পতি-পত্নীৰ সম্পৰ্ক
বাহাৰুল ইছলাম (শিক্ষক) ,বালিজান, মৰিগাঁও
পতি-পত্নীৰ সম্পর্ক এক নিবিড় সম্পর্ক, আটাইতকৈ ওচৰ সম্পর্ক, যি সম্পর্কই আনে জীৱন তথা যৌৱনৰ মাদকতা। স্বামী-স্ত্রীৰ সুমধুৰ সম্পর্কই পৃথিৱীত মানুহৰ অস্তিত্ব অক্ষুন্ন ৰাখিছে আৰু পৃথিৱী থকালৈ অক্ষুন্ন ৰাখিব। মানৱ সৃষ্টিৰ পৰা এই ধাৰা অব্যাহত আছে। সঁচাকৈয়ে বিবাহ এক পৱিত্ৰ বন্ধন। সকলো ধৰ্মতে ই এক বৈধ প্ৰথা হিচাপে চলি আহিছে।
হজৰত মোহাম্মদ (ছ:) য়ে কৈছে যে, পৃথিৱীৰ সকলো সম্পদেই সম্পদ কিন্তু তাৰ ভিতৰত আটাইতকৈ উত্তম সম্পদ হৈছে আদৰ্শ স্ত্রী।অৰ্থাৎ স্ত্রী হিচাবে নাৰীৰ মর্যাদাক অনেক উচ্চ কৰা হৈছে । স্বামী ও স্ত্রীৰ মাজত পাৰস্পৰিক সৎ ব্যৱহাৰ আৰু নিতৌ মধুৰ সম্পর্ক থকা উচিত। ইছলামীক জীৱন ব্যৱস্থাত নাৰীক পিতাৰ সম্পত্তিত, স্বামী, সন্তান আৰু মাৰ সম্পত্তিত উত্তৰাধিকাৰী ধার্য কৰা হৈছে । নাৰীক বিয়াৰ সময়ত মোহৰনা বা দেনমোহৰ পোৱাৰ অধিকাৰ দিয়া হৈছে । মোহৰনা মানা কৰা বা তাৰ পৰা জোৰ কৰি ব্যয় কৰাৰ অধিকাৰ স্বামী, পিতা বা ভাই কাকো দিয়া হোৱা নাই । তেখেতে কৈছে, “O young men, those among you who can support a wife should marry, for it restrains eyes (from casting evil glances) and preserves one from immorality; but he who cannot afford It should observe fast for it is a means of controlling the sexual desire.অৰ্থাৎ হে যুৱক, আপোনালোকৰ মাজৰ যিসকলে পত্নীক সমৰ্থন কৰিব পাৰে তেওঁলোকে বিবাহ কৰা উচিত, কিয়নো ই চকুক (বেয়া দৃষ্টি ৰেখাৰ পৰা) নিয়ন্ত্ৰণ কৰে আৰু এজনক অনৈতিকতাৰ পৰা ৰক্ষা কৰে; কিন্তু যিজনে বহন কৰিব নোৱাৰে তেওঁ উপবাস (ৰোজা) পালন কৰিব লাগে কিয়নো ই যৌন আকাংক্ষা নিয়ন্ত্ৰণকৰাৰ এক মাধ্যম।
বাইবেলৰ মতে, স্বামীয়ে নিজৰ শৰীৰক যেনেকৈ ভাল পায়, ঠিক সেইদৰে তেওঁ নিজৰ পত্নীকো ভাল পোৱা উচিত।—ইফিচীয়া ৫:২৫-২৯.
বাইবেলৰ মতে, পত্নীয়ে পৰিয়ালৰ সদস্যসকলক প্ৰেম কৰা উচিত আৰু স্বামীক সন্মান দেখুৱাব লাগে।—তীত ২:৪, ৫.
বাইবেলে বৰ্ণনা কৰিছে যে “যি জনে নিজ ভাৰ্য্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে।” কাৰণ, এজন পুৰুষ আৰু তেওঁৰ পত্নী “তেওঁলোক আৰু দুজন নহয়, কিন্তু এক-দেহ।” (মথি ১৯:৬) গতিকে, পতি-পত্নীয়ে মনত ৰখা উচিত যে যৌন সম্পৰ্ক কেৱল মাত্ৰ তেওঁলোকৰ মাজতহে সীমিত ৰখা উচিত। (হিতোপদেশ ৫:১৫-২১; ইব্ৰী ১৩:৪)
ভাগৱত গীতাত কোৱা হৈছে, “Never hide anything from your partner. Never hurt your partner just for your own feelings”Even if you are in a bad mood, you must not hurt your partner’s feelings or treat them badly. Respect is of utmost importance and tou cannot be selfish. অৰ্থাৎ “কেতিয়াও আপোনাৰ সঙ্গীৰ পৰা একো লুকুৱাব নালাগে। কেৱল আপোনাৰ নিজৰ অনুভূতিৰ বাবে কেতিয়াও আপোনাৰ সঙ্গীক আঘাত নকৰিব” আনকি আপোনাৰ মেজাজ বেয়া হ’লেও, আপুনি আপোনাৰ সঙ্গীৰ অনুভূতিক আঘাত কৰিব নালাগে বা তেওঁলোকৰ সৈতে বেয়া ব্যৱহাৰ কৰিব নালাগে। সন্মান অতি গুৰুত্বপূৰ্ণ আৰু ই স্বাৰ্থপৰ হ’ব নোৱাৰে।”
The Veda ordains that “Dharma must be practiced by man together with his wife and offspring”. “He is only perfect who consists of his wife and offspring.” “Those who have wives can fulfill their obligations in this world; those who have wives truly have a family life; those who have wives can be happy; those who have wives can have a full life.”অৰ্থাৎ বেদে নিৰ্ধাৰণ কৰিছে যে “ধৰ্মক মানুহে তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে একেলগে পালন কৰিব লাগিব”। “তেওঁ কেৱল নিখুঁত যি তেওঁৰ পত্নী আৰু সন্তানক লৈ গঠিত।” “যিসকলৰ পত্নী আছে তেওঁলোকে এই পৃথিৱীত তেওঁলোকৰ দায়বদ্ধতা পালন কৰিব পাৰে; যিসকলৰ পত্নী আছে তেওঁলোকৰ সঁচাকৈয়ে পাৰিবাৰিক জীৱন আছে; যিসকলৰ পত্নী আছে তেওঁলোক সুখী হ’ব পাৰে; যিসকলৰ পত্নী আছে তেওঁলোকে সম্পূৰ্ণ জীৱন যাপন কৰিব পাৰে।”
পতি পত্নীৰ এই সুমধুৰ সম্পর্কতো কেতিয়াবা আউল লাগি যোৱা দেখা যায়। মানুহ মাত্রেই আবেগৰ বহুবৰ্ত্তী হোৱা স্বাভাৱিক। এটি মাৰাত্মক ব্যাধি হৈছে সন্দেহ। এই সন্দেহ হৈছে এক নিৰৱ জুই যি জ্বলি জ্বলি শেষ কৰে শান্তি, শেষ কৰে সু-সম্পৰ্ক। এবাৰ পতিৰ মনতেই হওক অথবা পত্নীৰ মনতে হওক এই বেমাৰে দেখা দিলে তাক নিৰ্মুল কৰা বৰ জটিল। লাহে লাহে এই সন্দেহ বৃদ্ধি হৈয়েই থাকে আৰু এটা সময়ত কাজিয়া, মাৰপিট অথবা সম্পর্ক ছিন্ন কৰা দেখা যায়। কেতিয়াবা এই সন্দেহৰ পৰা হত্যা পৰ্যন্ত কৰা দেখা যায়। সেইদৰে পৰকীয়া কৰাৰ মাধ্যমত বহুত দম্পতি ধ্বংস হোৱা দেখা যায়। স্বামী অথবা পত্নীয়ে হওক এই পৰকীয়া কৰাৰ বাবে ইজনে আনজনৰ পৰা বৰ বেয়াকৈ ছিন্ন হয়। মধুৰ সম্পর্ক জ্বলি পুৰি অন্ত হয়। বিভিন্ন কাৰণত অৱশ্যে পৰকীয়া কৰা দেখা যায়। সেই কাৰণ বোৰ বিচাৰি উলিয়াই উচিত ব্যৱস্থা গ্রহণ কৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।
সাংসাৰিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত খং, ভুল বুজাবুজি ইত্যাদিৰ সূত্রপাত হোৱা স্বাভাৱিক। কিন্তু জীৱশ্ৰেষ্ঠ হিচাপে ধৈর্য, সহ্য কিম্বা সঠিক চিন্তাধাৰাৰে এনে সমস্যা সমাধান কৰাৰ বহুত সুযোগ নথকা নহয়। দুয়োজনে ধৈর্য ধাৰণেৰে আলোচনা কৰিলে এনে সমস্যাৰ সমাধান কৰিব পাৰি। দেখা যায় অনেকেই এনে সমস্যা উদ্ভৱ হ’লে আৱেগিক হৈ বহুদূৰ আগুৱাই যায় আনকি মাৰপিট কৰি হত্যা পৰ্যন্ত কৰা দেখা যায়। কেতিয়াবা এনে পৱিত্ৰ বন্ধন ছিন্ন কৰি পৃথকে থকা দেখা যায়। এনে অৱস্থাত বহুতৰ নিষ্পাপ সন্তান কেইটা বলিৰ পটা হোৱা দেখা যায়। এইবোৰ জানো সঠিক? জীৱশ্ৰেষ্ঠ হিচাপে এনে কৰ্মক স্বীকৃতি দিব পাৰিনে?
আটাইতকৈ ওচৰ সম্পর্কীয় মানুহৰ সৈতে কিবা ভুল বুজাবুজি হ’লে লগে লগে দুয়ো ধৈর্য সহকাৰে আগবাঢ়ি যোৱাটো কাম্য। তেনে ক্ষেত্রত আবেগিক হৈ মধুৰ সম্পর্কক ছিন্ন কৰাটো অমানুহৰ পৰিচয়। কিছু গৱেষণাৰ পৰা দেখা যায় যে, কম উপাৰ্জন অৰ্থাৎ কম বিলাসীতা আৰু ব্যস্ততা পূর্ণ সাংসাৰিক জীৱনত সময় কম দিয়া অথবা যৌনসঙ্গমত কিছু পুৰুষৰ দুৰ্বলতাই সাম্প্রতিক সময়ত পতি-পত্নীৰ সম্পর্কত আউল লগাৰ অন্যতম প্রধান কাৰণ। এই ক্ষেত্ৰত দুয়ো ধৈর্য ধাৰণ কৰি বুজাবুজিৰে সমস্যা সমাধান কৰাৰ সু-ব্যৱস্থা কৰাৰ সুযোগ নথকা নহয়।
মানুহ মাত্রেই ভুল হোৱা স্বাভাৱিক। সাংসাৰিক জীৱনত কিবা সমস্যা উদ্ভৱ হ’লে সতৰ্কতাৰে সময়োপযোগী সিদ্ধান্ত ল’লে এই পৱিত্ৰ বন্ধনক ঘুণে নধৰে। অৱশ্য এই কামত দুয়ো সমভাৱে অংশগ্রহণ কৰা উচিত। পৰস্পৰে কিছু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি হ’লেও এই পৱিত্ৰ ও নিৰৱিচ্ছিন্ন সু-সম্পৰ্ক বজায় ৰাখিব লাগে। নিজৰ নিজৰ দায়িত্ব ও কৰ্তব্য সুচাৰুৰূপে পালন কৰি যাব লাগে আৰু যিকোনো ক্ষণত বন্ধু-বান্ধৱী হিচাপে ব্যৱহাৰ কৰি যাব লাগে। এজনে আনজনক হৃদয়ৰ কুঞ্জ-কাননত আগ স্থান দি আগবাঢ়ি গ’লে সংসাৰ সুখৰ হ’ব। অযথা তৰ্ক-বিতৰ্ক, অশ্লীল ব্যৱহাৰ আৰু বেছি প্ৰশ্নত্তোৰে ভাল নলগা কৰি তোলে।আনহাতে হাঁহি মুখ আৰু সাৱলীল বন্ধু সুলভ ব্যৱহাৰে প্ৰেম ভালপোৱা বৃদ্ধি কৰি সু-সম্পৰ্ক আৰু বেছি মধুময় কৰে। আবেগিক আৰু ঘৃণনীয় কামবোৰ কৰি অনেক দম্পতি ধ্বংস হৈছে লগতে ধ্বংস হৈছে ভৱিষ্যত উজ্জ্বল সম্ভাৱনা থকা সন্তান সমূহ। গতিকে জীৱশ্ৰেষ্ঠৰ এই পৱিত্ৰ বন্ধনক কলংক সানি অপৱিত্ৰ কৰিলে চাৰিঠেঙীয়াও হাঁহিব।