পঞ্চম-অষ্টম শ্ৰেণীত নহয়!প্ৰথম শ্ৰেণীৰ পৰাই পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ এআইডিএছঅ’ৰ

পঞ্চম-অষ্টম শ্ৰেণীত নহয়!প্ৰথম শ্ৰেণীৰ পৰাই পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ এআইডিএছঅ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম চৰকাৰে ৭ অক্টোবৰত কেবিনেট বৈঠকত চৰকাৰী বিদ্যালয়ত কেৱল মাত্ৰ পঞ্চম আৰু অষ্টম শ্ৰেণীত  পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেৱলমাত্ৰ পঞ্চম আৰু অষ্টম শ্ৰেণীত নহয় প্ৰথম শ্ৰেণীৰ পৰাই পাছ-ফেইল পুনৰ প্ৰৱৰ্তৰ দাবীত গুৱাহাটীৰ ধীৰেনপাৰাৰ খেলপথাৰত এআইডিএছ অ’ৰ অসম ৰাজ্যিক কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি  ৰাজ্যিক সম্পাদক হেমন্ত পেগুৱে কয়- প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ দাবীত  ছাত্ৰ সংগঠন এআইডিএছঅ’য়ে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে। শিক্ষাপ্ৰেমী ৰাইজক লগত লৈ দীৰ্ঘদিনীয়া আন্দোলনত বাধ্য হৈ অসম চৰকাৰে কেবিনেট বৈঠকত পঞ্চম আৰু অষ্টম শ্ৰেণীত পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ  সিদ্ধান্ত ল’বলগীয়া হৈছে  ।এইয়া হৈছে এআইডিএছঅ’ আৰু সচেতন শিক্ষাপ্ৰেমী ৰাইজৰ দীৰ্ঘ দিনীয়া সংগ্ৰামৰ আংশিক বিজয়। লগতে তেওঁ উল্লেখ কৰে যে,কেন্দ্ৰীয় তথা অসম চৰকাৰে পাছ-ফেইল প্ৰথা নোহোৱা কৰা বাবেই যে প্ৰাথমিক পৰ্যায়ত চৰকাৰী শিক্ষাব্যৱস্থা ধ্বংসপ্ৰাপ্ত হৈছে সেয়া প্ৰকাৰান্তৰে স্বীকাৰ কৰিও ৰাইজক আভুৱাঁ ভাৰিবৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা পাছ-ফেইল পুনৰ প্ৰৱৰ্তন নকৰি কেৱলমাত্ৰ পঞ্চম আৰু অষ্টম শ্ৰেণীতহে সেয়া সীমাৱদ্ধ ৰাখিব বিচাৰিছে। তদুপৰি য’ত বুজন সংখ্যক স্কুলত শিক্ষকৰ মাৰাত্মক অভাৱ বিৰাজ কৰি আছে তাত ফেইল কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দুমাহৰ বাবে  ৰিমেডিয়েল ক্লাছৰ ব্যৱস্থা কৰি পাছ কৰোৱাৰ প্ৰস্তাৱ সম্পূৰ্ণ অবাস্তৱ আৰু প্ৰতাৰণামূলক৷ ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক পিছ দুৱাৰেদি পাছ কৰোৱাৰ প্ৰচলিত ব্যৱস্থাক কায়েম ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা শিক্ষাৰ মানৰ কোনো উন্নতি নহয়।সেয়ে,এই সিদ্ধান্ত প্ৰতাৰণামূলক৷গতিকে, এআইডিএছঅ’ই অসম চৰকাৰক কেৱল পঞ্চম আৰু অষ্টম শ্ৰেণীত নহয় প্ৰথম শ্ৰেণীৰ পৰাই পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তনৰ বাবে দৃঢ়তাৰে দাবী জনোৱাৰ লগতে সকলো বিদ্যালয়তে পৰ্যাপ্ত শিক্ষক,শ্ৰেণীকোঠা , আন্তঃগাঁথনি গঢ়ি তোলাৰ ব্যৱস্থা কৰাৰো দাবী জনায় ।