পট-পৰিবৰ্তন
“”””””””””””””””
চল্লিশ বছৰৰ আগতে
এইখন শিক্ষা মন্দিৰত পঢ়িছিলোঁ
সৰু সৰু টিনপাতৰ ঘৰ
আলি-কেঁকুৰিবোৰ আছিল কেঁচা।
ল’ৰাৰ তুলনাত ছোৱালী তেনেই তাকৰ
কমনৰুমৰ পৰা শ্ৰেণী কোঠাত সোমাইছিল
ডেকা-গাভৰুৰ সংলাপ নাছিল
শিক্ষক দেৱ তুল্য আছিল।
আজি সেইখন শিক্ষা মন্দিৰত
আছোঁ কৰ্মৰত অৱস্থাত
পকী অট্টালিকা একে শ্ৰেণীকোঠা
সঘনে সংলাপ ডেকা-গাভৰুৰ।
শিক্ষক যেন বাল্যবন্ধু এই কুবেৰৰ জগতত
ক’ত পাবা আৰু পালেও থাকিবা কি শান্তিত
নিৰ্বোধ পোৱালিহঁতে কোনে কাক চিনি পায়
এজনো নাপালোঁ এই কংক্ৰিটৰ জগতত।