পঞ্চায়ত নিৰ্বাচন হেলিকপ্টাৰ উৰুৱাই প্ৰচাৰ চলাইছেঃঅজাপ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনত কেতিয়াও নেদেখা দৃশ্য দেখিলো৷- এই মন্তব্য অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ৷আজি মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদ মেলত এইদৰে মন্তব্য প্ৰদান কৰে ভূঞাই৷তেওঁ পুনৰ কয়-কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে৷হেলিকপ্তাৰ উৰুৱাই পঞ্চায়ত নিৰ্বাচন চলাইছে৷গ্ৰাম্য অৰ্থনীতি আৰু গ্ৰাম্য স্বাৰজ উন্নয়নৰ নিৰ্বাচন হ’ব লাগিছিল৷ মুখ্যমন্ত্ৰীয়ে দিব লগা উত্তৰ বহুত আছিল৷স্বাস্থ্য , শিক্ষা , মুল্যবৃদ্ধি , জল জীৱন মিছনত হোৱা কেলেংকাৰী এইবোৰ চৰ্চা হ’ব লাগিছিল৷ প্ৰশ্ন কোনেও নুসুধিলে ৰাইজে নুসুধিলে , সাংবাদিকে নুসুধিলে ৷এইবাৰ আকৌ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক লৈ নতুন ইচ্ছু৷গৌৰৱ গগৈ প্ৰসংগত মল্লিকাৰ্জুন খাৰ্গেক দিব অভিযোগ৷কয়লা খননৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন জগদীশ ভূঞাৰ৷কয়লা অবৈধ সৰবৰাহ চলি আছে৷ এতিয়াও প্ৰায় ১০০ খন ট্ৰাক আজিও দৈনিক সৰবৰাহ চলি আছে৷অবৈধ ছিণ্ডিকেট চলি আছে অসম আৰক্ষী এক্তিয়াৰ বাহিৰত তদন্ত কৰিবলৈ দিল্লীত আছে৷আৰক্ষী সঞ্চালক প্ৰধানক অভিযোগ দিছিলো৷ চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যত অবৈধ কয়লা খনন আৰু সৰবৰাহ চলি আছে৷মুখ্যমন্ত্ৰীক প্ৰশ্ন ছিণ্ডিকেট , কয়লা সৰবৰাহ আপোনাৰ নেতৃত্বত চলি আছে নে নাই উত্তৰ দিয়ক৷মুখ্যমন্ত্ৰীৰ বিষয় এক্তিয়াৰ বাহিৰত নহয় ৷ কাজ্যত চলি থকা ছিণ্ডিকেট আৰু অবৈধ সৰবৰাহ এইবোৰ বিষয়হে আপোনাৰ৷ দেবলাল গাৰ্লোছা , তুলিৰাম ৰংহাং জৰিত নহয় বুলি কলেও , দেবলাল গাৰ্লোচা জৰিত আছে৷NOC দেখুৱাই দেবলাল গাৰ্লোচা বিৰুদ্ধে বিষ্ফোৰক অভিযোগ জগদীশ ভূঞাৰ৷ডিমা হাচাউত কয়লা খননৰ NOC কেনেকৈ দিছে৷মুখ্যমন্ত্ৰীক তাৎক্ষণিক তদন্তৰ দাবী৷ আৰক্ষী স্মাৰ্টনেচৰ ওপৰতো প্ৰশ্ন৷পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীক মাতি আনি থানাত বহাই থৈছে৷কণী,শিল,বালি ,পান, গৰু আদি ছিণ্ডিকেট চলি আছে এইবোৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক মন্তব্য প্ৰকাশ কৰিবলৈ আহ্বান৷মহিলা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত মন্তব্য৷কংগ্ৰেছৰ চৰকাৰৰ সেই সময়ত শক্তিশালী মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা৷৫ বছৰতে হিমন্ত বিশ্ব শৰ্মাই ২৫ বছৰৰ বাবে লুট কৰিলে৷চৰকাৰৰ কুকৰ্ম দস্তাবেজ দীঘলীয়া হৈ গৈ আছে৷মুক্ত নিৰ্বাচন হোৱা হলে বিজেপিয়ে ২০ শতাংশ জয়ী নহলহেঁতেন৷ভয় ভাবুকি প্ৰলোভনৰে অধিক আসন জয় হোৱা দেখুৱাইছে বিজেপিয়ে৷সেই কাৰণে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব নিদিলে ৷