পঞ্চায়ত নিৰ্বাচনৰ সাফল্য মুখ্যমন্ত্ৰীৰ কৰ্মদক্ষতা-বলিষ্ঠ নেতৃত্বৰ ফল’
বোকাখাতত মন্ত্রী অতুল বৰাৰ গৃহত বিজেপি-অগপ মিত্রজোঁটৰ বিজয় উৎসৱ
নির্বাচনত বিজয়ী-বিজিত প্রার্থী, দলীয় কর্মীক সম্বর্ধনা জ্ঞাপন
মৃদুস্মিতা শৰ্মা , বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা পঞ্চায়ত নির্বাচনৰ ফলাফলত উৎফুল্লিত অগপ-বিজেপি মিত্রজোটৰ বোকাখাত সম-জিলাৰ ৪ জিলা পৰিষদ, ২০ আঞ্চলিক পৰিষদ আৰু প্রায় ১৮০ ৱার্ড সদস্যৰ জয়ী প্রার্থী, পৰাজিত সদস্য, দলীয় কর্মকর্তাক লৈ মন্ত্রী তথা অগপৰ সভাপতি অতুল বৰাই নিজ গৃহত আয়োজন কৰে এক বৃহৎ বিজয় উৎসৱ। সকলো বিজয়ী আৰু পৰাজিত প্রার্থীৰ লগতে দুই দলৰ দলীয় নেতৃত্ব আৰু কর্মকর্তাক সম্বর্ধনা জনায়। কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত থকা সভাত মন্ত্রী অতুল বৰাই নামত দুখন আসন স্থাপন কৰিবলৈও তথাকথিত আন বিরোধী সকলে এইবাৰ পঞ্চায়ত নির্বাচনত গ’ল প’ষ্টৰ কাষেই চাপিব নোৱাৰিলে।’ ১৪ মে’ত বোকাখাতত অসম চৰকাৰৰ জোষ্ঠ কেবিনেট মন্ত্রী অতুল বৰাই পঞ্চায়ত নির্বাচন ২০২৫ ৰ সাফল্য সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সাংবাদিকৰ আগত এনেদৰে কয়। তেওঁ লগতে পঞ্চায়ত নির্বাচন ২০২৫ ত ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে বোকাখাতত মিত্রজোটৰ বিপুল জয়লাভৰ বাবে বোকাখাতৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে এই সাফল্যৰ বাবে অসমৰ মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনায়। মন্ত্রী বৰাই কয় যে মুখ্যমন্ত্রীৰ দুৰদর্শিতা আৰু বলিষ্ঠ নেতৃত্বৰ বাবেই ৰাজ্যখনৰ লগতে বোকাখাততো বহুত উন্নয়নৰ কাম হ’ল, যাৰ বাবে ৰাইজে এনেদৰে ভোট দিছে। এয়া মুখ্যমন্ত্রী গৰাকীৰ দক্ষতাৰ স্বীকৃতি বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে বোকাখাত সমজিলাৰ পঞ্চায়ত নির্বাচন ২০২৫ ত ৪ জিলা পৰিষদ, ২০ আঞ্চলিক পঞ্চায়ত আৰু ১৮০ টা বার্ডৰ আসনৰ প্রতিদ্বন্দিতাত অগপ-বিজেপিৰ মিত্রজোটৰ বিপুল জয়লাভৰ পাছত বিজয়ী প্রার্থী সকলক মন্ত্রী গৰাকীৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। উপস্থিত সাংবাদিকৰে সতে হোৱা বার্তালাপত মতামত ব্যক্ত কৰি বৰাই কয় যে এইবাৰৰ পঞ্চায়ত নির্বাচনৰ পাছত এইটো স্পষ্ট হৈ পৰিল যে ২০২৬ৰ নির্বাচনত কি হ’ব। তেওঁ আৰু কয় যে বাইজে নৱনির্বাচিত সকলক গধুৰ দায়িত্ব দিছে, গতিকে এই দায়িত্ব সততাৰে লৈ ৰাইজৰ সেৱাত ব্রতী হ’ব লাগিব। তেওঁলোকৰ কামকাজৰ ওপৰত দুয়োটা দলৰ ভাবমূর্তিৰ লগতে অঞ্চলসমূহৰ ভৱিষ্যত নির্ভৰ কৰিছে। লগতে কয় যে ড’ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ চাৰিবছৰ কাৰ্যকাল সম্পূর্ণ হোৱাৰ ডাঙৰ প্রাপ্তি হ’ল ৰাজ্যখনলৈ ঘূৰি অহা শান্তি আৰু সুস্থিৰতাৰে ৰাজ্যখন সমৃদ্ধিৰ দিশত আগবাঢ়িব পৰা পৰিস্থিতি সম্ভৱ হ’ব ,ৰাইজে আশা কৰা বহু পৰিকল্পনা বাস্তবায়িত হ’ব, যিবোৰ কংগ্ৰেছ বা বিৰোধী দলে সপোনতো ভাবিব নোৱাৰে। যিবোৰ কাম মুখ্যমন্ত্রী ড’ শৰ্মাৰ চৰকাৰে সম্ভৱ কৰি তুলিছে, তাৰ বাবে জনসাধাৰণ চৰকাৰ বা মিত্ৰদলৰ পক্ষত আছে। আনহাতে লগতে অনুষ্ঠানত উপস্থিত থকা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই সাংবাদিকৰে বার্তালাপত গৌবর গগৈ সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত কয় যে কংগ্রেছ এতিয়া ভাৰতবৰ্ষত নিঃচিহ্ন হৈছে গৌৰৱ গগৈক লৈ। দিল্লীত কথা ক’ব পাৰিলেই ভাল বুলি মানুহে ভাবিছিল বুলি উল্লেখ কৰি তাছাই কয়, যেতিয়া চৰকাৰ নিজৰ থাকিব তেতিয়া চিঞৰিব নালাগে। সাংবাদিকৰ প্রশ্নব উত্তৰতহে গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰা বুলি মন্তব্য কৰি তাছাই কয় যে অন্যথা মই গৌৰৱ গগৈৰ নামেই নলওঁ। যোৰহাটৰ ফলাফলে প্রমাণ কৰিলে যে জনসাধাৰণ যদি লগত নাথাকে, গৌৰৱ আৰু গৌৰৱ হৈ নাথাকে। তেওঁলোকে জনসাধাৰণৰ মানসিকতা বুজি নাপায়, ভৱিষ্যতত তেওঁলোকে ৰাজনীতি এৰিব লাগে। বৰাক-ব্রহ্মপুত্র দুয়োটা উপত্যকাতে তেওঁলোক ধৰাশায়ী হৈছে। ইয়াত মিত্রশক্তিয়ে ভাল ফলাফল দেখুৱাইছে। মুখ্যমন্ত্ৰীৰ উন্নয়নৰ নীতি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দেশক শক্তিশালী কৰাৰ লগতে অর্থনৈতিকভাবে দেশৰ মানুহক শক্তিশালী কৰাৰ নীতিৰ লগতে বহু কথাই এই নির্বাচনত মিত্রদলৰ সফলতাত প্রতিফলিত হৈছে। তাছাই বিৰোধীৰ প্ৰসংগত ‘মোৰ বাবে আজিৰ তাৰিখত বিৰোধী প্রাসংগিক নহয়’ বুলি মন্তব্য কৰি কয় যে তেওঁলোকে প্রাসংগিকতা অনা আৰু সম্ভবো নহয়। তেওঁ আৰু কয়, মূলতঃ কেন্দ্র আৰু ৰাজ্যত বিৰোধী নাই। তেওঁলোকৰ ভোটাৰ আছে, কিন্তু নেতৃত্ব নাই আৰু বহুদিনলৈ যে নাথাকিব সেয়া নিশ্চিত। তেওঁলোকৰ নেতৃত্বব প্রতি মানুহৰ বিশ্বাস নাই। কংগ্রেছ বহু বছৰলৈকে শাসনলৈ নাহে। আমাৰ দেশৰ দুৰৱস্থা কংগ্রেছৰ নীতিৰ ফলতে হৈছে। এই কথা মানুহে বিবেচনাৰে লৈছে। বিৰোধী কেতিয়াও একত্রিত হ’ব নোৱাৰে আৰু উন্নয়নমূলক কথাৰ চিন্তা কৰিব নোৱাৰে। তেওঁলোকে কেরল সমস্যাৰ কথা কৈ মুখ্যমন্ত্রী, প্রধানমন্ত্রীক গালি পাৰিব জানে। পঞ্চায়ত নির্বাচনত ব্যর্থতাক লৈ বিৰোধীৰ নৈতিক দায়িত্ব স্বীকাৰ সন্দৰ্ভত তাছাই প্রশ্ন কৰে, নৈতিক দায়িত্ব কোনে দিলে তেওঁলোকক ? এয়া তেওঁলোকৰ কর্মফল। বার্ড সদস্যৰ পৰা সকলোতে মানুহে বিৰোধীক নশ্চাৎ কৰিছে। বহুত ক্ষমতা পোৱাৰ পাছতো কংগ্রেছ দল নিঃচিহ্ন হৈ গ’ল বুলি মন্তব্য কৰি কয় যে নিজৰ পেট ভৰাবলৈ চিন্তা কৰিলে কেতিয়াও জনসাধাৰণে লগ নিদিব আৰু প্রত্যেক গৰাকী নির্বাচিত প্রতিনিধি যথেষ্ট সাৱধান হৈ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক সম্মান কৰিব লাগিব। লগতে তাছাই কয়, প্রতিনিধি মানেই সর্বোচ্চ নহয়। জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক সম্মান কৰিব নোৱাৰিলে কোনো সফল প্রতিনিধি হ’ব নোৱাৰে। তাছাই কয় যে এজন ৱার্ড সদস্যৰ পৰাই বহুত ডাঙৰ পদৰীলৈ যোৱাৰ সম্ভাৱনা আছে। তেওঁ আৰু কয় যে প্রতিনিধিসকল স্বচ্ছ ভাবমূর্তিৰ হ’ব লাগিব। তাছাই পুনৰ কয় যে আজিৰ প্ৰেক্ষাপটত জনসাধাৰণ বৰ সচেতন। ভূপেন বৰাৰ প্ৰসংগত ভূপেন বৰাক ভগবানে কেৱল মুখখন দিছে, আমি তেওঁৰ কথাত এনজয় কৰোঁ বুলি কৈ তাছাই কয় যে ভাৰতত কংগ্ৰেছেই নাই যেতিয়া ভুপেন বৰাৰ প্ৰাসংগিকতা ক’ত থাকিব। অভিনন্দন অনুষ্ঠানত দুয়োটা মিত্র দলৰে গোলাঘাট জিলাৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে।
