পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৭ খন প্ৰচাৰ সভাত অংশগ্ৰহন

পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ২৭ খন প্ৰচাৰ সভাত অংশগ্ৰহন কৰা লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অৰ্ধ শতাধিক প্ৰচাৰ সভাত অংশগ্ৰহন কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যেই NDA মিত্ৰজোঁটে সৰ্বস্তৰতে সাজু হৈ উঠিছে। মিত্ৰ দলসমূহৰ সৈতে মণ্ডল,জিলা পৰ্যায়ত ৰাজ্যিক প্ৰতিনিধি প্ৰেৰণ কৰি আলোচনা অনুষ্ঠিত কৰাই সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ সমৰ্থিত আৰু উভয় দলৰ সমৰ্থিত প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰি প্ৰতিজন প্ৰাৰ্থীয়ে জয় সুনিশ্চিত কৰিবলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহ্বান জনাইছে। ৩৯৭ খন জিলা পৰিষদ আসনৰ ভিতৰত কালি নিশাই সংবাদমেলৰ জৰিয়তে ৩১৮ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছিল।ইয়াৰে ৭৪ খন আসনত অগপ দলক প্ৰদান কৰাৰ বিপৰীতে আন আন মিত্ৰদলসমূহকো বিচৰা ধৰণেৰে আসন প্ৰদান কৰা হৈছে।এই সংক্ৰান্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰে যে মিত্ৰদল সমূহৰ সৈতে মিত্ৰতা ধৰ্ম তেখেত সকলে বিচৰা ধৰণেৰে পালন কৰিলে মিত্ৰতা অতি গূঢ় হয়।যিটো গণতান্ত্ৰিক ব্যৱস্থাত অতি প্ৰয়োজনীয়।কেৱল মিত্ৰতা কৰিলেই নহ’ব মিত্ৰতাৰ ধৰ্ম সততা আৰু মৰ্যাদাৰে পৰিপূৰ্ণ ও কৰিব লাগিব। বিৰোধী মিত্ৰতাৰ নামত চিয়ালফাট দিছে। আমি বিচাৰোঁ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে শক্তিশালী ভাৱে যুঁজ দিয়ক।ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ নাম কালি নিশাই ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি ভালে সংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়।৩৯৭ খন জিলা পৰিষদৰ বাকী থকা ৫খন আসনৰ প্ৰাৰ্থীও আজি দলটোৱে ঘোষণা কৰে। এই ৫ খন আসনৰে ৪ খনত মহিলাৰ বিপৰীতে এখন আসনত পুৰুষক প্ৰদান কৰিছে।এই ৪খন আসনকে ধৰি সৰ্বমুঠ ১৭৬ খন আসনত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।আনহাতে ২১৫৭ খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ক্ষেত্ৰতো জিলা আৰু মণ্ডল পৰ্যায়ত আলোচনা কৰা অনুসৰি আসনৰ ভাগ বটোৱাৰা কৰা হয়। উল্লেখনীয় যে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ পিছতে প্ৰচাৰৰ ক্ষেত্ৰত দলটোৰ সৰ্বস্তৰত কাৰ্যকৰ্তা সকল নামি পৰিবলৈ প্ৰস্তুত হৈ আছে।এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ২৭ খন জন সভা সম্বোধন কৰাৰ বিপৰীতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অৰ্ধ শতাধিক প্ৰচাৰ সভা সম্বোধন কৰাৰ লগতে আন-আন সকলো জড়িত হৈ পৰিব।মুঠৰ ওপৰত মুল বিৰোধী কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিবাদ আৰু দুৰ্বলতাৰ পৰিৱৰ্তে শাসকীয় দল বিজেপি আৰু মিত্ৰজোঁটে অধিক আগ্ৰাসী ৰূপত পঞ্চায়ত নিৰ্বাচনত নিজকে আত্মনিয়োগ কৰা পৰিলক্ষিত হৈছে।