পথচাৰী- সবিতা বেগম, বৰপেটা (অসম)

P.C Freepik
পথচাৰী
হ্যিঃ আৰ্তনাদ
কোনেও নুশুনে কাণপাতি
কোনেও নেচায় পিচলৈ ঘুৰি
প্ৰতিটো গ্ৰহ বিপৰীত প্ৰতিপক্ষ
প্ৰতিটো শব্দৰ নিজস্ব অৰ্থ
থমকি নাযায় এটি ক্ষণ
তোমাৰ মোৰ… ভাবে… !!!
হ্যিঃ কাৰণ মই….
পংগুপাল কল্পনাৰ
বিকল্প পথচাৰী
আৰু এটি পৰাজিত
পৃথিৱীৰ নতুন গল্প ।
মনটো ব্যাকুল হৈ নীৰৱে
উচুপি উচুপি কান্দি উঠে মোৰো
সাৰ্থকতাৰ নিষ্পাপ বতাহটো
এবাৰ গাত বুলাবলৈ
কিন্তু ফুল বোৰ যে মৰহিয়েই  যায় ।
ডিঙিত আপোন স্মৃতিৰ ফাঁচি
আৰু ভঙা ভঙা হাতে লিখা
এমুঠি কৰুণ আকুলতা
ক্ষন্তেকৰ লুকাভাকুৰ লড়াই
বুজিবলৈ যে আমি ব্যৰ্থ।
তথাপি দুৰ্ভাগ্য ক্ৰমে
কান্ধত কুকুৰ লোৱাৰ দৰে
মানুহ যুগে যুগে
হাত চাপৰিৰ যুগ্য প্ৰেমিক।