পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্-ক্ষণত বিজেপিৰ শক্তিশালী প্ৰচাৰ অভিযান, সকলো আসনত নিশ্চিত বিজয়ৰ দৃঢ় বিশ্বাস

PC - PC - anandabazar patrika

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্-ক্ষণত বিজেপিৰ শক্তিশালী প্ৰচাৰ অভিযান, সকলো আসনত নিশ্চিত বিজয়ৰ দৃঢ় বিশ্বাস

ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টি (বিজেপি) অসম প্ৰদেশে সমগ্ৰ ৰাজ্যত প্ৰচণ্ডগতিৰে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। দলটোৱে গাঁও পৰ্যায়ৰ শাসন ব্যৱস্থা আৰু অধিক সবল আৰু শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে জিলাভিত্তিক সভা, ৰেলী, দুৱাৰ-প্ৰচাৰ আৰু জনসংযোগমূলক কাৰ্যসূচীৰ মাধ্যমেৰে সমগ্ৰ ৰাজ্যত সংগঠিত আৰু কৌশলগতভাৱে ব্যাপক প্ৰচেষ্টা হাতত লৈছে।ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ যোগে জনায় যে, আগন্তুক দিনত ৰাজ্যৰ প্ৰতিখন জিলা আৰু প্ৰতিটো জিলা পৰিষদ পৰ্য্যায়ত শতাধিক ৰাজহুৱা সভা আৰু জনসমাবেশৰ আয়োজন কৰি দলটোৰ ঘোষিত সংকল্পৰ বিষয়ে জনগণক অৱগত কৰিব।এই সভা সমূহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি অসম চৰকাৰৰ সকলো মন্ত্ৰী,বিধায়ক,সাংসদে নিৰ্ধাৰিত স্থানসমূহত অংশগ্ৰহণ কৰিব।উল্লেখযোগ্য যে এই প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজিৰ দিনটোত হাইলাকান্দি জিলা সদৰত অনুষ্ঠিত এখন বিশাল জনসভাই সমগ্ৰ বৰাক উপত্যকাৰ ৰাজনৈতিক দৃষ্টিপট সলনি কৰিছে। এই প্ৰচাৰ সভাত এক বিশাল জনসমুদ্ৰক সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই পঞ্চায়ততন্ত্ৰক শক্তিশালী কৰাৰ জৰিয়তে স্থানীয় পৰ্যায়ৰ উন্নয়নক অধিক দৃঢ়তাৰ সৈতে আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশইকীয়াই কয় যে এন ডি এ তথা বিজেপিৰ নেতৃত্বত বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত এক বৃহৎ পৰিসৰত উন্নয়নমূলক কাম-কাজ অব্যাহত আছে। “এই জিলা “Aspirational District” হিচাপে ঘোষণা হোৱা পৰিপ্ৰেক্ষিতত আৰু অধিক গতিৰে আগবাঢ়ি গৈ আছে আৰু ভাৰতৰ এক উন্নত জিলাৰূপে পৰিগণিত হোৱাৰ দিশে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে”। এই উন্নয়নৰ ধাৰাক নতুন মাত্ৰা প্ৰদান কৰিবলৈ তেওঁ জনতাক এন ডি এৰ পক্ষত বিপুলভাৱে ভোটদান কৰিবলৈ আহ্বান জনায়। ৰাজ্যিক সভাপতি গৰাকীয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে, দলটোৱে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যজুৰি সকলো আসনত বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি পূৰ্ণ আত্মবিশ্বাসেৰে অগ্ৰগতি লৈছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত বিগত বছৰসমূহত কাৰ্যকৰী কৰা উন্নয়নমূলক প্ৰকল্পসমূহে জনসাধাৰণৰ মাজত যি গাঢ় প্ৰভাৱ বিস্তাৰ কৰিছে, তাৰেই ফলস্বৰূপেই দলটোৱে এই সঁহাৰি লাভ কৰিছে ।দলটোৰ দৃঢ় বিশ্বাস যে, অসমৰ জনতাই পঞ্চায়ত নিৰ্বাচনত পুনৰ বিজেপিৰ ওপৰত বিশ্বাস ৰাখি উন্নয়নৰ গতিধাৰাক অধিক সুদৃঢ় কৰাৰ পথ মুকলি কৰিব।উক্ত সভাত ৰাজ্যিক সভাপতি গৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কৌশিক ৰায়, সাংসদ আৰু দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত পৰিমল শুক্লবৈদ্য, বিজেপি অসম প্ৰদেশৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, ৰাজ্যিক সম্পাদক কনাদ পুৰকায়স্থ , কাছাৰ জিলাৰ সভাপতি ৰূপম সাহা লগতে বিধায়কত্ৰয় ক্ৰমে নিহাৰ ৰঞ্জন দাস, দীপায়ন চক্ৰৱৰ্তী, আৰু মিহিৰ কান্তি শোম ।