পঞ্চম ভাৰত মুকলি আন্তঃৰাষ্ট্ৰীয় কিক্‌বক্সিং কাপ ২০২৬ত পদক লাভ কৰা ডিব্ৰুগড়ৰ পাঁচগৰাকী খেলুৱৈক সম্বৰ্ধনা

পঞ্চম ভাৰত মুকলি আন্তঃৰাষ্ট্ৰীয় কিক্‌বক্সিং কাপ ২০২৬ত পদক লাভ কৰা ডিব্ৰুগড়ৰ পাঁচগৰাকী খেলুৱৈক সম্বৰ্ধনা

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চম ভাৰত মুকলি আন্তঃৰাষ্ট্ৰীয় কিক্‌বক্সিং কাপ ২০২৬’ত পদক লাভ কৰা ডিব্ৰুগড়ৰ পাঁচগৰাকী যুৱ চেম্পিয়নক পল্টন বজাৰৰ গমীইত অনুষ্ঠিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। নতুন দিল্লীৰ ‘কেডি যাদৱ ইন্দোৰ ষ্টেডিয়াম’ত অনুষ্ঠিত হোৱা ‘পঞ্চম ভাৰত মুকলি আন্তঃৰাষ্ট্ৰীয় কিক্‌বক্সিং কাপ ২০২৬’ত ডিব্ৰুগড়ৰ পাঁচগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ লগতে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। চলিত বৰ্ষৰ ৪ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত মুঠ ৩৩ খন দেশে অংশগ্ৰহণ কৰিছিল। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ চন্দন ৰাউতে (২০) সোণ, মাধুৰ্য দত্তই (১৯) ৰূপ, নিপুনজ্যোতি শইকীয়াই (২৭) ব্ৰঞ্জ, আলফাজ আলীয়ে (১১) ৰূপ আৰু ৯ বছৰীয়া দান্যা আখতাৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক হিচাপে দলটোৰ সৈতে ৰাজু ৰজ্জ্বকে যাত্ৰা কৰিছিল। উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে এক বৃহৎ মঞ্চত ডিব্ৰুগড়ৰ ৫ গৰাকীকৈ খেলুৱৈয়ে পদক লাভ কৰাত সমগ্ৰ জিলাখনতে আনন্দৰ লহৰ উঠিছে। ডিব্ৰুগড়ৰ খেলুৱৈ দলটোৱে যদি সুবিধা পায় তেনেহলে আগন্তুক থাইলেণ্ডত অনুষ্ঠিত হব লগীয়া ৱৰ্ল্ড কাপত অংশগ্ৰহণ কৰিব বুলিও কয়। জিলাখনৰ ক্ৰীড়াপ্ৰেমী ৰাইজে খেলুৱৈ কেইগৰাকীৰ অনাগত দিনত সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে ।