পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত সম্পন্ন হোৱা পঞ্চায়ত নিৰ্বাচনৰ ১১ মে’ত ভোটগণনা অনুষ্ঠিত হৈছিল।ৰাজ্যিক নির্বাচন আয়োগে সকলো ভোটগণনা সম্পূর্ণ কৰি আনুষ্ঠানিকভাৱে পঞ্চায়তৰ ফলাফল ঘোষণা কৰিলে। সেই অনুসৰি জিলা পৰিষদত বিজেপিয়ে সর্বাধিক ২৭৪খন আসন দখল কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছে ৭২খন, অগপই ২৭খন এআইইউডিএফে ৮খন, ৰাইজৰ দলে ৩খন আৰু নিৰ্দলীয়ই ১৩খন আসন লাভ কৰিছে। আঞ্চলিক পঞ্চায়ততো বিজেপিয়ে সর্বাধিক ১,২৬১খন আসন দখল কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ মিত্ৰদল অগপই ১৮৪খন, কংগ্রেছে ৪৮১খন, এআইইউডিএফে ৬৪খন, ৰাইজৰ দলে ৭২খন, তৃণমূল কংগ্রেছে ৪খন, অসম জাতীয় পৰিষদে ৩খন, আম আদমী পার্টীয়ে ১খন আৰু নিৰ্দলীয়ই ১৭৩খন আসন লাভ কৰিছে। আনহাতে গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে হোৱা নিৰ্বাচনত ২১,৯২০ গৰাকী সদস্য নির্বাচিত হৈছে। ৰাজ্যিক নির্বাচন আয়োগে আনুষ্ঠানিকভাবে এই ফলাফল ঘোষণাৰ পাছতে যোৱা ২ এপ্ৰিলৰ পৰা বলৱৎ হৈ থকা নির্বাচনী আচৰণবিধিৰ অন্ত পৰিল। উল্লেখ্য যে এইবাৰ পঞ্চায়ত নির্বাচনে শাসকীয় বিজেপি আৰু মিত্ৰদল অগপৰ অভাৱনীয় উত্থানৰ বিপৰীতে বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত পঞ্চায়ত নির্বাচনত বিধ্বস্ত হ’ল বিৰোধী। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতে বিধানসভা নির্বাচনৰ বাবে শাসকীয় দলটোৱে ইতিমধ্যে আৰম্ভ কৰিছে বিশেষ প্রস্তুতি। এই সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দলীয় কার্যকর্তালৈ আহ্বান জনাই কয়- কংগ্ৰেছৰ দৰে অহংকাৰী নহয়, ৰাইজৰ সেৱাৰ বাবে বিজেপিৰ নেতা-কর্মীসকলে কাম কৰিব লাগিব। অহংকাৰ কৰিলে কংগ্ৰেছৰ দৰে দশা হ’ব। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনত নির্বাচিত হোৱা প্রতিনিধিসকল, বিধায়ক আৰু সাংসদসকললৈ এটাই অনুৰোধ থাকিল যে এটা নিৰ্বাচনত জয়ী হ’লে অহংকাৰী হ’ব নালাগে। ৰাইজে আমাক ভোট দিয়া মানে তেওঁলোকৰ আশা-আকাংক্ষাও বৃদ্ধি হ’ব। ৰাইজে কেতিয়াও নাভাবে যাতে আমাৰ অহংকাৰ হৈছে। অহা ৮ মাহ পাছত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু পঞ্চায়ত নির্বাচনক লৈ আমি যিমান স্ফূৰ্তি কৰিছোঁ সেই আনন্দ ইয়াতে শেষ কৰি বিধানসভা নিৰ্বাচনৰ কাৰণে প্রস্তুতি চলাব লাগে। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে পঞ্চায়ত নির্বাচনত বিৰোধীৰ অস্তিত্বক ধূলিসাৎ কৰি জিলা পৰিষদৰ ৩৯৭খন আসনৰ ভিতৰত এনডিএয়ে ৩০১খন আসন লাভ কৰিছে। একেদৰে বিজেপি আৰু মিত্ৰদলে আঞ্চলিক পঞ্চায়তত ১,৪৩৬ আসন লাভ কৰিবলৈ সক্ষম হৈছে।