পদ্মশ্রী মামাং দাইলৈ অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য্য লুম্বেৰ দাই সোঁৱৰণী বঁটা ১ জুনত অৰুণাচলৰ পাছিঘাটত প্ৰদান কৰিব এই বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৫ বৰ্ষৰ সাহিত্যসূৰ্য্য লুম্বেৰ দাই সোঁৱৰণী বঁটা অহা ১ জুনত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ গান্ধী ছেকেণ্ডেৰী স্কুল তিনিআলিত সাহিত্য সভাই সাহিত্যসূৰ্য্য লুম্বেৰ দাইৰ ৮৫ সংখ্যক জন্মদিবস উপলক্ষে আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে পদ্মশ্রী মামাং দাইক প্রদান কৰিব। অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই আজি কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত জানিবলৈ দিয়া মতে-মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। উপন্যাস ‘দ্যা ব্লেক হিল’-ৰ বাবে ২০১৭ চনত তেওঁ ইংৰাজী ভাষাৰ সাহিত্য অকাদেমি বঁটা লাভ কৰে। ১৯৫৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত জন্ম লাভ কৰা মামাং দাই ‘আদি জনগোষ্ঠী’ক প্রতিনিধিত্ব কৰা আৰু ভাৰতীয় প্রশাসনিক সেৱাৰ বাবে নিৰ্বাচিত অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী মহিলা। সাংবাদিক হিচাপে কাম কৰাৰ সময়ত তেওঁ ‘দ্যা টেলিগ্রাফ’, ‘হিন্দুস্থান টাইমছ’ আৰু ‘দ্যা ছেন্টিনেল’ কাকতত সেৱা আগবঢ়ায়। তেওঁ ৰেডিঅ’ৰ লগতে টি.ভি. এয়াৰ আৰু ইটানগৰ দূৰদৰ্শন কেন্দ্ৰটো কাম কৰিছিল। তেওঁ ইটানগৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক তথা বর্তমান অৰুণাচল সাংবাদিক সংগঠনৰ সভাপতি। ২০১১ চনত তেওঁ অৰুণাচল প্ৰদেশৰ পাব্লিক ছাভিচ কমিশ্যনৰ সদস্যৰূপে নিযুক্ত হয়। ২০০৬ চনত তেওঁৰ প্ৰথম উপন্যাস ‘দ্যা লেজেন্ডচ অফ পেনচাম’ প্রকাশ পায়। তাৰ পৰৱৰ্তী সময়ত ‘স্টুপিড কিউপিড’, ‘দ্যা ব্লেক হিল’, ‘ৰিভাৰ পয়েমছ’, ‘দ্যা বাল্ম অফ টাইম’, ‘হেমব্রেলাইচ লুম’ আৰু মিডচামাৰ চাৰভাইভেল লিৰিক্স’ প্রকাশ পায়। ‘দ্যা বাল্ম অফ টাইম’ কিতাপখন অসমীয়ালৈ অনূদিত হৈছে। ‘দ্যা স্কাই কুইন’ আৰু ‘বান্ছ আপন এ মুনটাইম’ তেওঁ দ্বাৰা ৰচিত লোককথাৰ চিত্ৰিত গ্ৰন্থ। তেওঁৰ অ-কাল্পনিক ৰচনাৱলীসমূহ হৈছে- ‘অৰুণাচল প্রদেশঃ দ্যা হিডেন লেণ্ড’ আৰু ‘মাউন্টেইন হাৰভেষ্টঃ দ্যা ফুড অফ অৰুণাচল প্রদেশ’ আদি। অৰুণাচল প্রদেশ লিটাৰেৰী ছচাইটিৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূব লেখক ফ’ৰামৰ সদস্য, সাহিত্য আৰু সংগীত-নাটক অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য পদত সেৱা আগবঢ়োৱা ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা প্রাপক পদ্মশ্রী মামাং দাইক এই বঁটা প্রদানেৰে অসম সাহিত্য সভাই অসম আৰু অৰুণাচল প্ৰদেশৰ ভাতৃত্ববোধক অধিক শক্তিশালী কৰিব আশা ব্যক্ত কৰিছে। উল্লিখিত যে, এই বঁটা প্রাপক নিৰ্বাচনৰ বাবে সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অলপতে অনুষ্ঠিত এখন সভাত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড° সমুদ্রগুপ্ত কাশ্যপ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° হিতেশ ডেকা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্রশান্ত চক্রবর্তী, অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক তথা সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যনির্বাহক গিৰীণ তামুলী আৰু সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা উপস্থিত থাকে।