পখিলা খেদা বয়সত শয্যাগত অৱস্থাত খৈৰাবাৰী ঝাৰগাঁ‌ৱৰ কণমানি ৰাহুল দাস

পখিলা খেদা বয়সত শয্যাগত অৱস্থাত খৈৰাবাৰী ঝাৰগাঁ‌ৱৰ কণমানি ৰাহুল দাস

ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলা ৬৫ নং কলাইগাঁ‌ও বিধানসভা সমষ্টি তথা খৈৰাবাৰী থানা অন্তৰ্গত ঝাৰগাঁ‌ৱৰ নিবাসী বিপুল দাস আৰু ৰণু দাসৰ পুত্ৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নত কণমানি ৰাহুল দাস (৮) যোৱা এটা বছৰে দুৰাৰোগ্যত আক্ৰান্ত হৈ চল-বলিয়া দৌৰি ফুৰা শিশুটি বৰ্তমান মাতিব নোৱাৰা খোজ কাঢ়িব নোৱাৰা অৱস্থাত। পখিলা খেদা বয়সত শিশুটি বৰ্তমান শয্যাগত অৱস্থাত বিছনাত পৰি থাকিব লগিয়া হোৱা ঘটনাই সকলোৰে চকুলো বোৱাইছে। দুৰ্ভগীয়া পিতৃ মাতৃয়ে নিজ সন্তান ৰাহুলক আৰোগ্য কৰি তুলিবৰ বাবে বিভিন্ন চিকিৎসালয়ত ঘৰৰ সা-সম্পত্তি বিক্ৰি কৰি চিকিৎসা কৰাইছিল যদিও কনো সু-ফল নপোৱাত বৰ্তমান বিছনাখনে শেষ আশ্ৰয় হৈ পৰিছে। উন্নত চিকিৎসাৰ বাবে শিশুটিক বহিৰাজ্যলৈ নিবৰ কাৰণে হোৱা হৈছিল যদিও বৰ্তমান পিতৃ- মাতৃ অসমৰ্থ। সেয়েহে পিতৃ- মাতৃয়ে স্থানীয় জনপ্ৰতিনিধি কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায় দূৰ্গা দাস বড়ো আৰু বিটিচি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়োৰ ওচৰত সহায়ৰ হাত বিছাৰি কাকতী-মিনতি কৰিছিল যদিও কনো কান সাৰ নিদিয়াত অসহায় পিতৃ মাতৃ বৰ্তমান সম্পূৰ্ণ উপায়ন্তৰ হৈ পৰিছে। সেয়েহে শেষ আশ্বাস লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো দাঙৰীয়ালৈ কাতৰ অনুৰোধ জনাইছে যে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই শিশুটিক বহিৰাজ্যলৈ নি উন্নত চিকিৎসাৰে সুস্থ কৰি তুলি পৰিয়ালটোলৈ হাঁহি বিৰিঙাই যেন। লগতে আৰু কনোবা সদাসয় ব্যক্তিয়ে যদি কিছু পৰিমাণে আৰ্থিক সহায়ৰে শিশুটিক সুস্থ তোলাত অৰিহণা যোগাব বিছাৰে তেন্তে এই নম্বৰত যোগা-যোগ কৰিব পাৰে।
ফোন নংঃ- ৬০০৩৮৯০২৭৫
একাউণ্ট নংঃ- 39402207536
ifsc :- SBIN0007118