পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে বিজেপিয়ে দেশত চৰকাৰ গঠন কৰিব পৰা হৈছেঃড০ হিমন্ত বিশ্ব শৰ্মা

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে বিজেপিয়ে দেশত চৰকাৰ গঠন কৰিব পৰা হৈছেঃড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পর্যায়ৰ ভোটগ্রহণ চলি থকাৰ মাজতে বিজেপিয়ে দেশত পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে বুলি মন্তব্য কৰিছে বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ তথা অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে বিজেপিয়ে দেশত চৰকাৰ গঠন কৰিব পৰা হৈছে। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ২৭২খন আসন পঞ্চম পৰ্যায়ৰ নিৰ্বাচনলৈকে পাই গৈছে। পাটনাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে যোগেন্দ্র যাদৱেই হওক, শশী থাৰুৰেই হওক, সকলোৱে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক ২৭২খন আসন দি আছে। সকলোৱে কেৱল বিজেপিয়ে এইবাৰ ৩০০খন আসন নাপাব, ৪০০খন আসন নাপাব বুলি কৈছে। কিন্তু কোনেও বিজেপিয়ে ২৭২খন আসন নাপাব বুলি কোৱা নাই। অথচ দেশত চৰকাৰ গঠন কৰিবলৈ হ’লে ২৭২খন আসনহে লাগে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক ৪০০, ৩০০, ৫০০ৰ অংকত ফচাই দিলে আৰু তেওঁলোকেও পাহৰি গ’ল চৰকাৰ গঠন কৰিবলৈ যে ২৭২খন আসনহে লাগে। শশী থাৰুৰে ইতিমধ্যে বিজেপিক ২৯৯খন আসন দি আছে। আচলতে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা ২৭২খন আসন বিজেপিয়ে পঞ্চম পর্যায়ব নির্বাচনতে পাই গ’ল। ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচন আসনৰ সংখ্যা ৪০০লৈ যোৱাৰ পৰ্যায়ৰহে নির্বাচন। বিহাৰত এইবাৰ বিজেপিয়ে ৰেকৰ্ড ভংগ কৰি আসন লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এতিয়া বিহাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰত কোনে মন্ত্রিত্ব লাভ কৰিব তাৰ চিন্তা কৰক। হিন্দুৰ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দেশত হিন্দু জাগ্রত হৈছে। এই কথা তেওঁ কেইদিনমান আগেয়ে ৰাঁচীতো এখন সংবাদ মেলত কৈছে। সংবাদ মাধ্যমক অনুৰোধ জনাই তেওঁ কয় যে জাগ্রত হোৱা হিন্দু ঠাণ্ডা নকৰিব। স্বাধীনতাৰ পিছত ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া সংজ্ঞাই দেশক ধ্বংস কৰিলে। অনুপ্ৰৱেশকাৰী আহিল, ৰহিংগ্যা আহিল, দেশৰ জনগাঁথনি সলনি হ’ল। সেয়ে এবাৰ হিন্দু হ’বলৈ দিয়ক। কিছু বছৰ হিন্দুক জাগিবলৈ দিয়ক। এতিয়া সমগ্র দেশত হিন্দুসকল জাগি উঠিছে। হিন্দুৰ এই জাগৰণে আগন্তুক সময়ত বিজেপিৰ ভেটি অধিক সুদৃঢ় কৰিব। সেইদৰে ৰাহুল গান্ধী, তেজস্বী যাদৱক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ দেশৰ সংবিধান অনুসৰি দেশত ইউচিচি প্ৰৱৰ্তন হ’ব লাগে। ৰাহুল গান্ধী তেজস্বী যাদৱে ৰঙা সংবিধান পঢ়ে। ৰাহুল গান্ধী, তেজস্বী যাদৱে পাৰ্ছনেল ল’ৰ কথা কৈ শ্বৰিয়ত আইন আনিব বিচাৰে। আমি ভীমৰাও আম্বেদকাৰৰ সংবিধান পঢ়ো বাবে দেশত ইউচিচি প্ৰৱৰ্তন কৰিব বিচাৰোঁ। বেইছি, তেজস্বী যাদৱ, ৰাহুল গান্ধীৰ নাটক শেষ হৈ গ’ল। জম্মু-কাশ্মীৰৰ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰতো এইবাৰ ভাল ভোট হৈছে। পাক অধিকৃত কাশ্মীৰৰ মানুহেও নিৰন্তৰ কৈ আছে আমি ভাৰতৰ লগত থাকিব বিচাৰোঁ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পাটনাৰ ৰাজেন্দ্ৰ নগৰস্থিত সদ্যপ্রয়াত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী সুশীল মোদীৰ বাসগৃহত উপস্থিত হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে তেওঁৰ সহধর্মিণী জেছি জার্জ তথা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী সুশীল মোদীৰ সৈতে তেওঁ ঘনিষ্ঠভাবে কাম কৰাৰ সুযোগ লাভ কৰিছিল। সকলোৰে মতামত শুনা কিন্তু নিজৰ নীতিৰ প্রতি উৎসর্গিত গৈ থকা আদি বহু কথা সুশীল মোদীৰ পৰা শিকাৰ সুযোগ লাভ কৰিছিল। সংগ্রাম আছিল সুশীল মোদীৰ ৰাজহুৱা জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। জৰুৰীকালীন সময়ত তেওঁ গণতন্ত্ৰৰ বাবে যুঁজ দিছিল আৰু বিহাৰত যেতিয়া জংঘলৰাজৰ ডাৱৰে ছানি ধৰিছিল তেতিয়া তেওঁ সু-শাসনৰ বাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল। দীর্ঘদিনীয়া ৰাজনৈতিক জীৱনত তেওঁ সংগঠন আৰু চৰকাৰৰ সকলো দায়িত্ব সম্পূর্ণ নিষ্ঠা আৰু সমর্পিত মনোভাবেৰে পালন কৰিছিল। সুশীল মোদীৰ বিয়োগ বিজেপি দলৰ লগতে বিহাৰ বিজেপিৰ বৃহৎ ক্ষতি বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে।