পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে ঘোষণা কৰিলে নিৰ্বাচনী ইস্তাহাৰ

পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে ঘোষণা কৰিলে নিৰ্বাচনী ইস্তাহাৰঃ গ্ৰাম্য স্বৰাজৰ লক্ষ্য, স্থানীয় অৰ্থনীতি আৰু সাংস্কৃতিক সংৰক্ষণত গুৰুত্ব প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদে ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। দলটোৱে শাসনৰ বিকেন্দ্ৰীকৰণ, স্বচ্ছতা আৰু স্বনির্ভৰ গ্ৰাম্য অৰ্থনীতিক গুৰুত্ব দি ১২ দফীয়া এক বিস্তৃত ৰোডমেপৰ জৰিয়তে পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰাৰ অংগীকাৰ ব্যক্ত কৰে। মহাত্মা গান্ধীৰ গ্ৰাম স্বৰাজৰ ধাৰণাটোক অসম জাতীয় পৰিষদে গ্ৰাম্য সৱলীকৰণৰ আধাৰ হিচাপে গ্ৰহণৰ পোষকতা কৰে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখপাত্ৰ জিয়াউৰ ৰহমানসহ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই আজি ডিব্ৰুগড়ত এক সংবাদ মেলত এই ইস্তাহাৰখন মুকলি কৰে।৯ পৃষ্ঠাৰ ইস্তাহাৰখনত দলটোৱে গ্ৰাম সভাক উন্নয়নৰ মূল সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে স্বীকৃতি দি, পঞ্চায়তক বাজেট, পৰিকল্পনা আৰু শিক্ষা, স্বাস্থ্য, পানী, পয়প্ৰণালী ব্যৱস্থাপনা আদি সেৱাৰ পূৰ্ণ দায়িত্ব দিয়াৰ অংগীকাৰ ব্যক্ত কৰা হয়। দলটোৰ মতে, প্ৰতিখন পঞ্চায়তত মাহেকীয়া গ্ৰাম সভা বাধ্যতামূলক কৰা, বাজেট আৰু আঁচনি অনলাইনত প্ৰকাশ কৰা, পঞ্চায়ত কাৰ্যালয়ত বাজেট-বোর্ড ওলোমাই ৰখা আৰু ১১ সদস্যৰ জন-নিৰীক্ষণ সমিতি গঠন কৰাটো দলৰ লক্ষ্য। স্থানীয় অৰ্থনীতি আৰু উদ্যোগত উৎসাহ প্ৰদান কৰি দলটোৱে. “One Panchayat, One Product” মডেল অসমৰ গাঁওসমূহত প্ৰৱৰ্তনৰ লক্ষ্য লোৱাৰ কথা ব্যক্ত কৰে। উক্ত মডেলৰ জৰিয়তে হস্তশিল্প, তাঁত, দুগ্ধ, হাঁহ, কুকৰা, গৰু, ছাগলি, গাহৰি আদি পালন আৰু পৰম্পৰাগত খাদ্য উৎপাদনত উৎসাহ দিয়াত পঞ্চায়তক নিয়োগৰ কথা কোৱা হয়। উদ্যোগীক বেংকৰ ঋণ আৰু প্ৰশিক্ষণত পঞ্চায়তক ব্যৱহাৰ কৰাটোও দলৰ লক্ষ্য। কৃষকসকলৰ উন্নয়ন শিতানত জাতীয় পৰিষদে প্ৰতিখন পঞ্চায়তত কৃষক পৰামৰ্শ সমিতি গঠন, জৈৱিক দান আৰু চাহৰ উৎপাদনত উৎসাহ আৰু ধান ক্ৰয়ৰ দায়িত্ব পঞ্চায়তৰ হাততে অৰ্পন কৰাৰ কথা ইস্তাহাৰত উল্লেখ আছে। আনহাতে সকলো পঞ্চায়ত সমিতিত ৫০% মহিলাৰ আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা, আৰু “জাতীয় সেৱক দল” গঠনৰ লগতে ডিজিটেল শিক্ষাৰ আৰু ঔদ্যোগিক প্রশিক্ষণৰ ব্যৱস্থাৰ কথাও উল্লেখ কৰা হয়। শিক্ষা, স্বাস্থ্য আৰু পুষ্টি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী স্কুল, স্বাস্থ্য কেন্দ্ৰ আৰু আঙনৱাড়ী কেন্দ্ৰসমূহ পঞ্চায়তৰ অধীনলৈ অনা, আৰু বিদ্যালয়ত “পুষ্টি উদ্যান” স্থাপন কৰাৰ পৰিকল্পনা আছে। পৰিকাঠামো আৰু পৰিবেশ সুৰক্ষা শিতানত পথ, ড্ৰেনেজ, খোৱা পানী আদিৰ পৰিকল্পনাত ৰাইজৰ মতামতক গুৰুত্ব দিয়া হ’ব কোৱা হয়। লগতে বৃক্ষৰোপণ আৰু সচেতনতা অভিযান চলোৱা হ’ব বুলিও কোৱা হয়।লক্ষ্যণীয়ভাৱে, ভাষা, সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ কামত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানক নিয়োজিত কৰাৰ অংগীকাৰ ব্যক্ত কৰি ইস্তাহাৰকনত কোৱা হয় যে অসমীয়া, মিচিং, বড়ো, কৰ্বি, ডিমাছা, ৰাভা, তিৱা আদি ভাষা সংৰক্ষণৰ বাবে “লোক সংস্কৃতি শিক্ষা কেন্দ্ৰ” স্থাপন, নাট-নাচৰ দলক উৎসাহ, আৰু সাহিত্য সংগঠনসমূহৰ লগত পঞ্চায়তৰ সমন্বয় স্থাপনেৰে ভাষা সংস্কৃতি ৰক্ষাৰ কামত পঞ্চায়তক ব্যৱহাৰ কৰা হ’ব। আনহাতে, পঞ্চায়তক অধিক আইনী আৰু বিত্তীয় ক্ষমতা প্ৰদান, “ন্যায় পঞ্চায়ত” গঠন কৰি গাঁওত স্থানীয় বিবাদ পঞ্চায়তেই সমাধান কৰাৰ ব্যৱস্থা, আৰু জিলা পৰিকল্পনা সমিতিত পঞ্চায়তৰ প্ৰাধান্য স্থাপন কৰাৰো অংগীকাৰ ব্যক্ত কৰা হয়। বাৰতৰ সংবিদাননৰ ৭৩ সংখ্যক সংশোধন অনুসৰি বৰ্তমানে ৰাজ্য চৰকাৰৰ হাতত থকা ২৯টা বিভাগ বা বিসয় পঞ্চায়তৰ হাতলৈ হস্তান্তৰক জাতীয় পৰিষদে কামনা কৰে বুলিও ইস্তাহাৰখনত কোৱা হয়। জাতীয় পৰিষদৰ নেতৃত্বই ভোটাৰসকলক এই অংগীকাৰসমূহ সমূহৰ বাস্তৱ ৰূপায়ণৰ বাবে দলটোক সমৰ্থন দিয়াৰ আহ্বান জনাই কয় – “দেশৰ প্ৰকৃত উন্নয়ন তৃমমূলৰ পৰা আৰম্ভ হোৱা উচিত। পঞ্চায়তৰক শক্তিশালী কৰাৰ জৰিয়তে দেশৰ ভৱিষ্যত শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰি।”