পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ সংবাদমেল মুখ্যমন্ত্রীৰ

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ সংবাদমেল মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত সভাপতি দিলীপ শইকীয়াক লগত লৈ এক সংবাদ মেলত বিজেপিৰ জয়যাত্ৰাৰ সবিশেষ সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । সংবাদ মেলত মুখ্যমন্ত্রী ড° শর্মাই  কয়- জিলা পৰিষদৰ নিৰ্বাচনত ৩৯৭খন আসনৰ ভিতৰত বিজেপি আৰু মিত্রদলে ৩০০তকৈও অধিক আসন লাভ কৰিছে। বিজেপিয়ে অকলে ২৭২খন জিলা পৰিষদৰ আসন লাভ কৰাৰ বিপৰীতে মিত্রদল অগপই ২৮খন আসন লাভ কৰিছে। সেয়াই নহয়, প্রথমবাৰৰ বাবে বিজেপিয়ে জিলা পৰিষদৰ ৭৫ শতাংশতকৈও অধিক ভোট লাভ কৰিছে। এইক্ষেত্রত বিজেপিয়ে কেইবাখনো জিলাত ১০০ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বজালী জিলাৰ ৫খন আসনৰ ভিতৰত ৪খন আসন বিজেপি আৰু মিত্ৰদলে লাভ কৰিছে। একেদৰে বৰপেটাত ১৯খন আসনৰ ভিতৰত ৭খন আসন মিত্রদলে লাভ কৰিছে, বিলাসীপাৰাত ৪খন আসনৰ ভিতৰত ২খন আসন, বিশ্বনাথ জিলাত ১২খন আসনৰ আটাইকেইখন লাভ কৰিছে বিজেপিয়ে। আনহাতে, বঙাইগাঁৱত ১২খন আসনৰ অগপ আৰু বিজেপিয়ে ৮খন আসন লাভ কৰিছে। কাছাৰত ২৫খন আসনৰ ভিতৰত ১৬খন, চৰাইদেউত ৮খন আসনৰ আটাইকেইখন বিজেপিয়ে লাভ কৰিছে, দৰঙত ১২খন আসনৰ ৭খন, ধেমাজিত ১২খন আসনৰ ১২খনতেই জয়লাভ, ধুবুৰীত ১২খন আসনৰ ৩খনত, ঢকুৱাখনাত ৪খনৰ ৪খনেই, ডিব্ৰুগড়ত ২২খন আসনৰ বিজেপি আৰু অগপই ২২খন আসনেই লাভ কৰিবলৈ সক্ষম হৈছে। পূর্বে বিজেপি জয়ী হ’ব নোৱাৰা গোৱালপাৰা জিলাতো এইবাৰ জিলা পৰিষদৰ ১৬খন আসনৰ ১০খন আসন বিজেপি-মিত্রদলে লাভকৰিছে। গোলাঘাট জিলাৰ ২০খন আসনৰ ২০খনেই, কামৰূপ মহানগৰৰ ৬খনৰ ৬খনেই, হাইলাকান্দিত ৮খন আসনৰ ৩খন, হোজাইত ১২খনৰ ভিতৰত ৭খন, যোৰহাটত ১৬খন আসনৰ ১৬খনেই, কলিয়াবৰত ৮খনৰ ৮খন আসনেই, লখিমপুৰৰ ১৫খন আসনৰ ১৩খন, মাজুলীত ৪খন আসন, মৰিগাঁৱত ১২খনৰ ভিতৰত ৮খন, নগাঁৱত ১৯খনৰ ভিতৰত ১১খন, নলবাৰীত ১২খনৰ ভিতৰত ১১খন, পূব কামৰূপত ১২খনৰ আসনৰ ১২খনেই, শ্রীভূমিত ১৬খন আসনৰ ১১খন, শিৱসাগৰত ১২খন আসনৰ ১১খন আৰু শোণিতপুৰত ২০খন আসনৰ ২০খন আসন, দক্ষিণ কামৰূপত ৬খন, তিনিচুকীয়াত ২২খন আসনৰ ভিতৰত ২২খন আসনেই বিজেপি আৰু মিত্রদলে জয়লাভকৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে কয়- সংখ্যালঘু অঞ্চল বাদ দি ৰাজ্যখনৰ সকলো স্থানতে ১০০ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে কংগ্রেছে যিসমূহ আসন লাভ কৰিছে সংখ্যালঘু অঞ্চলতহে লাভ কৰিছে। বিজেপিয়ে এইবাৰ সংখ্যালঘু অঞ্চলতো যথেষ্টসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্রত মুখ্যমন্ত্রীয়ে উদাহৰণ দাঙি ধৰি কয়- তিনিখন জিলাৰ ভিতৰত বৰপেটা জিলাৰ হৰিপুৰ জিলা পৰিষদখনৰ ৯০ শতাংশ ভোটাৰেই হ’ল সংখ্যালঘু ভোটাৰ। এই জিলা পৰিষদতো বিজেপি প্রার্থী হাইদৰ আলী হুছেইনে জয়লাভ কৰিছে। একেদৰে নলবাৰীৰ বৰক্ষেত্ৰী চৰত, য’ত এশ শতাংশই সংখ্যালঘু ভোটাৰ আছে সেই ঠাইতো বিজেপিৰ প্ৰাৰ্থী আনোৱাৰা খাতুনে জয়লাভ কৰিছে। জলেশ্বৰত কেতিয়াও বিজেপিয়ে কোনোধৰণৰ নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হোৱা নাই। জলেশ্বৰ সমষ্টিতো বিজেপিৰ প্ৰাৰ্থী মেহেৰ জামাল হক জয়ী হ’বলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে ৮০-৯০ শতাংশ সংখ্যালঘু ভোটাৰ থকা অঞ্চলতো এইবাৰ বিজেপিয়ে জয়লাভ কৰিছে। ৪০-৪৫ শতাংশ সংখ্যালঘু ভোটাৰ থকা স্থানত বিজেপিয়ে জয়লাভ কৰিছে যদিও ৯০ শতাংশ সংখ্যালঘু থকা স্থানত বিজেপিয়ে জয়লাভকৰাটোৱে এক বিশেষ বার্তা কঢ়িয়াইছে। লক্ষণীয়ভাৱে সংখ্যাগৰিষ্ঠ অর্থাৎ হিন্দু লোক থকা জিলাসমূহ তথা জিলা পৰিষদৰ স্থানসমূহত বিজেপি আৰু মিত্ৰদলে এশ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে কিন্তু কংগ্ৰেছে হিন্দু লোক থকা সমষ্টিত এখন আসনো দখল কৰিবলৈ সক্ষম নহ’ল। ওলোটাই বিজেপিয়ে সংখ্যালঘু ভোটাৰ থকা অঞ্চলত আসন দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে বিজেপিৰ পৰম্পৰাগত যিসমূহ ভোট আছে অথবা যি সমষ্টি আছে তাত আগতকৈ বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু যিসমূহ পৰম্পৰাগত সমষ্টি নহয় সেই ঠাইতো বিজেপিয়ে শক্তিশালীভাবে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পঞ্চায়ত নির্বাচনৰ তথ্য দাঙি ধৰি ইয়াকো উল্লেখ কৰে যে ২০১৮ চনত বিজেপিয়ে জিলা পৰিষদৰ ২১২খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবাৰ ভোটলাভৰ হাৰ আছিল ৫০.৪৮ শতাংশ। আনহাতে, কংগ্ৰেছে ২০১৮ চনত ৩৫ শতাংশ ভোট লাভ কৰিছিল। আঞ্চলিক পঞ্চায়তত ২০১৮ চনত বিজেপিয়ে ১,০২৫খন আসন লাভ কৰি ৪৬.৬৬ শতাংশ ভোট লাভ কৰিছিল। কংগ্রেছে ২০১৮ চনত ৭৭১ আসনেৰে ৩৫.০৯ শতাংশ ভোট লাভ কৰিছিল। এইবাৰ আঞ্চলিক পঞ্চায়তত বিজেপিয়ে ১,২৬৫খন আসনেৰে ৫৭.৭০ শতাংশ, মিত্রদল অগপই ১৭১খন আসনেৰে ৭.৮০ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪৭৭খন আসনেৰে ২১.৭৬ শতাংশ ভোটহে লাভ কৰিছে।