পঞ্চমবাৰৰ বাবে অনলাইন মাধ্যমত কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ত ছাত্র একতা সভাৰ নির্বাচন সম্পন্ন

পঞ্চমবাৰৰ বাবে অনলাইন মাধ্যমত কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ত ছাত্র একতা সভাৰ নির্বাচন সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- এক ব্যতিক্রমী ৰূপত শান্তিপূর্ণ পৰিৱেশত অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ ছাত্র একতা সভাৰ নির্বাচন শনিবাৰ(২৩আগষ্ট)ত অনুষ্ঠিত হৈ যায়। পঞ্চমবাৰৰ বাবে সম্পূর্ণ অনলাইন পদ্ধতিৰে অনুষ্ঠিত নিৰ্বাচনত পৰাজিত প্রার্থীসকলে বিজয়ীসকলক হাতে হাত মিলাই বিজয়ৰ প্ৰমাণ পত্র প্রদান কৰি এক আদৰ্শৰ বাট দেখুৱায়। মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সভাকক্ষত পুৱা ৯ বজাত অনলাইন মাধ্যমত অনুশীলন ভোট আৰম্ভ হোৱাৰ পিছত পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ অনলাইন মাধ্যমত ভোটদান প্রক্রিয়া সম্পন্ন হয়। সম্পূর্ণ নিকা আৰু স্বচ্ছতাবে ভোটদান প্রক্রিয়া সম্পন্ন হোৱাৰ পিছত বিয়লি ২.১৫ বজাত ভোটদান প্রক্রিয়াৰ ফলাফল ঘোষণা কৰা হয়।২০২৫-২০২৬ বর্ষৰ ছাত্র একতা সভাৰ নিৰ্বাচনত মুঠ ১৪ টা পদৰ বিপৰীতে ০৫ টা পদৰ বাবে অনুষ্ঠিত হোবা নির্বাচনত ১০ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। পুরা ১০ বজাৰ পৰা বিয়লি ২ বজাৰ ভিতৰত অনুষ্ঠিত হোৱা ভোটদান প্রক্রিয়াত মহাবিদ্যালয়ৰ মুঠ ৩,৮৬১ গৰাকী ছাত্র-ছাত্রীৰ ভিতৰত মুঠ ২,৬৩৫ গৰাকীয়ে ভোটদান কৰে, ভোটদানব হাৰ আছিল ৬৮.২৫ শতাংশ। ইয়াৰে ১,০৫২ গৰাকী ছাত্ৰ আৰু ১,৫৮৩ গৰাকী ছাত্ৰীয়ে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। নির্বাচনত ক্রমে সভাপতি পদৰ প্রার্থী আত্রেয় চেতীয়াই মুঠ ১,২৮৪ টা ভোট, সাধাৰণ সম্পাদকৰ পদত বেদব্যাস বড়ীয়ে ১,৮৭৭ টা ভোট, সমাজ সেৱা সম্পাদকৰ পদত হর্ষিতা গগৈয়ে ১,৩৭৬ টা ভোট, গুৰু ক্রীড়া সম্পাদকৰ পদত চয়ন শুভাংকৰ দাসে ১,৭১০ টা ভোট আৰু সংগীত সম্পাদকৰ পদত জিমণি কোঁৱৰে ১,২৫৯ টা ভোট লাভ কৰি বিজয়ী হয়। সমান্তৰালভাবে উপ-সভাপতি পদত চানক্য বৰুৱা, আলোচনী আৰু সাহিত্য সম্পাদকৰ পদত ৰিয়া বৰুৱা, লঘু ক্রীড়া সম্পদকৰ পদত সুস্মিতা চেত্রী, সাংস্কৃতিক সম্পাদকৰ পদত সৌৰভ জ্যোতি দাস, তর্ক সম্পাদক পদত শিল্পী ফুকন, শৰীৰ চৰ্চা সম্পাদকৰ পদত ৰক্তিম গগৈ, ছাত্র জিৰণি কোঠাৰ সম্পাদকৰ পদত দীপজ্যোতি কোঁৱৰ আৰু ছাত্রী জিৰণি কোঠাৰ সম্পাদকৰ পদত ৰমিজা বেগমে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হ’বলৈ সক্ষম হয়। উল্লেখ্য যে সহকাৰী সাধাৰণ সম্পাদকৰ পদত কোনো প্রতিদ্বন্দ্বিৰ মনোনয়ন পত্র গৃহীত নোহোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত পদটি খালী হৈ বয়। কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই নির্বাচন সুকলমে অনুষ্ঠিত কৰাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ অভিজিত বৰুৱা, নির্বাচনী বিষয়া ড০ অনন্ত কুমাৰ দত্ত প্রমুখ্যে নির্বাচন প্রক্রিয়াটোৰ লগত প্রত্যক্ষ অথবা পৰোক্ষভাবে জড়িত হৈ থকা প্রতিগৰাকী অধ্যাপক-অধ্যাপিকা, কর্মচাৰী, চিষ্টেম ডেভলপাৰ কাকুল বেজবৰুৱাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে ছাত্র একতা সভাৰ এই নির্বাচনত মহাবিদ্যালয় চৌহদত প্রৱেশ নকৰাকৈ ছাত্র-ছাত্রীসকলে দেশৰ বিভিন্ন প্রান্তৰ পৰা তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। বিয়লি ২.১৫ বজাৰ পৰা অনুষ্ঠিত ছাত্র একতা সভাৰ নিৰ্বাচনৰ ভোট গণনা প্রক্রিয়াত মহাবিদ্যালয়ৰ নব নিযুক্ত পৰিচালনা সমিতিৰ সভাপতি ড° লখিৰাম শইকীয়াৰ লগতে পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সদস্য অভিমন্যু বৰুৱা, পৰিচালনা সমিতিৰ সদস্য ড০ গোপাল হাজৰিকা, সদ্য অৱসৰপ্রাপ্ত প্রাক্তন উপাধ্যক্ষ ড° প্রিয়দেৱ গোস্বামী, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কর্মচাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা ছাত্র একতা সভাৰ নির্বাচন অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে বিগত ২০১৮ চনত মহাবিদ্যালয়খনে ডিজিটেল পদ্ধতিত পোনপ্ৰথমবাৰৰ বাবে ২০ টা কম্পিউটাৰ ব্যৱহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত ২০১৯ চনত এই ভোটদান প্রক্রিয়া সম্পূর্ণ অনলাইন পদ্ধতিলৈ উন্নীত কৰা হয় আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্র-ছাত্রীয়ে ভোটদান সাব্যস্ত কৰিব পৰা হয়। ২০২১-২০২২ বৰ্ষৰ পৰা ম’বাইলত এল এম এছ ছ’ফটৱেৰৰ অধীনত বে’ববেছড এপ্লিকেশ্যনৰ মাধ্যমত সম্পূর্ণ অনলাইন পদ্ধতিত ভোটদান ব্যবস্থা সংযোজন কৰা হয়। এইবাৰো সেই পদ্ধতিৰে নির্বাচন অনুষ্ঠিত কৰাত ছাত্র-ছাত্রীসকলৰ মাজত কোনো ধৰণৰ সংঘাতৰ সুৰুঙা হোৱা নাই। উল্লেখ্যযে ২০২২-২৩ শিক্ষাবর্ষৰ পৰা শ্রেণীকোঠাত ছাত্র-ছাত্রীৰ উপস্থিতিৰ হাৰ সম্পূর্ণ অনলাইন মাধ্যমত সম্পন্ন হয়।