পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ ৷ বহু গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে নৱগ্ৰহ শ্মশানত শেষ বিদায় জনালে মৰমৰ অভিনেতা জয়ন্ত দাসক৷ দূৰদৰ্শন, ভিডিঅ’ ছবি, নাটক, অনাতাঁৰ, চলচ্চিত্ৰকে ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা জয়ন্ত দাসৰ মৃত্যুত শোকস্তব্ধ প্ৰতিগৰাকী অসমীয়া৷ শনিবাৰে নিশা ৮ বাজি ৪০ মিনিটত গুৱাহাটীৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে৷ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা জয়ন্ত দাসৰ নশ্বৰদেহ পোনে পোনে উজানবজাৰৰ নিজ বাসগৃহলৈ লৈ অহা হয় ৷ তাত প্ৰায় কেইবাশতাধিক লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অভিনেতাগৰাকীলৈ৷ তাৰ পিছতে ৰবীন্দ্ৰ ভৱন আৰু উজান বজাৰৰ এক প্ৰতিষ্ঠানে শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে ৷