পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ অভিযোগত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাক বৰ্খাস্ত 

পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ অভিযোগত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাক বৰ্খাস্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগৰ বাবে মুখ্যমন্ত্ৰী ভগৱন্ত মানে তেওঁক বৰ্খাস্ত কৰে।মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কৈছিল যে চিংলাই চুক্তিৰ বাবে বিষয়াসকলৰ পৰা ১% কমিছন দাবী কৰিছিল। পঞ্জাৱৰ চিএমঅ’য়ে এইটোও কৈছিল যে তেওঁৰ বিৰুদ্ধে দৃঢ় প্ৰমাণ পোৱা গৈছে। ইয়াৰ পূৰ্বে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কোনোবাই উৎকোচ বিচাৰিলে ঘটনা ৰেকৰ্ড কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছিল।