পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ৩২৮৩টা পদ খালী, নিযুক্তি হৱ শীঘ্ৰেঃমন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

pc-twitter

মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ উদ্যোত গাঁও অঞ্চলক কোভিড১৯ৰ মহামাৰীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু প্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ‘আমাৰ গাঁৱত আমি যুঁজিম, আমিয়েই কোভিড জিনিম’ শীর্ষক এক কাৰ্যসূচী গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসমত মুঠ ২১৯৭ খন গাঁও পঞ্চায়ত আৰু ষষ্ঠ অনুসূচিত অন্তর্গত জিলা ক্রমে কার্বিআংলং, ডিমা হাছাও আৰু বি টিএ ডিত ৪৭৯ খন ডি চি ডি চি আৰু বি ডি চি আছে। মহামাৰীয়ে গ্রামাঞ্চলত ব্যাপক প্রভাৱ পেলালেও অতি লক্ষণীয়ভাবে ৩০৪ খন গাঁও পঞ্চায়ত কৰ নাৰ পৰা সম্পূর্ণ মুক্ত হৈ আছে।  যদিও বৃহৎসংখ্যক গাঁও ইতিমধ্যে মহামাৰীৰ গ্ৰাসত পৰা হেতুকে উক্ত গাঁওসমূহক ৰক্ষা কৰাৰ বাবে প্ৰতিখন গাঁও পঞ্চায়ত আৰু ভিচিডি চি/ভিডিচিত একোটাকৈ যুদ্ধ কক্ষ স্থাপন কৰা হৈছে। আনহাতে প্ৰতিখন পঞ্চায়তত গঠন কৰি দিয়া হৈছে টাস্ক ফর্ট যিয়ে গাঁওসমূহক মহামাৰীৰ পৰা ৰক্ষা কৰাৰ বাবে ছেনিটাইজেচনকে ধৰি যাৱতীয় কাম-কাজ কৰি যাব।

আনহাতে কৰনাত কর্মহীন হোৱা লোকৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে কিছু আঁচনি হাতত লৈছে বুলি মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে কয়। বিশেষকৈ এম জি এনৰেগা আঁচনিত এইসকল লোকক অগ্রাধিকাৰ দিয়া হব।  তদুপৰি শ্বহীদ কুশল কোৱৰ সাৰ্বজনীন বৃদ্ধপেঞ্চন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ পেঞ্চন ক্রমে ২৫০ টকা আৰু ৩০০ টকাকৈ প্ৰতিমাহে নিয়মীয়াভাৱে প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এবছৰৰ ভিতৰত এক লাখ চাকৰি প্ৰদান কৰাৰ বাবে যি তৎপৰতা গ্ৰহণ কৰিছে সেইক্ষেত্ৰত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ খালী পদসমূহো পুৰণ কৰাৰ ইংগিত দিয়ে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানত খালী হোৱা ৬২৯টা পদসহ সৰ্বমুঠ ৩২৮৩টা পদত শীঘ্ৰে নিযুক্তি দিয়া হৱ।