পঞ্চম বিশ্ব আয়ুর্বেদ মহোৎসৱৰ অংশ হিচাপে ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণােৱালে

পঞ্চম বিশ্ব আয়ুর্বেদ মহোৎসৱৰ অংশ হিচাপে ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণােৱালে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বমঞ্চত আয়ুৰ্বেদৰ শক্তি প্ৰদৰ্শন কৰা বিশ্ব আয়ুর্বেদ মহোৎসৱ হৈছে প্ৰগতিৰ এক প্ৰতিচ্ছবি, থিৰুৱন্তপুৰমৰ ৰাষ্ট্ৰীয় আৰোগ্য মেলাত উদ্বোধনী ভাষণৰ সময়ত কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোেণাৱালে এনেদৰে কয়। তেখেতে লগতে কয়, “মাননীয় প্রধানমন্ত্ৰীয়ে পৰম্পৰাগত আৰু আধুনিক ঔষধৰ একত্ৰিকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। আয়ুষ খণ্ডৰ অনুশীলনকাৰী আৰু অংশীদাৰসকলে উদ্ভাৱন, গৱেষণা আৰু সহযোগিতাৰ মনোভাৱেৰে আগুৱাই যোৱাটো সময়ৰ আহ্বান।” সর্বানন্দ সোণোৱালে কেৰেলাৰ থিৰুৱন্তপুৰমত বিশ্ব আয়ুৰ্বেদ মহোৎসৱৰ অংশ হিচাপে ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ শুভ উদ্বোধন কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি. মুৰলীধৰণ, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু আয়ুষ মন্ত্ৰালয়ৰ অন্যান্য বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে। এই মেলাখন বিশ্ব আয়ুৰ্বেদ মহোৎসৱ আৰু আৰোগ্য এক্সপ’ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে। প্ৰাচীন জ্ঞান আৰু আধুনিক উন্নতিৰ মাজৰ ব্যৱধান দূৰ কৰি পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰৰ দিশত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সোণোৱালে উপস্থিত সকলোকে আহ্বান জনায়। কেন্দ্রীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে আন দেশৰ আয়ুষ খণ্ডত বিনিয়োগ কৰিবলৈ ইচ্ছুক লোকসকলকো চৰকাৰে সহায় কৰিব বুলি আশ্বাস দিয়ে, যাতে বিশ্বজুৰি আয়ুষ খণ্ডত বিনিয়োগ বৃদ্ধি হয়। তেওঁ কয় যে আয়ুষ খণ্ডত উদ্যোগৰ বিকাশ হৈছে চৰকাৰে চিনাক্ত কৰা এক অগ্ৰাধিকাৰ ক্ষেত্ৰ। তেওঁ কয় যে আয়ুষ খণ্ডত যুৱ উদ্যোগীসকলৰ বাবে ষ্টার্ট-আপ্ স্থাপন কৰাৰ বিশাল সুযোগ-সম্ভাৱনা আছে। আনহাতে বৈজ্ঞানিক জ্ঞান আগবঢ়োৱা, গুৰুত্বপূৰ্ণ নিদানিক পৰীক্ষণ কৰা আৰু পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰমাণ-আধাৰিত পদ্ধতিৰ প্ৰসাৰৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বাবে কেন্দ্ৰীয় আয়ুর্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভতো আলোকপাত কৰে। উল্লেখযোগ্য যে, ১ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ অনুষ্ঠিত বিশ্ব আয়ুর্বেদ মহোৎসৱত বিভিন্ন দেশৰ গৱেষক, প্রতিনিধি, আয়ুষ খণ্ডৰ অনুশীলনকাৰী তথা অংশীদাৰ আৰু বিনিয়োগকাৰীসকলে অংশগ্ৰহণ কৰিছে।