পঞ্চভূতত বিলীন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰদেহ

পঞ্চভূতত বিলীন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰদেহ

ৰঙিলী বাৰ্ত্তাসেৱা – ৰং তুলিকাৰে ওৰে জীৱন ৰঙীন হৈ থকা মানুহজন একেবাৰে গ’লগৈ।পঞ্চভূতত বিলীন হ’ল বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ।ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত নীলপৱন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ নৱগ্ৰহ শ্মশানত শেষবাৰৰ বাবে প্ৰিয় চিত্ৰশিল্পীগৰাকীক অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ’ল নীলপৱন বৰুৱা।এটা কথা নক’লেও হ’ব যে নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ অমৰ প্ৰেম কাহিনী যুগে যুগে চৰ্চিত আৰু বন্দিত হৈ থাকিব।অসমৰ নাইটিংগেল তথা অসমৰ খ্যাতনামা কণ্ঠশিল্পী, নীলপৱন বৰুৱাৰ সহধৰ্মিণী প্ৰয়াত দীপালী বৰঠাকুৰৰ প্ৰতি দেখুওৱা অপত্য স্নেহে সকলোকে মুগ্ধ কৰি ৰাখিছে।