পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মাৰাথান প্ৰচাৰ-বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কল্যান গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰ দলৰ প্রতি ৰাইজৰ অপৰিসীম মৰম আৰু আশীৰ্বাদে নিৰ্বাচনী প্ৰচাৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়াৰ প্ৰচাৰ সভাত ৰাইজৰ পাৰভঙা উল্লাসে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ নিশ্চিত জয়ৰ আগতীয়া উমান পোৱা গৈছে বুলি বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ কল্যান গগৈয়ে এক বিবৃতিত উল্লেখ কৰে। ইতিমধ্যে ৩৯ খন জিলা পৰিষদ আৰু ২৯৯ খন আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বীতাৰে বিজয়ী হোৱাত উল্লাসিত হৈ পৰা বিজেপিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন যে একপক্ষীয় হৈ পৰিছে সেয়া কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ প্ৰচাৰত নিস্তব্ধতা দেখা পোৱা গৈছে বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে গাওঁ অঞ্চল সমূহত কংগ্ৰেছ বা অন্য বিৰোধী দলৰ কোনো সাংগঠনিক গণভিত্তি আৰু ৰাইজৰ সমৰ্থন নাই যাৰবাবে এই দল সমুহৰ কিছুমান অঞ্চলত প্ৰাৰ্থীত্ব লবলৈ কোনো লোকে আগ্ৰহ নেদেখুৱালে। ফলস্বৰূপে বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ কেইবাজনো প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্ন়য়নমূলক কামকাজ আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ শক্তিশালী সাংগঠনিক তৎপৰতাই বিজেপিৰ তৃণমূল কৰ্মী সকলক আগ্ৰাসী মনোভাবেৰে নিৰ্বাচনত প্ৰচাৰ কৰিবলৈ উৎসাহ যোগাইছে।পঞ্চায়ত নিৰ্বাচনক কেন্দ্র কৰি কংগ্ৰেছ আৰু ইয়াৰ তথাকথিত বিৰোধী ঐক্যৰ ৰুগ্ন স্বৰূপ আকৌ এবাৰ জনমানসত উন্মোচিত হৈছে। কোনো আদৰ্শগত মিল নথকা দল কেইটাই কেৱল ক্ষমতাৰ লোভত একত্ৰিত হব খুজিও একত্ৰিত হব নোৱাৰি নিজৰ মাজতে বোকা চটিওৱা খেল খেলি আছে। যাৰফলত বিজেপিক এই নিৰ্বাচনত কোনো এটা দলে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা দেখা পোৱা নাই । যাৰবাবে বিৰোধী দল সমূহে নিজৰ দুৰ্বলতা ঢাকি ৰাখিবলৈ বিজেপিৰ প্ৰতি বিৰূপ মন্তব্য কৰি নিৰ্বাচনী প্ৰচাৰৰ পৰা পলাবলৈ চেষ্টা কৰা দেখা গৈছে। বিবৃতিটোত কল্যাণ গগৈয়ে কয় যে লোকসভা আৰু বিধান সভা নিৰ্বাচনত” টকাৰ বিনিময়ত টিকট ” কংগ্ৰেছৰ এক পুৰণি প্ৰবৃতি। কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ নেতাই নিজ দলৰ নেতাৰ ওপৰত অনা এই অভিযোগ দেশৰ গণতন্ত্ৰ আৰু নিৰ্বাচনী ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকৰ অবিশ্বাস আৰু এক অশনি সংকেট বুলিব পাৰি। পকেটত সংবিধান লৈ ঘূৰিফুৰা কংগ্ৰেছৰ এনে কাৰ্য্যই প্ৰমাণ কৰে যে কংগ্ৰেছৰ দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি কোনো ধৰণৰ বিশ্বাস নাই। দলৰ ভিতৰত তদন্ত সমিতি গঠন কৰি ধনৰ বিনিমিয়ত টিকট দিয়া কাৰ্যটো কংগ্ৰেছে নিজে স্বীকাৰ কৰি লোৱা দেখা গৈছে বুলি গগৈয়ে উল্লেখ কৰে। শতিকা গৰকা কংগ্ৰেছ দলৰ এনে অৱস্থা হব বুলি হয়টো কোনেও অনুমান কৰা নাছিল। আজি নিজৰ লজ্জা ঢাকিবলৈ কংগ্ৰেছে বিজেপিৰ প্ৰতি দোষ আৰোপ কৰাটো হাস্যকৰ। বিবৃতিটোত কোৱা হয় যে যদি কংগ্ৰেছৰ শক্তি আছে হবলগীয়া আসন কেইখনত বিজয়ী হৈ দেখুৱাই দিয়ক আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। কংগ্ৰেছে জানি থোৱা ভাল যে কেৱল কথাৰ ফুলজাৰি আৰু মিছা অভিযোগেৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱা সম্ভৱ নহয়। ৰাভা হাজং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পুনৰাবৃত্তি এইবাৰ পঞ্চায়ত নিৰ্বাচনত দেখা পোৱা যাব বুলি উল্লেখ কৰি তেঁও কয় যে অসমৰ ৰাইজৰ বিজেপি আৰু মিত্ৰ দলৰ প্ৰতি থকা আকুণ্ঠ সমৰ্থন আৰু আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীৰ সম্বল।