পঞ্চায়ত নিৰ্বাচনত ভোটাৰ তালিকাত নাম নাই প্ৰাক্তন মন্ত্ৰী যতীন মালীৰ
জিলা আয়ুক্ত,পলাশবাৰী ৰাজহ চক্ৰত অভিযোগ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত সমাগত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যৰ বিভিন্ন ঠাইত ইতিমধ্যেই গাঁও প্ৰধান, নিৰ্বাচনী বিষয়া আদিয়ে ভোটাৰৰ নথি পত্ৰ আদি পৰীক্ষা কৰাই নহয়,ঘৰে ঘৰে প্ৰেৰণ কৰিছে ভোটৰ তালিকা। এই তালিকাত ইতিমধ্যেই ঠায়ে ঠায়ে যথেষ্ট ভুল থকাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ মাজতে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা পলাশবাৰী সমষ্টিৰ চাৰিবাৰৰ বিধায়ক যতীন মালীৰ ভোটাৰ তালিকাত নাম নথকা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে কয়- তেওঁ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলা লাটৰ বৰকুছিৰ এগৰাকী স্থায়ী বাসিন্দা। তেনেক্ষেত্ৰত অঞ্চলটোৰ গাঁও প্ৰধান অৱণী নাথে তেওঁৰ পৰিয়ালবৰ্গলৈ ভোটাৰ তালিকা প্ৰেৰণ কৰে। কিন্তু এই তালিকাত যতীন মালীৰ পত্নী,পুত্ৰ কন্যাৰ নাম আছে যদিও যতীন মালীৰ নাম নাই। যোৱা বিধানসভাত তেওঁৰ নাম আছিল। কিন্তু আজি কিয় তেওঁৰ নামটো নাই বুলি নিৰ্বাচনী বিষয়ালৈ প্ৰশ্ন তোলে। এই সন্দৰ্ভত কালি জিলা আয়ুক্ত,পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মালীয়ে অভিযোগ দাখিল কৰে। তেওঁ বিষয়াসকলক অহা ৭ মেৰ পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিব পৰাকৈ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই। অন্যথা এই ভোটদানৰ পৰা বঞ্চিত হ’লে ভাৰতৰ নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কৰিব বুলি উল্লেখ কৰে। উল্লেখ যে,চাৰিবাৰৰ বিধায়ক,দুবাৰৰ কেবিনেট মন্ত্ৰী যতীন মালীৰে যদি ভোটাৰ তালিকাত নাম নাথাকে সাধাৰণ মানুহৰ কেনে অৱস্থা হ’ব সেয়া সহজে অনুমেয় ।