পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গ

পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গ

ৰঙিলী বাৰ্ত্তাসেৱা-  চিৰ দিনৰ বাবে গুচি গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিত পঞ্চভূতত বিলীন হ’ল হার্টথ্রব জুবিন গাৰ্গ। প্রিয় ড্রেগন সাজযোৰেৰে চিৰবিদায় জুবিনৰ। ভগ্নী পমী বৰঠাকুৰ, ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ চিতাত মুখাগ্নি কৰে।ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ শ্রদ্ধাঞ্জলি জনোৱা হয় জুবিনক। ২১ জাঁই গান চেল্যুটেৰে শেষ বিদায় দিয়ে হিয়াৰ আমঠুগৰাকীক। অন্তিমবাৰৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। নিজ পুত্ৰলৈ অন্তিমবাৰৰ বাবে মৰম যাঁচিলে পিতৃয়ে। এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে প্ৰতিজন লোকৰে। সকলোৱে থিয় হৈ এই কৰুণ ক্ষণত শ্ৰদ্ধা নিবেদিলে সকলোৱে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত প্ৰতিজন সন্মানীয় ব্যক্তিয়ে জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু প্ৰধানমন্ত্ৰীৰ হৈ এই বিশেষ ক্ষণত উপস্থিত থাকে। জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কিৰেণ ৰিজিজুৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালসহ জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে শ্ৰদ্ধাঞ্জলি জনায়।ৰঙা চন্দন কাঠেৰে সৎকাৰ কৰা হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। মন্ত্ৰোচ্চাৰণ, গীতা পাঠ, ধৰ্মীয় ৰীতি-নীতিয়ে সম্পন্ন সমগ্ৰ প্ৰক্ৰিয়া।  শেষবাৰলৈ প্ৰিয় শিল্পীজনক চাবলৈ সোণাপুৰলৈ ওলাই আহিছে লক্ষ লক্ষ অনুৰাগী। গাইছে জুবিন গাৰ্গৰ প্ৰিয় গীতসমূহ। মহামানৱৰ বিদায় ক্ষণত প্ৰাণভৰি কান্দিছে অনুৰাগীয়ে। কিন্তু সকলোৰে দুখ বেদনাক আওকাণ কৰি পঞ্চভূতত বিলীন হৈ গ’ল জনতাৰ শিল্পী।