পদ্মশ্ৰী গুৰুচৰণ সিঙক সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত বিশিষ্ট প্ৰশিক্ষক, প্ৰাক্তন ক্ৰিকেটাৰ, দ্ৰোণাচাৰ্য বঁটাপ্ৰাপক তথা পদ্মশ্ৰী গুৰচৰণ সিঙক তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰত সাক্ষাৎ কৰে। ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আৰু ক্ৰিকেটাৰক প্ৰশিক্ষণ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে সোণোৱালে তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু লগতে প্ৰশস্তি পত্ৰ প্ৰদান কৰি গুৰু পূৰ্ণিমা উপলক্ষে শুভেচ্ছা জনায় আৰু আশীৰ্বাদ শিৰত লয়।