পছৰীয়াত মেকআপৰ বিশেষ কৰ্মশালা

পছৰীয়াত মেকআপৰ বিশেষ কৰ্মশালা

শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ অন্তৰ্গত পছৰীয়াত মেকআপৰ বিশেষ তিনিদিনিয়া কৰ্মশালা খনৰ সামৰণি পৰে।কৰ্মশালাখনিত প্ৰায় ১৬ (ষোল্ল)গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে পছৰীয়াৰ বিশিষ্ট সমাজকৰ্মী নৃপেন ডেকা, টংকেশ্বৰ কলিতা, হৰিচন্দ্ৰ কলিতা,লগতে উপস্থিত থাকে উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য। মূখ্য প্ৰশিক্ষিকা ৰিংকুমনি দাসে কয় যে, ভৱিষ্যতে মেকআপৰ কৰ্মশালা কৰি বিভিন্ন ঠাইত লৰা- ছোৱালী সকলক উপকৃত কৰিব। সহঃ প্ৰশিক্ষিকা ৰিয়া কলিতাই নিজৰ প্ৰচেষ্টাৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলক আগুৱাই নি স্বাৱলম্বী হব পাৰিব বুলি মত ব্যক্ত কৰে। অনুষ্ঠানত বিশেষ ভাৱে সহায় কৰিছে শিখামনি ডেকাই। লগতে বিভিন্ন ব্যক্তি সকলো উপস্থিত থাকে। আত ধৰে জোন দাসে।