পথাৰ
সেউজীয়াকৈ হাঁহিটো মাৰি
পথাৰ খন সজীৱ হৈ উঠে ,
ধাৱমান হয় গাৱলীয়া জীৱন বোৰ
হাঁহিবোৰত বোকা লাগে , কান্দোনবোৰতো….
চৌপাশে কেৱল সেউজীয়া আৰু সেউজীয়াৰ
মাজত বিলীন হৈ ৰয় সকলো ।
পিতাইৰ কেঁচা ঘাম বোৰ সামৰে পথাৰখনে ,
আইৰ ওচৰত বুকু উদঙাই
বানে ধোৱা ভোকবোৰে ৰিঙিয়াই ।
জিলিকি উঠে পিতাইৰ দুচকুত
পথাৰ খনে দি যোৱা সোণালী সপোন ,
অতীতকে পাহৰাই দুয়ো বিলীন হৈ ৰয়
পথাৰখনকে সাৰথি হিচাপে বুকুত বান্ধি লৈ ,
পথাৰ খনে দি যোৱা আশাৰ বতৰা ।
পাহৰাই পেলালে যেন দুয়োয়ে
সেই অমানিশাৰ কুৰিশতিকা
বাট লয় নিতৌ তেওঁলোকে
এক নতুন দিগন্তৰ বুকুলৈ বুলি
আপোন পথাৰখনলৈ বুলি ।
সহাঁৰি হিচাপে পালে দুয়োয়ে
পথাৰখনৰ সুকীয়া মাদকতা ,
আজীৱন দুয়ো সুখী হৈ ৰ’ল
পথাৰখনকে বুকুত বান্ধি ।
কঠীয়াৰ মুঠিবোৰে সপোনগুটি কঢ়িয়াই ,
পথাৰ পিতাইৰ ঘামে ধুই নিয়া
সপোন কঢ়িওৱা আইৰ লগত বুলি
হেঁপাহৰ বিচাৰি ঠিকনা ।
লখিমী শৰ্মা
যোৰহাট