পত্নীক হত্যা কৰি চৰম সিদ্ধান্ত গ্ৰহণ আৰক্ষী কনিষ্টবলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলাৰ বৰবছাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অসম আৰক্ষীৰ এগৰাকী আৰক্ষী কনিষ্টবলে পত্নীক হত্যা কৰি বাচি ল’লে চৰমপন্থা। বসন্ত শইকীয়া নামৰ অসম আৰক্ষীৰ লেন্সনায়ক এজনে প্রথমে চোকা অস্ত্ৰৰে হত্যা কৰে পত্নীক। তাৰ পিছত বসন্ত শইকীয়াই নিজেও ঘৰৰ পানী টেংকিত চৰম পথ বাছি লয়। পুৱা প্রায় চাৰি বজাত সংঘটিত হয় এই ঘটনাটো। বসন্ত শইকীয়াই জীয়ৰী আৰু পুত্ৰক ঘৰৰ ভিতৰতে আবদ্ধ কৰি বাহিৰৰ পৰা তলা মাৰি সংঘটিত কৰে এই ঘটনা। মাতৃৰ মৰণকাতৰ আর্তনাদ শুনি পুত্র-কন্যাই চিঞৰ-বাখৰ কৰাত প্রতিবেশী আহি তেওঁলোকক ভিতৰৰ পৰা উলিয়াই আনে। বসন্ত শইকীয়াৰ পত্নীৰ নাম হিৰণ শইকীয়া। গৃহ কন্দলৰ কৰুণ পৰিণতিত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অসম আৰক্ষীৰ লেন্সনায়ক বসন্ত শইকীয়া লখিমপুৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত সংলগ্ন পি আই কৰ্টত এবছৰ মানৰ পৰা কৰ্মৰত হৈ আছিল। তেওঁ আজি কাহিলি পুৱাতে উঠি এই অঘটন সংঘটিত কৰে। এটা পানীৰ টেংকিত মূৰটো সুমুৱাই ৰখা অৱস্থাত বসন্ত শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখন জব্দ কৰিছে। আনহাতে, তেজৰ নমুনা সংগ্ৰহ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে।