পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে আলোকপাত আৰু শিশু দিৱসৰ তাৎপৰ্য – নাছিৰ আহমেদ

Pc Indian National Congress
পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে আলোকপাত আৰু শিশু দিৱসৰ তাৎপৰ্য।
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা 
পণ্ডিত জৱাহৰলাল নেহৰুৰ বিষয়ে আলোচনা কৰাৰ আগতে তেওঁৰ “পণ্ডিত” আৰু “নেহৰু” উপাধিৰ মূল উৎস সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
পণ্ডিত জৱাহৰলাল নেহৰুৰ উপৰিপুৰুষ আছিল কাশ্মীৰী পণ্ডিত। তেওঁৰ উপৰিপুৰুষ ৰাজ কৌল আছিল সংস্কৃত আৰু পাৰ্চী ভাষাৰ কাশ্মীৰৰ পণ্ডিত।১৭৭৬ চনত মোগল সম্ৰাট কাওছাৰৰ আমন্ত্ৰণ ক্ৰমে কাশ্মীৰৰ পণ্ডিত ৰাজ কৌলে দিল্লীৰ ওচৰৰ এটি খালৰ পাৰত অৱস্থিত এজন জাগীৰৰ নিৰ্মাণ কৰা বাসগৃহত স্থায়ী ভাৱে থাকিবলৈ লয়। খালক পাৰ্চী ভাষাত নহৰ বুলি কোৱা হয়। এই নহৰ শব্দৰ পৰাই ৰাজ কৌলৰ উত্তৰ পুৰুষ মতিলাল আৰু তেওঁৰ পুতেক জৱাহৰলালে কৌল উপাধি ত্যাগ কৰি নেহৰু উপাধি গ্ৰহণ কৰে। তেওঁৰ উপৰিপুৰুষ কাশ্মীৰী পণ্ডিত হোৱাৰ উপৰিও   তেওঁ নিজেই আছিল এজন ডাঙৰ পণ্ডিত। তেওঁৰ লিখা তিনিখন ইংৰাজী গ্ৰন্থ যেনে, An autobiography or towards freedom,Glimpse of the World, Discovery of India পৃথিৱী বিখ্যাত গ্ৰন্থ হিচাপে পৰিগণিত হৈছে।
পণ্ডিত জৱাহৰলাল নেহৰু ( জন্ম ১৪ নৱেম্বৰ, এলাহাবাদত, মৃত্যু ২৭ মে ১৯৬৪ চন, দিল্লীত) আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰধান নেতা, জাতিৰ পিতা মহাত্মা গান্ধীৰ এজন আগশাৰীৰ যোদ্ধা, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ( ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে মাহ লৈকে) দুৰদৃষ্টিসম্পন্ন, আদৰ্শবাদী, পণ্ডিত আৰু বিশ্বৰ শ্ৰেষ্ঠ কুটনীতিবিদ তিনিজনৰ ভিতৰত যেনে ইংলেণ্ডৰ বিছমাৰ্ক ইটালীৰ মুছলিনী আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ নাম সৰ্বজনবিদিত।
তেওঁ বিখ্যাত আইনজ্ঞ তথা ৰাজনীতিবিদ পিতৃ মতিলাল নেহৰুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ, সৰু কালতে ঘৰুৱা পৰিবেশত পাশ্চাত্য সাংস্কৃতিক পৰিমণ্ডলত ডাঙৰ দীঘল হোৱাৰ উপৰিও ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজত নেচাৰেল বিজ্ঞানত অধ্যয়ন কৰি উঠি বাৰ এট ল অধ্যয়ন কৰাৰ বাবে তেওঁ স্বাভাৱিকতে সমাজতান্ত্ৰিক ভাবধাৰাৰ প্ৰতি আকৃষ্ট হৈছিল। তাৰ পিছত জাতিৰ পিতা মহাত্মা গান্ধীৰ দৰ্শন আৰু নেতৃত্বৰ প্ৰতি অগাধ বিশ্বাস জন্ম হোৱাৰ বাবে ১৯১৬ চনত মহাত্মা গান্ধীয়ে ঘোষণা কৰা ভাৰতৰ স্বাধীনতা আন্দোলনত পিতৃ মতিলাল নেহৰুৰ হাত ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় কৃষক-মজদুৰৰ এক বিদ্ৰোহ আন্দোলনত নেতৃত্ব দি সফলতা লাভ কৰাত ভাৰতত ঘূৰি আহিয়েই অত্যুৎসাহী হৈ বিহাৰৰ চাম্পাৰানত ব্ৰিটিছ শাসকে নীল খেতি কৰা কৃষক-শ্ৰমিকৰ ওপৰত অত্যাধিক কৰৰ বোজা জাপি দিয়াৰ বিৰুদ্ধে সত্যাগ্ৰহ, অহিংস নীতিৰে আন্দোলন আৰম্ভ কৰাৰ সময়তো পণ্ডিত জৱাহৰলাল নেহৰুৱে মহাত্মা গান্ধীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।
এনেদৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীত তেওঁ জাতিৰ পিতাৰ সোঁহাত-স্বৰূপ আছিল। যেনে ১৯১৬ চনত লক্ষ্মৌৰ সন্মিলনত দেশৰ স্বাধীনতা আন্দোলনৰ ঘোষণা, ১৯১৯ চনত ৰাওলাট চুক্তিৰ বিৰুদ্ধে অসহযোগ আন্দোলন, ১৯২০ চনৰ পৰা ১৯২২ চনলৈকে বৃটিছ শাসকৰ বিৰুদ্ধে অসহযোগ আন্দোলন,১৯২৯ চনত পণ্ডিত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত অনুষ্ঠিত লাহোৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত ঘোষণা কৰা পূৰ্ণ স্বৰাজ (Full Independence) ,১৯৩০ চনৰ লোণ আইন অমান্য আন্দোলন, ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনৰ বিৰুদ্ধে অনশন ধৰ্মঘট ঘোষণা,১৯৪২ চনৰ ৮ আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মোম্বাই অধিৱেশনত গ্ৰহণ কৰা ভাৰত ত্যাগ আন্দোলন (Quit India movement) ইত্যাদি সকলো স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু ১৯৩০ চনৰ পৰা ১৯৩৫ চনলৈকে প্ৰায় একেলেথাৰিয়ে কাৰাবাস খাটিব লগীয়া হৈছিল।
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে’ মৃত্যুৰ আগদিনা লৈকে দেশৰ আভ্যন্তৰীন শৃংখলা অটুট ৰখাৰ উপৰিও পৰৰাষ্ট্ৰ নীতিৰ দ্বাৰা আমাৰ দেশ ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰিবলৈ সক্ষম হৈছিল।
ড° ভীমৰাও ৰামজী আম্বেদকাৰে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল যদিও পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰামৰ্শ মতে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক (Democratic), প্ৰজাতন্ত্ৰ (Republic), সমাজতান্ত্ৰিক (Socialist)ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে। পৰৱৰ্তী তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সুযোগ্য দুহিতা ইন্দিৰা গান্ধীয়ে সংবিধান সংশোধনৰ জৰিয়তে এই দেশখন ধৰ্ম-নিৰপেক্ষ ( Secular)ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হয়।
পণ্ডিত জৱাহৰলাল নেহৰুৱে আমাৰ দেশত সংসদীয় চৰকাৰ প্ৰৱৰ্তন ( Parliamentary Government System) কৰি ভাৰতবৰ্ষক শ্ৰেষ্ঠ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিছিল আৰু আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৃহৎ বৃহৎ শিল্পায়ন, আনুবিক শক্তি বৃদ্ধি আৰু মিশ্ৰ অৰ্থনীতিৰ পোষকতা কৰিছিল।
 তৎকালীন ভাৰতৰ আভ্যন্তৰীন কন্দলসমূহ নিয়ন্ত্ৰণৰ সমান্তৰাল ভাৱে পৰৰাষ্ট্ৰ নীতি প্ৰণয়নত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। নেহৰুৱে নিজে সোতৰ বছৰ ধৰি পৰামৰ্শদাতাৰ সহযোগিতাত পৰৰাষ্ট্ৰ নীতিৰ জৰিয়তে বহিৰ্বিশ্বক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ পৰৰাষ্ট্ৰ নীতিৰ মূল বৈশিষ্ট্য আছিল, আদৰ্শগত দৃষ্টিভংগীৰ সৈতে পঞ্চশীল,জোট নিৰপেক্ষতা, সাম্ৰাজ্যবাদ বিৰোধী আৰু বৰ্ণবাদ বিৰোধী।
নেহৰুৰ পৰৰাষ্ট্ৰ নীতিৰ মূল ধাৰণা আছিল —
প্ৰথমতে স্নায়ু যুদ্ধকালীন সময়ত  আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰুছিয়াৰ ব্লকৰ পৰা ভাৰতক সম্পূৰ্ণ ৰূপে নিলগত ৰখা ।
দ্বিতীয়তে ভাৰতবৰ্ষক আন্তৰ্জাতিক পৰ্যায়ৰ সকলো ক্ষেত্ৰতে সুনাম,সততা আৰু বন্ধুত্ব গঢ়ি তোলা।
ভাৰতৰ এই পৰৰাষ্ট্ৰ নীতিত সন্তুষ্ট হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰুছিয়াই ভাৰতৰ লগত বন্ধুত্ব অটুট ৰাখিছিল।
পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰৰাষ্ট্ৰ নীতিসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল
(১) পঞ্চশীল নীতি :- ১৯৫৪ চনৰ ২৮ এপ্ৰিলত স্বাক্ষৰিত পঞ্চশীল নীতিৰ ভিত্তিত জৱাহৰলাল নেহেৰুৱে পৰৰাষ্ট্ৰ নীতি গ্ৰহণ কৰে। সেইবোৰ হ’ল
(ক) অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ওপৰত পাৰস্পৰিক শ্ৰদ্ধা।
(খ) এখন দেশে অইনখন দেশক অনাক্ৰমণ।
(গ) এখন দেশে অইন দেশৰ আভ্যন্তৰীন বিষয়ত হস্তক্ষেপ নকৰা।
(ঘ) সমতা আৰু পাৰস্পৰিক সুবিধা।
(ঙ) শান্তিপূৰ্ণ ভাৱে সহ-অৱস্থান।
কমনৱেলথ গঠন:-  আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫০ চনত ভাৰতক প্ৰজাতন্ত্ৰ দেশ হিচাপে ঘোষণা হোৱাৰ লগে লগে পণ্ডিত জৱাহৰলাল নেহৰুৱে বৃটিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰা দেশসমূহক লৈ পৰস্পৰৰ মাজত সৌহাৰ্দ বজাই ৰাখিবলৈ কমনৱেলথ(Commonwealth )গঠন কৰা।
(৩) জোট নিৰপেক্ষ আন্দোলন:- ১৯৬১ চনত বেলগ্ৰেডত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰচেষ্টাত জোট নিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ হেতুকে টিটো , মিছৰৰ প্ৰেছিডেন্ট নাছেৰ,       উ নু ৰ লগত আমাৰ দেশৰ সুসম্পৰ্ক গঢ়ি উঠে। তেনেদৰে ১৯৬৪ চনত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত নেহৰু-লিয়াকত চুক্তিৰ জৰিয়তে যুদ্ধৰ অৱসান ঘটে। কেৱল ১৯৬২ চনৰ ভাৰত -চীন যুদ্ধৰ ফলত হিন্দী-চীন ভাই ভাই শ্লোগান অৰ্থহীন হৈ পৰিছিল। চীন দেশে ভাৰত-চীনৰ মাজত হোৱা পঞ্চশীল নীতিক বুঢ়া আঙুলি দেখুৱাই চীন দেশে ভাৰতবৰ্ষৰ অন্তৰ্গত অৰুণাচল প্ৰদেশৰ কিছু অংশ সামৰিক শক্তি প্ৰদৰ্শন কৰি চীনৰ অন্তৰ্ভুক্ত কৰি লয়।  জীৱনৰ অন্তিম সময়চোৱাত পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথম বাৰৰ বাবে পৰৰাষ্ট্ৰ নীতিৰ ক্ষেত্ৰত বিফল হৈ মানসিক ভাৱে ভাগি পৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকালতে মৃত্যুক আঁকোৱালি লৈছিল।
পণ্ডিত জৱাহৰলাল নেহৰু এগৰাকী আন্তৰ্জাতিক প্ৰথিতযশা পণ্ডিত, বিখ্যাত ৰাজনীতিজ্ঞ আৰু নতুন ভাৰতৰ নিৰ্মাণৰ শ্ৰেষ্ঠ স্থপতিবিদৰ উপৰিও এটি বিশেষ গুণৰ অধিকাৰী হোৱাৰ বাবে তেওঁ ভাৰত তথা বিশ্ববাসীৰ হৃদয়ত চিৰস্থায়ী সাঁচ বহুৱাবলৈ সক্ষম হৈছে  ; সেয়া হ’ল, তেওঁ শিশুহঁতক প্ৰাণভৰি  ভাল পাইছিল।  কৰ্মব্যস্ততাৰ মাজতো আজৰি সময়খিনি  তেওঁ শিশুহঁতৰ লগত হাঁহি-ধেমালি কৰি সময় অতিবাহিত কৰিছিল আৰু তেওঁলোকক প্ৰায়ে বিভিন্ন ৰঙচঙীয়া আৰু দূৰ্মূল্যৰ উপহাৰ দি আনন্দ দান কৰিছিল। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইসমূহত শিশুহঁতৰ সৈতে নেহৰুৱে সহাস্যবদনে আনন্দ-বিনোদন কৰিছিল । শিশুহঁতেও পণ্ডিত জৱাহৰলাল নেহৰুক চাচা ( খুড়া) নেহৰু বুলি সম্বোধন কৰিছিল। শিশুহঁতৰ মনোৰঞ্জনৰ বাবে ১৯৫৫ চনত Children’s Film Society, India নিৰ্মাণ কৰি শিশুহঁতৰ মনত নিজৰ সংবিধান- প্ৰদত্ত মৌলিক অধিকাৰ, শিক্ষা আৰু কল্যাণ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰি দেশৰ এজন নাগৰিক হিচাপে  সম্পূৰ্ণ ৰূপে সাজু কৰিবলৈ চেষ্টা অব্যাহত ৰখা ।
পণ্ডিত জৱাহৰলাল নেহৰুৱে ঘোষণা কৰিছিল যে, The Children of today will make  the  India of tomorrow. তেওঁ শিশুহঁতক ফুলৰ বাগিচাৰ কোমল কলি বুলি কৈছিল। সিহঁতক সযতনেৰে  আপডাল কৰা উচিত ; কাৰণ সিহঁত দেশৰ এজন যোগ্য নাগৰিক আৰু জাতিৰ ভৱিষ্যৎ । ১৯৫৫ চনলৈকে নৱেম্বৰ মাহৰ ২০ তাৰিখে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে আন্তৰ্জাতিক শিশু দিৱস (International Children’s Day) উদ্ যাপন কৰা হৈছিল। ১৯৬৪ চনৰ ২৭ মে’ত পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ জন্ম দিৱস উপলক্ষে ১৪ নৱেম্বৰত জাতীয় শিশু দিৱস (National Children’s Day) উদ্ যাপন কৰা হৈছে। প্ৰত্যেক বছৰে দেশৰ চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি শিশুহঁতৰ শাৰিৰীক, মানসিক আৰু আৰ্থিক বিকাশৰ বাবে যত্ন কৰা হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে বিচৰা ধৰণে শিশুহঁতৰ মৌলিক অধিকাৰ, শিক্ষা আৰু কল্যাণৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰসমূহে নানা আঁচনি প্ৰস্তুত আৰু ৰূপায়ণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই গৈছে। কিন্তু, বৰ্তমান সময়তো শিশুহঁতে সম্পূৰ্ণ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে, কেৱল বছৰেকত এবাৰ ” শিশু দিৱস” উদ্ যাপন কৰিলেই নহ’ব ; জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে দেশৰ সকলো জনগণে আগবাঢ়ি আহি শিশুহঁতৰ মঙ্গল সাধন কৰিলেহে আমাৰ দেশৰ ভৱিষ্যৎ শিশুহঁত সম্পূৰ্ণ ৰূপে স্বাৱলম্বী হৈ দেশৰ সু নাগৰিক হিচাপে পৰিগণিত হৈ দেশ তথা জাতিৰ ভৱিষ্যৎ উজ্জ্বল কৰি তুলিব।