পঢ়িবলৈ মন যায়
জেফলিন চুলতানা
পঢ়িবলৈ বৰ মন যায়
কেনেকৈনো পঢ়িম
দৰিদ্ৰতা যে মোৰ সপোনৰ হেঙাৰ
সৌৱা, মহাবিদ্যালয়খন
চাই বৰ ভাল লাগে
মন যায় পঢ়িবলৈ
কিন্তু নোৱাৰিম
বহুত টকা লাগিব
হেঁপাহবোৰক লুকুৱাই থৈছোঁ
ইয়াতেই সামৰিব লাগিব শিক্ষা জীৱন
দুবেলা-দুমুঠি খাবলৈয়ে নোজোৰে
পঢ়াৰ কথা আকৌ কেনেদৰে ভাবিম
এৰা, মই দুখ কৰা নাই
তথাপিও বাস্তৱতাক মানিবই লাগিব ।

