অনুগল্প
পঞ্চপাণ্ডৱৰ বিলৈ
এছ. ইছলাম, বৰপেটা
সুমনৰ পাঁচটা ল’ৰা। তেওঁৰ মৃত্যু ৰ পিছত দেউতাকৰ সম্পতি ভাগবতৰা কৰোঁতে তৃতীয় ল’ৰাৰ মনোপুত হোৱা নাই।
—“তই আৰু একহাত বঢ়াই যা।”
—“মোৰ দেখোন একহাত কমিব। “
এই একহাত বঢ়োৱা-কমোৱা লৈ সিহঁতৰ মাজত নিত্য নৈমিত্তিক ঘটনাত পৰিণত হ’ল।
এদিন সিহঁত তিনিটাৰ মাজত হোৱা কাজিয়াৰ সাম কাটিলে। তৃতীয় ল’ৰাই দ্বিতীয় ল’ৰাৰ মূৰত লাঠিৰে মাৰিলে কোব। সি মাটিত ধুপুচ হৈ পৰিল।