পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীলৈ অভিনন্দন জনাই অসমবাসীৰ আশিস বিচাৰিলে অসম জাতীয় পৰিষদে
পঞ্চায়ত নিৰ্বাচনত দিয়া এই খোজ আগত দিনত অধিক গতিশীল আৰু বলিষ্ঠ হ’বঃ লুৰীণজ্যোতি গগৈ
প্ৰতিকূলতাৰ সকলো ডাৱৰ ভেদি অসমৰ আকাশত উদিত হ’বই জাতীয়তাবাদৰ ন সূৰুযঃ লুৰীণজ্যোতি গগৈ
আমাৰ দলৰ প্ৰতিগৰাকী সহযোদ্ধাৰ সোঁতৰ বিপৰীতে সাঁতোৰাৰ সাহস আছেঃ জগদীশ ভূঞা
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা অসম জাতীয় পৰিষদৰ প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীলৈ অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘আমাৰ দলৰ প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীলৈ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে, অসম জাতীয় পৰিষদৰ নীতি-আদৰ্শ আৰু দৰ্শনৰ প্ৰতি আস্থা প্ৰকাশ কৰা শ্ৰদ্ধাৰ ভোটাৰ ৰাইজলৈও কৃতজ্ঞতা যাচিছোঁ।’ দলৰ নেতা-কৰ্মীৰ শ্ৰমৰ শলাগ লৈ গগৈ আৰু ভূঞাই কয়, ‘দলৰ হৈ দিবানিশি পৰিশ্ৰম কৰি দলটোক আজিৰ এই পৰ্যায়লৈ লৈ অনাত আমাৰ প্ৰতিগৰাকী নেতা-কৰ্মী, জাতীয় সেৱকৰ অপৰিসীম ভূমিকাক আমি শ্ৰদ্ধা জনাইছোঁ৷ নিৰ্বাচনটোত অসমবাসীৰ পৰা লাভ কৰা মৰম আৰু আন্তৰিকতা আমাৰ দলৰ পৰম সঞ্জীৱনী৷’ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘পঞ্চায়ত নিৰ্বাচনত দিয়া এই খোজ আগত দিনত অধিক গতিশীল আৰু বলিষ্ঠ হ’ব, সেই বিশ্বাসেৰে আমি আগবাঢ়িছোঁ৷ প্ৰতিকূলতাৰ সকলো ডাৱৰ ভেদি অসমৰ আকাশত উদিত হ’বই জাতীয়তাবাদৰ ন সূৰুয, উৰিব আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ নীলিম পতাকা৷ আমি বিচাৰিছোঁ অসমবাসীৰ আশীৰ্বাদ, মৰম আৰু দিক-নিৰ্দেশনা৷’অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ কাম্য বুলি উল্লেখ কৰি দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘বহু ঘাত-প্ৰতিঘাত, সংঘাত আৰু প্ৰত্যাহ্বানক সন্মুখত লৈ শূন্যৰ পৰা আৰম্ভ কৰা আমাৰ ৰাজনৈতিক যাত্ৰাৰ এইবেলি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এক সামান্য প্ৰাপ্তি। আমি হতাশ হোৱা নাই। কাৰণ আমি জানো অৰ্থ আৰু ক্ষমতাৰে পৰিবেষ্টিত হৈ সোঁতৰ লগত সাঁতুৰিবলৈ বৰ সহজ, তাৰ বাবে সাহসো নালাগে আৰু কষ্টও নহয়। কিন্তু সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ বৰ কষ্ট হয় আৰু সাহসো লাগে। কিন্তু সেইটো জানিয়েই আমি এই পথ বাছি লৈছিলোঁ। আমাৰ দলৰ প্ৰতিগৰাকী সহযোদ্ধাৰ সোঁতৰ বিপৰীতে সাঁতোৰাৰ সাহস আছে। আমাৰ আৰু বহুদূৰ যাত্ৰা কৰিবলগীয়া আছে। সেয়েহে অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য।’