পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ উন্মোচন

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ উন্মোচন

ৰঙিলী  বাৰ্ত্তাসেৱা- সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিয়ে  দলটোৰ সংকল্প পত্ৰ উন্মোচন কৰে।এই সংকল্প পত্ৰত দলটোৱে মুঠ ১৫ টা সংকল্পৰ কথা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে সংকল্প পত্ৰখন। দলৰ সংকল্প-পত্ৰ, থীম ছং আৰু তথ্যচিত্র মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যৰ তৃণমূলৰ সামগ্রিক বিকাশ আৰু উন্নয়নৰ বাবে থকা দলীয় দৃষ্টিভংগী এই সংকল্প-পত্ৰৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। সংকল্প-পত্ৰৰ প্ৰতিটো প্রতিশ্রুতি আখৰে আখৰে পালন কৰিবলৈ বিজেপি প্রতিশ্রুতিবদ্ধ। এই প্রতিশ্রুতিসমূহৰ কাৰ্যকৰীকৰণে অসমক নতুন দিগন্তলৈ লৈ যোৱাৰ লগতে সকলো স্বপ্ন বাস্তৱায়িত কৰাৰ পথ প্রশস্ত কৰিব। আনহাতে নিজৰ ভাষণত কংগ্ৰেছ দলক তীব্র ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিজেপিৰ প্ৰতি ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে। ইয়াৰ বিপৰীতে কেতবোৰ নিৰ্দিষ্ট অঞ্চল বাদ দি কংগ্ৰেছ দলৰ পৰিচয় এই নির্বাচনে নিশ্চিহ্ন কৰি দিব। কেইখনমান জিলাত আৰু নির্দিষ্ট আৱেষ্টনীৰ মাজৰ পৰা কংগ্ৰেছ দল ওলাই আহিব নোৱাৰে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক আমি সম্পূৰ্ণৰূপে পৰাভূত কৰিব পাৰিম। যোৱা এসপ্তাৰ নিৰ্বাচনী প্ৰচাৰৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে। এই নিৰ্বাচনৰ ফলাফলে ছেপ্টেম্বৰ মাহৰ বিটিচি নির্বাচন আৰু অহা বৰ্ষৰ মার্চ-এপ্রিল মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ স্পষ্ট পটভূমি নিৰ্মাণ কৰিব পৰা যাব। ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে অসমৰ শাসনলৈ অহাৰ পিছত প্রধানমন্ত্রী আৱাস যোজনা, কনকলতা মহিলা সন্মান যোজনা আদি আঁচনিৰ জৰিয়তে গ্রামাঞ্চলৰ বিকাশৰ কাৰণে বিভিন্ন কাম-কাজ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল। পৰৱৰ্তী ২০২১ চনৰ পৰা অসমৰ গ্রাম্য জীৱনক উজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে দলৰ নীতি আৰু আদৰ্শক আগত ৰাখি নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। গ্রামাঞ্চলৰ পথ, বিদ্যালয়-মহাবিদ্যালয়সমূহ ধুনীয়াকৈ নিৰ্মাণ কৰাৰ লগতে অংগনৱাড়ী কেন্দ্ৰসমূহেও প্রাণ পাই উঠিছে। প্রত্যেকখন গাঁৱলৈ বিজুলী যোগান সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে গ্রামাঞ্চলত সামাজিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। আজি গ্রামাঞ্চলৰ যুৱক-যুৱতীসকলে আত্মনিৰ্ভৰশীলতাৰ পথ বিচাৰি পাইছে আৰু চৰকাৰী চাকৰিত গ্ৰামাঞ্চলৰ যুৱক-যুৱতীয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। গুণোৎসৱৰ দৰে শক্তিশালী কাৰ্যসূচীসমূহে চৰকাৰী খণ্ডৰ শৈক্ষিক প্রতিষ্ঠানসমূহক গুণগত মানেৰে আগুৱাই নিবলৈও সক্ষম হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দ্বিতীয়টো কার্যকালত অনুষ্ঠিত এই পঞ্চায়ত নির্বাচনত বিজেপিয়ে শক্তিশালী প্রদর্শন দেখুৱাব পাৰিব। তাৰ ইংগিত ইতিমধ্যে দেখা গৈছে। বহু শতাধিক গাঁও পঞ্চায়তৰ সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে। আঞ্চলিক পঞ্চায়তত ৰাজনৈতিকভাৱে মনোনয়ন দাখিল কৰি চাৰে তিনিশতকৈ অধিক আঞ্চলিক পৃঞ্চায়তৰ আসনত বিজেপি প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তদুপৰি জিলা পৰিষদতো বহুকেইখন আসনত বিজেপিৰ প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে। যোৱা ২১ এপ্ৰিলৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়-২০২১ চনৰ বিধানসভা নির্বাচন আৰু ২০২৪ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে ভাল ফল আৰু উন্নত প্রদর্শন দেখুৱাবলৈ সক্ষম হৈছিল। এইবাৰ তাতকৈ ভাল ফলাফল দলে লাভ কৰিব। প্রত্যেক সমষ্টিতেই বছৰি এহেজাৰকৈ মুঠ এক লাখ ২৬ হাজাৰ যুৱক-যুৱতীক আত্মসংস্থাপন দিয়াৰ বাবে লক্ষ্য নির্ধাৰণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত ২ লাখ টকাকৈ প্ৰদান কৰিবলগীয়া ধনৰাশিৰ বাবে কোনোধৰণৰ বন্ধকী দিব নালাগে। আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে যুবক-যুৱতীসকলক আত্মসংস্থাপনৰ দিশেৰে আগুৱাই নিয়া হ’ব। ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজিত কৰিব বিচাৰিছে। ৫খন জিলাৰ পৰা সৰিয়হৰ তেল সংগ্ৰহ কৰি একো একোটা ব্ৰেণ্ডৰ জৰিয়তে স্থানীয় বজাৰ দখল কৰাৰ প্ৰচেষ্টা লোৱা হ’ব। গাখীৰ, কণী, মাছ আদিৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰ হোৱাৰ বাবে প্রচেষ্টা হাতত লোৱা হ’ব। তেওঁ কয়- এক শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে তৃণমূলৰ উন্নয়নৰ অধিক গতি প্ৰদান কৰাৰ সুযোগ আছে। ইতিমধ্যে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত নতুনকৈ ৩.৫ লাখ ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্রধানমন্ত্রীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সকলোধৰণৰ দুর্নীতি হ্রাস কৰা হৈছে। তদুপৰি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ‘সামৰি ল’ব নোৱাৰা গৃহসমূহ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই অহা অক্টোবৰ- নৱেম্বৰ মাহত পুনৰ এটকা অথবা ৫০ পইচাকৈ বিজুলীৰ নিৰিখ হ্ৰাস কৰাৰ বাবেও ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিব বুলি জানিবলৈ দিয়ে। সংকল্প-পত্র উন্মোচন কাৰ্যসূচীত ভাষণ দি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে এখন সুৰক্ষিত অসম, বিকশিত অসম আৰু শ্রেষ্ঠ অসম গঢ়াৰ খনিকৰসকল হ’ল গাঁৱৰ ৰাইজ। সংকল্প-পত্ৰ প্ৰস্তুতৰ পূৰ্বেই বিজেপিয়ে সৰ্বস্তৰৰ ৰাইজৰ পৰা মতামত গ্ৰহণ কৰিছিল। প্ৰায় ৩.৫ হাজাৰতকৈ অধিক লোকে ই-মেইলযোগে পৰামৰ্শ প্ৰেৰণ কৰিছে আৰু ৰাইজৰ সেই পৰামৰ্শ সাপেক্ষে সংকল্প-পত্ৰ প্ৰস্তুত কৰি উলিওৱা হৈছে। সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ কাৰণে কোনো এটা নির্বাচনেই কোৱাৰ্টাৰ ফাইনেল বা ছেমিফাইনেল নহয়। পঞ্চায়তৰ পৰা সংসদীয় নির্বাচনলৈ প্রতিটো নির্বাচনেই বিজেপিৰ কাৰণে ফাইনেলসদৃশ। পঞ্চায়ত নির্বাচনো দলৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ। আজিৰ অনুষ্ঠানতেই পঞ্চায়ত নির্বাচন উপলক্ষে প্রস্তুত কৰি উলিওৱা দুটা থীম ছং আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে যোৱা ৯ বছৰে কৰি অহা উন্নয়নমূলক কাম-কাজক সামৰি এখন তথ্যচিত্ৰ মুকলি কৰা হয়। সংকল্প পত্ৰ উন্মোচন অনুষ্ঠানত বিজেপিৰ অসম প্ৰভাৰী হৰিশ দ্বিবেদী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, সাংসদ কামাখ্যা প্রসাদ তাছা, ৰঞ্জিত দত্ত, বিজুলী কলিতা মেধি, দলৰ উপ-সভাপতি তপন কুমাৰ গগৈকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে।