউৰ সাহস আৰু দক্ষতা বহুখিনি বৃদ্ধি পাইছিল। ইয়াৰ ফলত বাইদেৱে এই দীঘলীয়া সংগ্ৰামখন সফলতাৰে আগবঢ়াই নিবলৈ সক্ষম হৈছিল। বাইদেউৰ এই অন্ধ বিশ্বাসৰ বিৰুদ্ধে সংগ্ৰামী যাত্ৰা কেৱল গোৱালপাৰা জিলাতে সীমা বদ্ধ হৈ থকা নাছিল। কোকৰাঝাৰ, বঙাইগাওঁ,চিৰাং আদি জিলাতো তেখেতে এই সংগ্ৰাম চলাই গৈছিল। ইয়াৰ ফলশ্ৰুতিত বহুলোকে মানি লৈছিল যে ডাইনী নামৰ সমাজত একো বস্তু নাই।এইয়া বহু দীঘলীয়া সময় ধৰি মানুহৰ মনত শিপাই থকা অন্ধবিশ্বাসহে। ডাইনী অধ্যুষিত এলেকা সমূহত ডাইনী জনিত হত্যা,শাৰীৰিক উৎপীড়ণৰ ঘটনা আগৰ তুলনাত বহুখিনি হ্ৰাস হৈছিল। বাইদেৱে এই অন্ধবিশ্বাসৰ বিৰুদ্ধে চলাই থকা সংগ্ৰামৰ ফলশ্ৰুতিতে বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছিল। সাহসিকতাৰ নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা দিশেষ সন্মান পদ্মশ্ৰী লাভ কৰিছিল। বহুবাৰ বিশেষ উপলক্ষত ৰাজ্য চৰকাৰ, ভাৰত চৰকাৰৰ দ্বাৰা সন্মানসূচক মানপত্ৰ লাভ কৰিছিল।এই বিভিন্ন বঁটা অথবা স্বীকৃতি সমূহ আছিল বাইদেৱে তেখেতৰ সংগ্ৰামী যাত্ৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক প্ৰেৰণা। বাইদেৱে অক্লান্ত  সৈনিকৰ দৰে তেখেতৰ যাত্ৰাক আগবঢ়াই  লৈ গৈছিল জীৱনৰ শেষ সময়লৈকে। সময়ৰ ওচৰত হাৰ মানি বাইদেউক আমি কায়িকভাৱে চিৰদিনলৈ বিদায় দিবলগীয়া হ’ল।বাইদেউৰ অক্লান্ত শ্ৰম আৰু সাহস আমাৰ সমাজৰ বাবে সদায় প্ৰেৰণা হৈ থাকক। বাইদেউৰ মহান আত্মাই ভগৱানৰ শ্ৰীচৰণত স্থান লাভ কৰক।