পতিতা
মধুস্মিতা শৰ্মা
সোণাপুৰ
মই মোৰাভিয়াৰ নায়িকা ‘আদ্ৰেলীনা ‘
মই পতিতা,মই গণিকা
তোমালোকৰ ভোকাতুৰ হিয়াক
জুৰ পেলাই
মই হ’লো বেশ্যা,
ক’লা টকাৰ দপদপনিত তোমালোকৰ
লিপ্সাবোৰ দিনে দিনে সাপৰ বাঢ়ি যায়,
আৰু আমাৰ অভাৱবোৰেও পাহাৰ হয়,
পেটৰ পোৰণি আৰু
কলঙ্কৰ বোজা টানি টানি বৰ ভাগৰুৱা !
মহানগৰৰ এন্ধাৰ গলিবোৰত
উজাগৰে থাকোঁ,
অনন্য বেশভূশাৰে গ্ৰাহকৰ অপেক্ষাত !
কোনোবা কামুক পুৰুষৰ উন্মাদ আলিঙ্গনত
নিজকে সোলোকাই এপদ এপদকৈ,
মনৰ ইচ্ছা অনিচ্ছাক আওকাণ কৰি,
মোৰো হৃদয়ৰ কোনোবা চুকত
আলফুলে জাপি থৈছো
এটি সৰগীয় সপোন –
এখন নীলা আকাশৰ আঁৰালত
এগৰাহ সুখৰ ভাত,
এটি প্ৰহৰ উমাল নিদ্ৰাত জীপাল হৈ
অঙ্কুৰণ কৰিবলৈ
বিশ্বাসৰ এটি পূৰঠ বীজ
আঁকাল আৰু প্ৰতাৰণাৰ সোঁতত
পিছলি পিছলি
হেৰাল সপোনৰ আঁট,
মই এতিয়া
মাতৃৰ সেই সাতামপুৰুষীয়া
ঘৃণনীয় পোছাকযোৰকে মেৰিয়াই লৈ
চলাথ কৰোঁ সপোনটোক,
দৰিদ্ৰতাৰ আস্ফালণত
মই ককবকাই আকৌ আঁকি লওঁ কাজল,
মোৰ ক্ষুধাৰ উদ্গিৰণত
কুটি কুটি ফালি পেলাওঁ
আভিজাত্যৰ অহঙ্কাৰবোৰ-
লুটি লওঁ ক’লা টকাৰ খমখমীয়া গোন্ধ
হয় , ময়েই মোৰাভিৰাৰ আদ্ৰেলিনা ।