পঞ্চভূতত বিলীন হ’ল দীপক শৰ্মাৰ নশ্বৰদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- উভতি নহা বাটেৰে গুচি গ’ল আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা। সুৰীয়া সংগীতৰ যাত্রা সামৰি নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হৈ গ’ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শর্মা।সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বাঁহীবাদক শৰ্মাই । যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদকগৰাকী । অগণন গুণমুগ্ধক শোক সাগৰত এৰি দীপক শৰ্মা নামৰ এটি অবিনাশী পৱিত্ৰ আত্মাৰ পাৰ্থিৱ শৰীৰ পঞ্চভূতত বিলীন হৈ পৰমাত্মাৰ ওচৰত থিতাপি ল’লেগৈ। তেওঁৰ পাৰ্থিৱ শৰীৰক এই শুভক্ষণত চিৰবিদায় জনালে অশ্রুসিক্ত নয়নেৰে পৰিয়াল, আত্মীয়-স্বজন তথা অগণন গুণমুগ্ধই। বাঁহীৰ সুৰৰ অমৃতময় সুৰেৰে মূর্ছনা তুলি অগণন অনুৰাগীক এখন স্বপ্নময় আলোকৰ পৃথিৱীলৈ লৈ যাবলৈ সক্ষম হোৱা শিল্পীজনক আজি বাঁহীৰ সুৰেৰেই শেষ শয়নৰ বেলা বিদায় দিলে শতাধিক গুণমুগ্ধ, শিল্পী, তেওঁৰ ছাত্ৰ আৰু শুভাকাংক্ষীয়ে জনালে শ্রদ্ধাঞ্জলি। বিয়লি মহানগৰীৰ নৱগ্ৰহ শ্মশানত শিল্পীগৰাকীক এক শোকাকুল পৰিৱেশৰ মাজেৰে পুৰোহিতৰ মন্ত্ৰ, আয়তীৰ উৰুলি, প্ৰাৰ্থনা সংগীতৰ জৰিয়তে চিৰবিদায় জনালে পুত্ৰ প্ৰহৰ সহিতে পৰিয়ালৰ লোক, আত্মীয়-স্বজন, বন্ধু-বান্ধৱে। শিল্পীগৰাকীক ৰাজ্যিক মর্যাদাৰে তোপধ্বনি দি শেষ শ্রদ্ধা জ্ঞাপন কৰে ৰাজ্য চৰকাৰেও।

উল্লেখ্য যে সোমবাৰে পুৱা চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত পৰলোকগমন কৰা বিশিষ্ট বাঁহীবাদকগৰাকীৰ নশ্বৰ শৰীৰ মঙলবাৰে ৰাজ্য চৰকাৰৰ সহযোগত ইণ্ডিগ’ এয়াৰৰ এখন বিশেষ বিমানেৰে পুৱা গুৱাহাটী বিমানবন্দৰলৈ অনা হয়। বিমানবন্দৰৰ পৰা শিল্পীগৰাকীক এখন পুষ্পসজ্জিত বাহনত অগণন গুণমুগ্ধই অম্বিকাগিৰী নগৰৰ বাসগৃহ ‘আশ্রয়’লৈ সমদল শোভাযাত্রা কৰি লৈ আহে। অম্বিকাগিৰী নগৰৰ বাসগৃহত পুৱা প্রায় ৮.১০ বজাত শিল্পীগৰাকীৰ নশ্বৰদেহ আহি পোৱাৰ পিছতে কান্দোনৰ ৰোল উঠে পৰিয়ালবৰ্গৰ মাজত। শোকৰ এই মুহূৰ্তৰ মাজতে বাসগৃহত স্থানীয় লোকসকলৰ লগতে তেওঁৰ বহুতো গুণমুগ্ধই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে দিনৰ দহ বজাত তেওঁৰ নশ্বৰ শৰীৰ স্থানীয় সেউজ সংঘৰ বাকৰিলৈ গায়ন-বায়ন তথা শিল্পীগৰাকীয়ে বাঁহীবাদনৰ শিক্ষা দিয়া শতাধিক গুণমুগ্ধ, ছাত্র-ছাত্রীয়ে বাঁহীৰ সমৱেত ৰূপত অপূর্ব মূর্ছনা তুলি সাংগীতিক শেভাযাত্ৰাৰে লৈ যায়। প্রকৃততে অম্বিকাগিৰী নগৰৰ বাসগৃহৰ পৰা সেউজ সংঘৰ বাকৰিলৈ শিল্পীগৰাকীক বাঁহীবাদনৰ সুৰেৰে লৈ যোৱাৰ মুহূৰ্তত বা সেউজ সংঘৰ বাকৰিত বাঁহীৰ কোমল, নিৰৱচ্ছিন্ন, লয়লাস সুৰে উপস্থিত থকা প্ৰতিগৰাকী গুণগ্রাহীৰ হৃদয় আলোড়িত কৰি দীপক শৰ্মাৰ আত্মাৰে সংপৃক্ত কৰিছিল। সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছিল শিল্পীগৰাকীৰ সমসাময়িক সময়ৰ বহুতো শিল্পী-সাংস্কৃতিক কর্মী আৰু গুণমুগ্ধ। জুবলী বৰুৱা, পার্থপ্রতিম গোস্বামী, তৰালী শৰ্মা, কুমাৰ ভৱেশ, জেপি দাস, ডাঃ হিতেশ বৰুৱা, দিলীপ শইকীয়া, বিজুলী কলিতা মেধিকে ধৰি বহুজনে শিল্পীগৰাকীৰ নশ্বৰ শৰীৰত পুষ্পমাল্য প্রদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে বিয়লি দুই বজালৈ শিল্পীগৰাকীৰ নশ্বৰ শৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে সেউজ সংঘৰ বাকৰিত ৰখা হয়। দুই বজাত পুনৰ তেওঁৰ বিদেহ শৰীৰ নৱগ্ৰহ শ্মশানলৈ শেষকৃত্যৰ বাবে লৈ যোৱা হয়। উল্লেখ্য যে শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে তেওঁৰ পদযুগল চিহ্ন সংগ্ৰহ কৰে ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে। নৱগ্রহ শ্মশানলৈ নিয়াৰ পিছত আনুষংগিক নীতি-নিয়মৰ মাজেৰে দীপক শৰ্মাৰ নশ্বৰ শৰীৰ চিতাত তুলি দিয়া হয়। চিতাত শিল্পীজনৰ নশ্বৰ শৰীৰত মুখাগ্নি কৰে পুত্ৰ প্ৰহৰ শৰ্মাই। তেওঁ নাবালক হৈ থকা হেতু সকলো কৰ্মাদি সমাপন কৰে দীপক শৰ্মাৰ ভতিজাক নিবিড় শর্মাই। আনহাতে চণ্ডাল ধৃতিমালা ডেকাই সহযোগী ললিত নাথৰ সহযোগত চিতাৰ কাম সমাপন কৰে। শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জনাবলৈ নৱগ্ৰহ শ্মশানতো বহু শিল্পী, সাংস্কৃতিক কর্মী, ৰাজনৈতিক নেতা আদি উপস্থিত হয়। মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ নৱগ্ৰহ শ্মশান তথা সেউজ সংঘৰ বাকৰিত বহু গুণমুগ্ধ উপস্থিত থাকে। তেওঁলোকৰ ভিতৰত আছে অদ্ভুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ, এজেৱাইচিপিৰ সভাপতি পলাশ চাংমাই, শিল্পী মাধুৰীমা চৌধুৰী আদিকে ধৰি বহু গণ্য-মান্য ব্যক্তি।
