পঞ্চ কন্যাৰ জীৱনদৰ্শন আৰু আজিৰ নৱপ্ৰজন্ম
কানুপ্ৰিয়া ডেকা
স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ
বৰপেটা, হাউলী
ভাৰতীয় পৌৰাণিক সাহিত্যত “পঞ্চ কন্যা” বুলি যিসকল নাৰীক স্মৰণ কৰা হয়, তেওঁলোক হৈছে— অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী। শাস্ত্ৰত উল্লেখ আছে যে এই পাঁচজনী নাৰীৰ নাম স্মৰণ কৰিলে পাপ নাশ হয়। কিন্তু কেৱল ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰতেই নহয়, তেওঁলোকৰ জীৱনদৰ্শন আৰু মানসিক শক্তি আজিৰ নৱপ্ৰজন্মৰ বাবেও গভীৰ প্ৰেৰণা।
প্ৰথমে অহল্যাৰ কথা যদি আলোচনা কৰোঁ ,তেওঁৰ জীৱনত ভুল-বুজাবুজি, অভিশাপ আৰু দীৰ্ঘ একাকীত্বৰ অভিজ্ঞতা আছিল। কিন্তু সেই অন্ধকাৰৰ মাজতো তেওঁ আশাৰ চাকি জ্বলি আছিল। মুক্তিৰ সময়ো আহিলে তেওঁ পুনৰ সন্মান লাভো কৰিলে। ইয়াৰ পৰা নৱপ্ৰজন্মই শিকিব পাৰে—জীৱনত যিমানেই ভুল বা বিপদ আহক, ধৈৰ্য আৰু আত্মবিশ্বাস হে পুনৰ উঠাৰ শক্তি দিয়ে। আজিৰ যুৱসমাজে সামাজিক চাপ, প্ৰতিযোগিতা আৰু মানসিক হতাশাৰ সন্মুখীন হয়; অহল্যাৰ জীৱন তেওঁলোকক আশাবাদী হৈ থাকিবলৈ শিকায়।
দ্ৰৌপদী সাহস আৰু আত্মসম্মানৰ এক উজ্জ্বল প্ৰতীক। ৰাজসভাত অপমানিত হোৱা সত্ত্বেও তেওঁ নীৰৱ নথকা, প্ৰশ্ন কৰিছিল। অন্যায়ৰ সন্মুখত মৌন হৈ থকাটো নহয়, সত্যৰ পক্ষে থিয় দিয়া উচিত—এই শিক্ষাই দ্ৰৌপদীৰ জীৱনৰ মূল সাৰাংশ। আজিৰ নৱপ্ৰজন্মৰ বাবে এই বাৰ্তা অতি গুৰুত্বপূৰ্ণ। অন্যায়, বৈষম্য বা অত্যাচাৰৰ বিৰুদ্ধে সজাগ আৰু সাহসী হোৱা—এইটোহে সঠিক পথ।
কুন্তীৰ জীৱন আছিল ত্যাগ আৰু সহনশীলতাৰ কাহিনী। ব্যক্তিগত দুখ, গোপন বেদনা আৰু কঠিন পৰিস্থিতিৰ মাজতো তেওঁ নিজৰ সন্তানসকলক নৈতিক শিক্ষা দি ডাঙৰ কৰিলে। কুন্তীয়ে দেখুৱাই দিলে যে জীৱনৰ কঠিন বাস্তৱতা গ্ৰহণ কৰি কৰ্তব্যপথত আগবাঢ়ি যোৱাটোৱেই সৰ্বশ্ৰেষ্ঠ শক্তি। নৱপ্ৰজন্মৰ বাবে এইটো এক গুৰুত্বপূৰ্ণ পাঠ—দায়িত্ববোধ আৰু নৈতিকতা জীৱনৰ ভেঁটি।
তাৰা বুদ্ধিমত্তা আৰু বিচক্ষণতাৰ উদাহৰণ। সংঘাতৰ সময়ত তেওঁ যুক্তি আৰু কূটনৈতিক চিন্তাৰে সমস্যাৰ সমাধান বিচাৰিছিল। কেৱল আৱেগেৰে নহয়, যুক্তিবোধেৰে সিদ্ধান্ত লোৱাটো কেনেকৈ প্ৰয়োজনীয়, তেওঁ তাৰ উদাহৰণ। আজিৰ যুগত তথ্য-প্ৰযুক্তি, ৰাজনীতি বা সামাজিক জীৱনত যুক্তিসংগত চিন্তা অতি প্ৰয়োজনীয়; তাৰাৰ জীৱনে সেই শিক্ষা দিয়ে।
মন্দোদৰীৰ জীৱনত আমি দেখোঁ নৈতিক দৃঢ়তা। স্বামীৰ ভুল সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ সতৰ্ক কৰিছিল, ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ উপদেশ দিছিল। যদিও তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰা নহ’ল, তথাপিও তেওঁ নিজৰ নীতি এৰি নিদিলে। ইয়াৰ পৰা নৱপ্ৰজন্মই শিকিব পাৰে—পৰিস্থিতি যিমানেই কঠিন নহওক, নিজৰ মূল্যবোধ ত্যাগ কৰা উচিত নহয়।
পঞ্চ কন্যাৰ জীৱন কেৱল আখ্যান নহয়, ই জীৱনৰ গভীৰ সত্যৰ প্ৰতিফলন। এতিয়া প্ৰশ্ন উঠে—এই দৰ্শনক আজিৰ বাস্তৱ জীৱনত কেনেকৈ প্ৰয়োগ কৰিব পাৰি?
প্ৰথমতে, আত্মচিন্তাৰ প্ৰয়োজনীয়তা। অহল্যাৰ জীৱন আমাক সোঁৱৰাই দিয়ে যে মানুহে ভুল কৰিব পাৰে, কিন্তু ভুলৰ মাজতেই জীৱন থমকি নাথাকে। নিজৰ ভুল স্বীকাৰ কৰি আত্মশুদ্ধিৰ পথ লোৱাটো সাহসৰ কাম। আজিৰ নৱপ্ৰজন্মই যদি আত্মসমালোচনাৰ ক্ষমতা গঢ়ি তোলে, তেন্তে ব্যক্তিগত উন্নতি সহজ হয়। সামাজিক মাধ্যমৰ যুগত বহু সময়ে বাহ্যিক প্ৰদৰ্শনক গুৰুত্ব দিয়া হয়, কিন্তু অন্তৰৰ বিকাশ অধিক গুৰুত্বপূৰ্ণ—এই পাঠ অহল্যাৰ জীৱনৰ পৰা পোৱা যায়।
দ্বিতীয়তে, ন্যায়ৰ পক্ষে থিয় দিয়াৰ মানসিকতা। দ্ৰৌপদীৰ কাহিনী অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ এক শক্তিশালী উদাহৰণ। আজিৰ সমাজত অন্যায় দেখা সত্ত্বেও বহুতে নীৰৱ থাকে। কিন্তু সঠিক কথা কোৱাৰ সাহস থাকিলে সমাজ এখন জ্ঞানী হ’ব। নৱপ্ৰজন্মৰ শিক্ষিত আৰু সচেতন অংশই যদি নৈতিক দায়িত্ব বুজি আগবাঢ়ে, তেন্তে সুস্থ সমাজ গঢ়ি তোলা সম্ভৱ।
তৃতীয়তে, দায়িত্ব আৰু ত্যাগৰ মূল্যবোধ। কুন্তী নিজৰ ব্যক্তিগত কষ্টৰ মাজতো সন্তানসকলক ন্যায়ৰ পথত আগবঢ়াইছিল। ইয়াৰ পৰা শিকিব পাৰি যে ব্যক্তিগত স্বাৰ্থতকৈ বৃহৎ লক্ষ্য অধিক গুৰুত্বপূৰ্ণ। আজিৰ নৱপ্ৰজন্মই যদি কেৱল ব্যক্তিগত সফলতাকেই লক্ষ্য নকৰি সমাজ আৰু পৰিয়ালৰ প্ৰতি দায়িত্ববোধ গঢ়ি তোলে, তেন্তে সৰ্বাঙ্গীন উন্নতি সম্ভৱ।
চতুৰ্থতে, যুক্তিবোধ আৰু সংলাপৰ শক্তি। তাৰা সংকটৰ সময়ত শান্ত আৰু বিচক্ষণ আছিল। আজিৰ যুগত মতভেদ হওঁতে তৰ্ক-বিতৰ্কেৰে সমস্যাৰ সমাধান বিচৰা উচিত, হিংসা বা উত্তেজনাৰে নহয়। শিক্ষিত সমাজত যুক্তিনিষ্ঠ চিন্তা আৰু সহনশীল আলোচনা অতি প্ৰয়োজনীয়।
পঞ্চমতে, নৈতিক দৃঢ়তা। মন্দোদৰী দুষ্ট পৰিৱেশত থাকিও নীতিৰ পথ এৰি নিদিলে। আজিৰ নৱপ্ৰজন্মেও নানা প্ৰলোভন আৰু বিভ্ৰান্তিৰ মাজত থাকে। তথাপিও নিজৰ মূল্যবোধ অটুট ৰাখিবলৈ শিকিব লাগিব। সত্য আৰু ন্যায়ৰ পথ বাছি লোৱাটো কেতিয়াবা কঠিন হয়, কিন্তু সেয়াই দীঘলীয়া সময়ত সাফল্য আনে।
ইয়াৰ উপৰিও, পঞ্চ কন্যাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ দিশ হৈছে—সংকটক শক্তিত ৰূপান্তৰ কৰা। তেওঁলোকৰ জীৱনত সুখতকৈ দুখেই অধিক আছিল, তথাপিও তেওঁলোক ইতিহাসত স্মৰণীয়। আজিৰ যুৱসমাজে ব্যৰ্থতাক অন্তিম বুলি ধৰি নোলোৱাকৈ শিক্ষাৰ অংশ হিচাপে গ্ৰহণ কৰিব লাগে। প্ৰতিটো বিপদেই নতুন শিক্ষা দিয়ে।
পঞ্চ কন্যাৰ জীৱনদৰ্শন মানৱীয় শক্তি, নৈতিকতা আৰু আত্মমৰ্যাদাৰ এক জ্বলি থকা চাকি। এই আদৰ্শসমূহ যদি নৱপ্ৰজন্মৰ চিন্তা আৰু আচৰণত প্ৰতিফলিত হয়, তেন্তে সমাজ অধিক ন্যায়সংগত আৰু সুস্থ হ’ব। অতীতৰ এই মহীয়সী নাৰীচৰিত্ৰসমূহে আমাক শিকাই যে জীৱনৰ সঁচা বিজয় বাহ্যিক ক্ষমতাত নহয়, অন্তৰৰ সততা আৰু সাহসত নিহিত।
