পঞ্চ ইন্দ্ৰিয়ৰ অন্যতম আমাৰ কেমেৰাটো – বন্দিতা শৰ্মা কন্দলি

পঞ্চ ইন্দ্ৰিয়ৰ অন্যতম আমাৰ কেমেৰাটো

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

আমাৰ চকুযোৰে কেমেৰাৰ দৰে বস্তু দেখিলেই ফটো তুলি ৰাখে নহয়নে বাৰু! আমাৰ চৌপাশৰ বাৰেবৰণীয়া পৃথিৱীখনৰ ৰং সমূহ চিনি পোৱাত সহায় কৰে চকুৱে। নেদেখাকৈ আমি ৰং চিনিব নোৱাৰোঁ।চকু দুটা মুদি দিলে আন্ধাৰ হৈ থকা যেন অনুভৱ হয়। আমাৰ এই কেমেৰটোৱে কেনেদৰে কাম কৰে জানো আহা:কোনো এটা বস্তু যদি আন্ধাৰত থাকে , আমি পোহৰত থাকিলেও কিন্তু বস্তুটো দেখা নাপাওঁ। অৰ্থাৎ বস্তুটোত পোহৰ পৰি সেই পোহৰ আহি আমাৰ চকুত সোমালেহে আমি বস্তু টো দেখা পাম। চকুৰ আকৃতি আমি গোলাকৃতিৰ বুলিয়েই ক’ব পাৰোঁ নহয়নে বাৰু! চকুৰ বাহিৰৰ আৱৰণটো দেখাত বগা। সন্মুখত কৰ্ণিয়া নামৰ এখন পাতল ছাল থাকে। এই কৰ্নিয়াৰ মাজেৰে পোহৰ চকুত সোমায়।কৰ্ণিয়াৰ পিছফালে আইৰিচ নামৰ ঘন ৰঙৰ পেশীৰ গাঁথনি এটা থাকে। আইৰিচত ছিদ্ৰ এটা থাকে , সেই ছিদ্ৰ টোকে চকুৰ মণি বুলি কোৱা হয় । চকুৰ মণিৰ আকাৰ আইৰিছে নিয়ন্ত্ৰণ কৰে। আইৰিছৰ বাবেই চকুৰ মণিৰ ৰং বেলেগ বেলেগ দেখা যায়। আইৰিছে চকুলৈ অহা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। চকুৰ মণিৰ পিছফালে মাজভাগ ওফন্দা প্ৰকৃতিৰ লেন্স এখন থাকে। এই লেন্স খনে চকুৰ পিছফালে থকা পৰ্দাত অৰ্থাৎ অক্ষিপট বা ৰেটিনাত বস্তুটোৱৰ পৰা অহা পোহৰ পেলায়। এই অক্ষিপটত বহুতো স্নায়ুকোষ থাকে। স্নায়ুকোষে অনুভৱ কৰা অনুভুতি বোৰ নেত্ৰস্নায়ু ৰ জৰিয়তে মগজুলৈ যায় । তাৰ পিছত মগজুৱে বিশ্লেষণ কৰি সঠিক ৰূপত দৃষ্টিৰ অনুভূতি জগায়।

কোনো বস্তুৰ প্ৰতিবিম্বৰ সাঁচ অক্ষিপটত প্ৰায় 1/16 ছেকেণ্ড পৰ্যন্ত ৰৈ যায়। সেয়ে বস্তু এটাৰ ছবি আমাৰ মনত থাকি যায়। আমাৰ চকুৰ পতাই চকুত যিকোনো বস্তু সোমোৱাত বাধা দিয়ে। প্ৰয়োজন নহ’লে চকুলৈ পোহৰ সোমাবলৈয়ো নিদিয়ে।

চকুযোৰ এনে এবিধ সঁজুলি যাৰ সহায়ত আমি দূৰৰ আৰু ওচৰৰ সকলো বস্তুৱেই দেখা পাওঁ। স্বাভাৱিক চকুৰে পঢ়িব পৰা সুবিধাজনক দূৰত্ব হৈছে প্ৰায় 25 চেণ্টিমিটাৰ। আমাৰ চকু দুটা হোৱাৰ বাবে কি কি সুবিধা হৈছে কেতিয়াবা ভাবি চাইছা নে বাৰু? এটা চকুত কৈ দুটাই বহল অংশ দেখো। অৰ্থাৎ 180° প্ৰসাৰ দেখা পোৱা যায়। তাৰোপৰি দুটা হোৱাৰ বাবে কম পোহৰত বস্তু দেখা পোৱাত সহায় হয়। আমাৰ চকু দুটা মূৰৰ সন্মুখৰ ফালে থকা বাবে পিছফালে দেখা নাপাওঁ।

কেঁকোৰাৰ চকু ক’ত অৱস্থিত মন কৰিছানে? কেঁকোৰাৰ চকু সৰু যদিও চাৰিওফালে একে সময়তে চাব পাৰে। সহস্ৰাধিক ক্ষুদ্ৰ চকুৰে গঠিত পখিলাৰ চকুৰ আকাৰ ডাঙৰ বাবে সিহঁতে চাৰিওফালে দেখা পায়। আমি আমাৰ চকুৰ গুৰুত্ব বুজি যত্ন লব লাগে। সূৰ্য বা তীব্ৰ পোহৰৰ উৎসলৈ পোনপটীয়াকৈ চাব নালাগে। চকুত লেতেৰা হাত বা কাপোৰ লগাব নালাগে। পৰিষ্কাৰ পানীৰে ধুব লাগে। নিৰ্দিষ্ট দূৰত্বত ৰাখিহে কিতাপ পঢ়িব লাগে।